কনকলতা বৰুৱা
ভাৰতীয় মুক্তিযুদ্ধা ভাৰতীয় স্বাধীনতা সংগ্ৰামী / From Wikipedia, the free encyclopedia
কনকলতা বৰুৱা (ইংৰাজী: Kanaklata Barua) আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছৰ গুলিত তেওঁ শ্বহীদ হয়।[1] তেওঁ অসমৰ প্ৰথম মহিলা শ্বহীদ। তেওঁৰ নামেৰে ১৯৯৮ চনত অসমত কনকলতা মহিলা আৰবান কো-অ’পাৰেটিভ বেংক লিমিটেড বা চমুকৈ 'কনকলতা মহিলা বেংক' অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো মহিলা বেংক স্থাপিত হৈছিল।[2] অসম চৰকাৰে অসমৰ গ্ৰামাঞ্চলৰ মহিলাসকলৰ আত্মসহায়ক গোটসমূহক আৰ্থিক অনুদান প্ৰদান কৰি গোটসমূহৰ স্থিতি সবল কৰি তোলাৰ লগতে ঋণৰ চাহিদা হ্ৰাস কৰাত সাহায্য প্ৰদান কৰাৰ লক্ষ্য আগত ৰাখি কনকলতা বৰুৱাৰ নামেৰে 'কনকলতা মহিলা সবলীকৰণ যোজনা' নামৰ এক দৰিদ্ৰতা দূৰীকৰণ আঁচনি ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা কাৰ্যকৰী কৰে।[3][4] তেওঁক বীৰবালা আখ্যা দিয়া হয়।[5]
ক্ষিপ্ৰ তথ্য কনকলতা বৰুৱা, জন্ম ...
কনকলতা বৰুৱা | |
---|---|
কনকলতাৰ প্ৰস্তৰ মূৰ্তি, বৰঙাবাৰী | |
জন্ম | ২২ ডিচেম্বৰ, ১৯২৪ বৰঙাবাৰী, গহপুৰ, দৰং জিলা (বৰ্তমান শোণিতপুৰ জিলা) |
মৃত্যু | ২০ ছেপ্টেম্বৰ, ১৯৪২ গহপুৰ থানাৰ প্ৰাঙ্গন, গহপুৰ |
বংশদ্ভূত | অসমীয়া |
জনা যায় | প্ৰথম মহিলা শ্বহীদ |
ৰাজনৈতিক আন্দোলন | ভাৰতীয় স্বাধীনতা আন্দোলন |
বন্ধ কৰক