কৃষি
দরকারী পণ্য সরবরাহ করার জন্য উদ্ভিদ এবং প্রাণীর চাষ / From Wikipedia, the free encyclopedia
কৃষি হ'ল জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় জীৱ-জন্তু, পক্ষী, উদ্ভিদ তথা অন্যান্য জীৱ ভিত্তিক খাদ্য নাইবা পণ্যৰ উৎপাদন প্ৰণালী। ইয়াক খেতি বুলিও কোৱা হয়। কৃষি আদিম মানৱ সভ্যতাৰ বিকাশৰ এক চালিকা শক্তি। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বিভিন্ন বন্য জীৱ প্ৰজাতিৰ ঘৰচীয়াকৰণ আৰু খেতিয়ে সৃষ্টি কৰা খাদ্য-শস্য-পণ্যৰ ৰাহিয়ে সভ্যতাৰ বিকাশত সাৰপানী দিছিল। কৃষিৰ বিজ্ঞানসন্মত অধ্যয়ন তথা গৱেষণা বিদ্যাৰ সুঁতিটোক কৃষি বিজ্ঞান বোলা হয়।
কৃষিকাৰ্য বা কৃষি মানবজাতিৰ আদিমতম পেচা হিচাপে চিহ্নিত। মানুহৰ জীবনধাৰণৰ বাবে শষ্য উৎপাদন বা গৃহপালিত পশু ৰক্ষণাবেক্ষণৰ বাবে যথোচিত খাদ্য আৰু প্ৰয়োজনীয় কেঁচামাল উৎপাদন আৰু সৰবৰাহৰ লগতে অন্য বহু উদ্দেশ্যত প্ৰতিপালনৰ অৰ্থে কৃষিকাৰ্য কৰা হয়। কৃষি কাৰ্য কৰাজনক কৃষক বোলে।
কৃষিকাৰ্যৰ ইতিহাস হাজাৰ হাজাৰ বছৰ পুৰণি। আধুনিক কালত কৃষিৰ উন্নয়ন আৰু উত্তৰণ বহুমুখী জলবায়ু, সংস্কৃতি আৰু উন্নত প্ৰযুক্তি ব্যৱহাৰৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। সকলো ধৰণৰ কৃষিকাৰ্যত উপযুক্ত কলা-কৌশল প্ৰয়োগ আৰু ভূমিৰ উপযুক্ততা নিৰূপণপূৰ্বক ব্যৱহাৰ উপযোগী উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰয়োজন সাপেক্ষে উৎপাাাদন বৃদ্ধিৰ বাবে সময়ে সময়ে প্ৰয়োজনীয় জলসিঞ্চন কৰিবলগীয়া হয়।
কৃষিজাত সামগ্ৰী বৃদ্ধিৰ বাবে আধুনিক কালত কীটনাশক, উদ্ভিদৰ পৰাগণ, সাৰ প্ৰয়োগ আৰু প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান উন্নয়নৰ মাজেৰে ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ প্ৰয়াস চালোৱা হৈছে। ফলত, পৰিৱেশৰ ভাৰসাম্যহীনতাসহ জীববৈচিত্ৰ্যৰ ধ্বংস যজ্ঞ দ্ৰুত হাৰে বৃদ্ধি পাইছে আৰু মানব স্বাস্থ্যৰ ওপৰ নেতিবাচক আৰু বিৰূপ প্ৰভাব পৰিছে।[1]