কোৱাণ্টাম ডট্
From Wikipedia, the free encyclopedia
কোৱাণ্টাম ডট (ইংৰাজী: Quantum dot) এনে এক বিশেষ আকাৰত থকা পদাৰ্থ (প্ৰধানতঃ অৰ্ধপৰিবাহী) য’ত এক্সাইট’ন (exciton) (এযোৰ ইলেক্ট্ৰন আৰু হ’ল) তিনিওটা দিশৰ পৰাই আৱদ্ধ হৈ থাকে। এই কোৱাণ্টাম ডটবোৰৰ ধৰ্ম সেই পদাৰ্থবিধৰ আনবিক অবস্থা আৰু স্থূল অৱস্থাৰ ধৰ্মৰ মাজত থাকে।[1][2][3][4] ১৯৮০ চনৰ আৰম্ভণিতে আলেক্সেই একিমোভ (Alexei Ekimov)এ কাঁচ মেট্ৰিস্কত[5] আৰু লুইচ ই ব্ৰুচে তৰলত দ্ৰৱীভূত অৱস্থাত কোৱাণ্টাম ডট আৱিষ্কাৰ কৰিছিল। এই বিশেষ অৱস্থাত থকা পদাৰ্থক কোৱাণ্টাম ডট বুলি নামকৰণ কৰিছিল পদাৰ্থবিদ মাৰ্ক ৰিডে[6]।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/9/99/QD_S.jpg/165px-QD_S.jpg)
গৱেষকসকলে ট্ৰেন্জিষ্টৰ, সৌৰ চেল (Solar cell), ডায়ড লেজাৰ আদিত কোৱাণ্টাম ডট ব্যৱহাৰ কৰিছে। চিকিৎসা বিজ্ঞানৰ বিভিন্ন স্তৰত মেডিকেল ইমেজিং আৰু কোৱাণ্টাম কম্পিউটিংত কিউবিট হিচাপেও কোৱাণ্টাম ডট ব্যৱহাৰ হৈছে।
কোৱাণ্টাম ডট এনে কিছুমান অৰ্ধপৰিবাহী যাৰ ইলেক্ট্ৰনিক লক্ষণসমূহ ইহঁতৰ আকাৰ আৰু আকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে কোৱাণ্টাম ডটৰ আকাৰ যিমানেই সৰু হয়, ইয়াৰ পটি পাৰ্থক্য সিমানেই বেছি হয়। এই পটি পাৰ্থক্য যিমানেই বেছি হয়, কোনো এটা ইলেক্ট্ৰনক যোজ্যতা পটিৰ পৰা পৰিবহণ পটিলৈ নিবলৈ সিমানেই বেছি শক্তিৰ প্ৰয়োজন হয় আৰু যেতিয়া ডটটোৱে পুনৰ নিম্নতম শক্তিৰ অৱস্থালৈ আহে, তেতিয়া তাৰপৰা বেছি শক্তিসম্পন্ন ফ’টন নিৰ্গত হয়।[7]