![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/72/Har-ki-Pauri_during_Kavad_Mela%252C_Haridwar.jpg/640px-Har-ki-Pauri_during_Kavad_Mela%252C_Haridwar.jpg&w=640&q=50)
কাৱঁড় যাত্ৰা
শিৱভক্ত সকলৰ বছেৰেকীয়া তীৰ্থযাত্ৰা / From Wikipedia, the free encyclopedia
কাৱঁড় যাত্ৰা শিৱভক্ত সকলৰ বছেৰেকীয়া তীৰ্থযাত্ৰা। এই তীৰ্থযাত্ৰী সকলক কাৱঁড়ীয়া বা ভোলে বোলে। তেওঁলোকে উত্তৰাখণ্ডৰ হৰিদ্বাৰ, গৌমুখ, গংগোত্ৰী আৰু বিহাৰৰ চুলতানগঞ্জলৈ পৱিত্ৰ গংগা নদীৰ পানী আনিবলৈ যায়। লাখ লাখ ভক্তয়ে গংগাৰ পৱিত্ৰ পানী বহু দূৰ কঢ়িয়াই স্থানীয় শিৱ মন্দিৰ বা বিশেষ মন্দিৰ যেনে মীৰটৰ পুৰা মহাদেৱ আৰু ঔঘৰনাথ আৰু কাশী বিশ্বনাথ, বৈদনাথ আৰু ঝাৰখণ্ডৰ দেওঘৰত জলাবিশেষ কৰে।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/7/72/Har-ki-Pauri_during_Kavad_Mela%2C_Haridwar.jpg/640px-Har-ki-Pauri_during_Kavad_Mela%2C_Haridwar.jpg)
ধৰ্মীয় ৰীতিৰে পৱিত্ৰ উৎসৰ পানী কান্ধৰ ভাৰৰ দুয়োফালে ওলমাই যাত্ৰা কৰা সকলক কাৱঁড় বোলে।[1] আৰম্ভণিতে এই যাত্ৰা সীমিত লোকৰ মাজত সীমাবদ্ধ আছিল। ১৯৮০ৰ দশকৰ শেষৰ ফালে এই যাত্ৰায়ে জনপ্ৰিয়তা অৰ্জন কৰে।[2] বৰ্তমান হৰিদ্বাৰৰ কাৱঁড় যাত্ৰায়ে ভাৰতৰ অন্যতম বৃহৎ ভক্তৰ সমাগম হোৱা ঠাইত পৰিগণিত হৈছে। বৰ্তমান এই উৎসৱ গোটেই ভাৰততে জনপ্ৰিয় হৈ পৰিছে।[3]