![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/85/3rd_or_4th_century_CE_Kamasutra%252C_Vatsyayana%252C_13th-century_Jayamangala_commentary_of_Yashodhara%252C_Bendall_purchase_1885CE_in_Nepal%252C_Sanskrit%252C_Devanagari.jpg/640px-3rd_or_4th_century_CE_Kamasutra%252C_Vatsyayana%252C_13th-century_Jayamangala_commentary_of_Yashodhara%252C_Bendall_purchase_1885CE_in_Nepal%252C_Sanskrit%252C_Devanagari.jpg&w=640&q=50)
কামসূত্ৰ
From Wikipedia, the free encyclopedia
কামসূত্ৰ (হিন্দী: कामसूत्र; আক্ষৰিক: 'কামনাৰ নীতি') হৈছে এক প্ৰাচীন ভাৰতীয় হিন্দু[1][2] সংস্কৃত গ্ৰন্থ। ইয়াৰ বিষয়বস্তু হৈছে মানৱ জীৱনৰ যৌনতা, কামোদ্দীপনা আৰু আৱেগিক পৰিপূৰ্ণতা। [3][4][5] ইয়াৰ ৰচয়িতা হৈছে বাৎসায়ন। [6] কামসূত্ৰ বিষয়ক আটাইতকৈ প্ৰাচীন গ্ৰন্থখন অভিৰা ৰাজ্যত ৰচনা কৰা হৈছিল।[7] কামসূত্ৰ একচেটিয়াভাৱে কেৱল যৌন ভংগিমা বিষয়ক নিয়মাৱলী নহয়। [3] ইয়াত ভালদৰে জীৱন-যাপন কৰাৰ কলা, প্ৰেমৰ প্ৰকৃতি, জীৱন সংগীৰ সন্ধান, নিজৰ জীৱনৰ প্ৰেমৰ দিশটো বজাই ৰখা আৰু মানৱ জীৱনৰ আনন্দমুখিতা সম্পৰ্কীয় অন্যান্য দিশবোৰো সামৰি লোৱা হৈছে। [3][8][9] কামসূত্ৰ হৈছে বিভিন্ন ব্যাখ্যা আৰু ভাষ্যৰ সৈতে সংক্ষিপ্ত পদত নিবন্ধিত আধুনিক যুগতো বৰ্তি থকা এক সূত্ৰ ধাৰাৰ গ্ৰন্থ। গ্ৰন্থখন গদ্য আৰু অনুস্তুভ-অক্ষৰৰ কাব্যিক শ্লোকৰ মিশ্ৰণ। ই হিন্দুধৰ্মৰ পুৰুষাৰ্থৰ ধাৰণাক মান্যতা দিয়াৰ লগতে আকাংক্ষা, যৌনতা আৰু আৱেগিক পৰিপূৰ্ণতাক জীৱনৰ এক সঠিক লক্ষ্য হিচাপে তালিকাভুক্ত কৰিছে। ইয়াৰ অধ্যায়বোৰত প্ৰেমৰ পদ্ধতি, সামাজিক দিশেৰে জড়িত হ’বলৈ কলাৰ প্ৰশিক্ষণ, সঙ্গীৰ সন্ধান, ৰমন্যাস, বিবাহিত জীৱনত ক্ষমতা বজাই ৰখা, ব্যভিচাৰ, যৌন ভংগিমা আৰু অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। [10] গ্ৰন্থখনৰ অধিকাংশই প্ৰেমৰ দৰ্শন আৰু তত্ত্ব। আকাংক্ষাক উদ্দীপিত কৰা আৰু ইয়াক বাহাল ৰখাৰ কাৰকৰ লগতে এইসমূহ কেতিয়া আৰু কেনেকৈ ভাল বা বেয়া হয় এই বিষয়ে বৰ্ণনা কৰা হৈছে।[11][12]
কামসূত্ৰ | |
---|---|
![]() | |
লেখক | বাৎসায়ন |
শিৰোনাম | कामसूत्र |
অনুবাদক | বিভিন্ন |
দেশ | ভাৰত |
ভাষা | সংস্কৃত |
বিষয় | ভালদৰে জীৱন-যাপন কৰাৰ কলা, প্ৰেমৰ প্ৰকৃতি, জীৱন সংগীৰ সন্ধান, নিজৰ জীৱনৰ প্ৰেমৰ দিশটো বজাই ৰখা আৰু মানৱ জীৱনৰ আনন্দমুখিতা সম্পৰ্কীয় অন্যান্য দিশ |
প্ৰকাৰ | সূত্ৰ |
ইংৰাজীত প্ৰকাশ |
১৮৮৩ |
এই পুথিখন ভাৰতীয় কামশাস্ত্ৰসমূহৰ অন্যতম।[13] ভাৰতীয় ভাষাৰ লগতে আন ভাষালৈ বহুলভাৱে অনূদিত গ্ৰন্থসমূহৰ ভিতৰতো ই অন্যতম। কামসূত্ৰই খ্ৰীষ্টিয় চতুৰ্থ শতিকাৰ পিছৰ পৰা ভালেসংখ্যক পুথি আৰু হিন্দু মন্দিৰৰ অলংকৰণ তথা ভাস্কৰ্যক প্ৰভাৱিত কৰিছে। ইয়াৰে ভিতৰত মধ্যপ্ৰদেশৰ খাজুৰাহোৰ ভাস্কৰ্যসমূহে ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা লাভ কৰিছে। [14] উত্তৰ ভাৰতত এতিয়ালৈকে বৰ্তি থকা মন্দিৰসমূহৰ ভিতৰত ৰাজস্থানৰ এটা মন্দিৰত কামসূত্ৰৰ আটাইবোৰ প্ৰধান অধ্যায় আৰু যৌন ভংগিমা চিত্ৰায়িত কৰা হৈছে।[15] ৱেণ্ডি ডোনিগাৰৰ মতে ১৮৮৩ চনত ৰিচাৰ্ড বাৰ্টনে গ্ৰন্থখনৰ ইংৰাজী অনুবাদ প্ৰকাশ কৰাৰ পিছত ই ইংৰাজী ভাষাৰ সৰ্বাধিক ‘পাইৰেটেড’ গ্ৰন্থৰ অন্যতম হৈ পৰে। অৱশ্যে বাৰ্টনৰ সংস্কৰণটো ১৯ শতিকাৰ ভিক্টোৰিয়ান ধাৰাৰ মনঃপুত হোৱাকৈ ভগৱানলাল ইন্দ্ৰজিৎ আৰু শিৱৰাম পৰশুৰাম ভীড়েই কৰা অনুবাদৰ পৰিৱৰ্দ্ধিত সংস্কৰণ হোৱাৰ বাবে উক্ত সংস্কৰণটোৱে মূল কামসূত্ৰক সঠিককৈ প্ৰতিফলিত কৰা নাই।[16]