কুম্ভ (সংস্কৃত: कुम्भ ) ভাৰতৰ এক প্ৰকাৰৰ মৃৎশিল্প । পৰম্পৰাগতভাৱে ইয়াক কুম্ভৰসকলে তৈয়াৰ কৰে, যাক প্ৰজাপতি স বুলিও কোৱা হয়।

ক্ষিপ্ৰ তথ্য কুম্ভ ...
কুম্ভ
Thumb
এটা কুম্ভৰ সৈতে দেৱী গংগা
বন্ধ কৰক

হিন্দু, জৈন আৰু বৌদ্ধ পৌৰাণিক আখ্যানৰ প্ৰেক্ষাপটত, কুম্ভ গৰ্ভৰ প্ৰতীক। ই মানুহৰ উৰ্বৰতা, জীৱন, মানুহৰ উৎপাদনশীল শক্তি আৰু জীৱিকাক প্ৰতিনিধিত্ব কৰে আৰু সাধাৰণতে দেৱী, বিশেষকৈ গংগাৰ সৈতে জড়িত। [1] দেৱী গংগাক প্ৰায়ে কুম্ভ লৈ থকা অৱস্থাত চিত্ৰিত কৰা হয়। সমুদ্ৰ মন্থনত উদ্ভৱ হোৱা অমৃত ধনন্তৰিৰ হাতত কুম্ভত দেখা যায়।

পৌৰাণিক উৎপত্তি

হিন্দু পৌৰাণিক আখ্যান অনুসৰি শিৱৰ বিবাহ উপলক্ষে প্ৰজাপতিয়ে প্ৰথম কুম্ভ সৃষ্টি কৰিছিল, গতিকে তেওঁ প্ৰথমটো কুম্ভৰ "কুম্ভৰ" আছিল।[2][3] আন এটা আখ্যানত কোৱা হৈছে যে প্ৰথম অমৃত সঞ্চাৰৰ বাবে সাগৰ মন্থন উপলক্ষে বিশ্বকৰ্মাই প্ৰথম এই পাত্ৰটো সৃষ্টি কৰিছিল ৷ পিছত কুম্ভত অমৃত লৈ সমুদ্ৰৰ পৰা ধনন্তৰিৰ আৱিৰ্ভাৱ হয়।

হিন্দু পৌৰাণিক আখ্যান আৰু শাস্ত্ৰত, কুম্ভৰ পৰা জন্ম হোৱা মানুহৰ কেইবাটাও উল্লেখ পোৱা যায়। এটা কিংবদন্তিত কোৱা হৈছে যে ঋষি অগস্ত্যৰ জন্ম হৈছিল এক কুম্ভৰ পৰা। ঋগ বৈদিক সপ্তৰ্ষিসকলৰ ভিতৰত অন্যতম পুলস্ত্য তেওঁৰ পিতৃ। তেওঁৰ অলৌকিক ৰ্জন্ম বৰুণ আৰু মিত্ৰ দেৱতাই কৰা যজ্ঞৰ পিছত হয়। এই যজ্ঞত স্বৰ্গীয় অপ্সৰা উৰ্বশীৰ আবিৰ্ভাৱ হয়। তেওঁৰ অসাধাৰণ যৌনতাত তেওঁলোক আপ্লুত হৈ পৰে, আৰু দুয়োৰে বীর্যপাত ঘটে। তেওঁলোকৰ বীৰ্য্য এক মাটিৰ কলহ বা কুম্ভত পৰে, ইয়াতেই অগস্ত্যৰ ভ্ৰুণ অংকুৰিত হয়। এই কুম্ভৰ পৰাই তেওঁৰ জন্ম হয়। কিছুমান পৌৰাণিক কাহিনীত তেওঁৰ যমজ ঋষি বশিষ্ঠৰ সৈতে তেওঁ একেলগে ওপজে।[4] এই পৌৰাণিক আখ্যানে তেওঁক কুম্ভযোনি নাম দিয়ে, যাৰ আক্ষৰিক অৰ্থ হৈছে "যিজনৰ গৰ্ভ মাটিৰ পাত্ৰ আছিল"।[5][6]


কেইবাটাও ধৰ্মীয় অনুষ্ঠান আৰু পাৰ্বনত পানী আৰু পাতেৰে ভৰা আৰু জটিল আৰ্হিৰে সজাই তোলা কুম্ভ বা কলচীয়ে প্ৰাচীন ভাৰতত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ৰীতি-নীতি ভাৰতত এতিয়াও জীয়াই আছে।

হিন্দু জ্যোতিষত, কুম্ভৰ অৰ্থ হৈছে কুম্ভ ৰাশি আৰু ইয়াত ২টা গুৰুত্বপূৰ্ণ গ্ৰহ অৰ্থাৎ (শনি আৰু ৰাহু) শাসিত হয়। কুম্ভৰ সৈতে কুম্ভ মেলাৰো সম্পৰ্ক আছে, এই সময়ত বৃহস্পতি গ্ৰহ কুম্ভ ৰাশিলৈ গতি কৰে।

হিন্দু মহাকাব্য ৰামায়ণত ৰাৱণৰ ভাতৃ কুম্ভকৰ্ণৰ কুম্ভ নামৰ এজন পুত্ৰ জন্ম হৈছিল, যাক সুগ্ৰীয়ে বধ কৰিছিল।

হিন্দু ধৰ্মত ব্যৱহাৰ

হিন্দু ধৰ্মৰ ভিভিন্ন ধৰ্মীয় অনুষ্ঠান, বিবাহ, পূজা আদিত আমপাত, কেঁ‌চা সূতা বা ৰঙা কাপোৰ আৰু নাৰিকলৰ সৈতে কুম্ভ সজোৱা হয়। কোনো অনুষ্ঠানলৈ আদৰণি হিচাপেও ইয়াক প্ৰৱেশপথৰ দাঁ‌তিত ৰখা হয়। ইয়াক কোৱা হয় পূৰ্ণকুম্ভ বা ঘট। কেতিয়াবা পূজাত মূৰ্তিৰ সলনি কুম্ভ স্থাপন কৰা হয় আৰু ইয়াক উপাস্য দেৱতাৰ ৰূপ বুলি মনা হয়। কেতিয়াবা ইয়াত স্বস্তিক চিহ্নও অংকন কৰা হয়। ভাৰতীয় স্থাপত্যত কুম্ভ বা কলহৰ এক বিশেষ স্থান আছে। সময়ৰ লগে লগে বৃত্তিসমূহ উপাধিলৈ পৰিণত হয় যেনে কুম্ভই অন্ধ্ৰ প্ৰদেশৰ য়েৰুকালা নামৰ অনুসূচীত জনজাতি সম্প্ৰদায়ৰ এটা উপাধিক বুজায়।

জৈন আৰু বৌদ্ধ ধৰ্মত

জৈন আৰু বৌদ্ধ ধৰ্মতো কুম্ভৰ যথেষ্ট গুৰুত্ব আছে। বিভিন্ন ধৰ্মীয় অনুষ্ঠানত কুম্ভৰ ব্যৱহাৰ হয়।

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.