ক্লৱি ঝাও
From Wikipedia, the free encyclopedia
ক্লৱি ঝাও (ইংৰাজী: Chloé Zhao), জন্ম-৩১ মাৰ্চ, ১৯৮২)[2] হৈছে এগৰাকী চীনা[1] ছবি-নিৰ্মাতা। আমেৰিকান স্বাধীন ছবিলৈ (Independent Films) আগবঢ়োৱা বৰঙণিৰ বাবে তেখেত জনাজাত।
ক্লৱি ঝাও | |
---|---|
২০১৫ চনত ঝাও | |
জন্ম | ঝাও টিং (Zhào Ting) ৩১ মাৰ্চ, ১৯৮২ (৪২ বছৰ) বেইজিং, চীন |
ৰাষ্ট্ৰীয়তা | চীনা[1] |
শিক্ষা |
|
পেচা | ছবি নিৰ্মাতা |
সক্ৰিয় হৈ থকা সময় | ২০০৮–বৰ্তমান |
উল্লেখযোগ্য কৰ্ম | নৌমেডলেণ্ড (২০২০) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | অ'স্কাৰ, বাফটা, গোল্ডেন গ্লোব |
ক্লৱিৰ প্ৰথমখন কাহিনী-ছবি আছিল Songs My Brothers Taught Me। ছবিখনে ২০১৫ চনত মুক্তিলাভ কৰিছিল আৰু ছানডান্স ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছিল। ছবিখনে সমালোচকৰ পৰা প্ৰশংসা আদায় কৰিবলৈ সক্ষম হয় আৰু শ্ৰেষ্ঠ ছবিৰ বাবে Independent Spirit বঁটাৰ মনোনয়নো লাভ কৰে। তেখেতৰ দ্বিতীয়খন ছবি মুক্তি হয় ২০১৭ চনত। নাম আছিল দ্য ৰাইডাৰ (The Rider,2017)। এইখন ছবিও কলা-সমালোচকৰ মহলত চৰ্চিত হয় আৰু শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ পৰিচালকৰ শিতানত "ইণ্ডিপেণ্ডেণ্ট স্পিৰিট" বঁটাৰ বাবে মনোনীত হয়।
২০২০ চনত মুক্তিলাভ কৰা ইংৰাজী ভাষাৰ ছবি নৌমেডলেণ্ডৰ জৰিয়তে ক্লৱি অভাৱনীয় সাফল্য অৰ্জন কৰে। এই ছবিখনে গোলকীয় পৰ্যায়ত সমাদৰ আৰু পৰিচিতি লাভ কৰাৰ লগতে বহুকেইটা সন্মানীয় বঁটাও অৰ্জন কৰিবলৈ সক্ষম হয়। তাৰে ভিতৰত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ অ'স্কাৰকে ধৰি গোল্ডেন লায়ন, গোল্ডেল গ্লোব, বাফটা আদি লাভ কৰে। তেখেতে হৈছে শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ লাভ কৰা দ্বিতীয়গৰাকী মহিলা চলচ্চিত্ৰ-নিৰ্মাতা।[3][4] ইয়াৰ পূৰ্বতে আমেৰিকান ছবিনিৰ্মাতা কেথৰিন বিগলোৱে[5]হাৰ্ট লকাৰ (২০১০) ছবিখনৰ বাবে ৮২ তম একাডেমী অনুষ্ঠানত শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ অৰ্জন কৰিছিল।[6] আনহাতে এইটো শিতানত অ'স্কাৰ অৰ্জন কৰা তেখেতে হৈছে প্ৰথমগৰাকী এছিয়ান নাৰী।[7]
ঝাওৰ অ'স্কাৰ বিজয় চীন দেশত আৰু দেশখনৰ ছ'ছিয়েল মিডিয়াত চেঞ্চৰ কৰি দিয়া হয়।[8]
ঝাওৱে "মাৰ্ভেল ছিনেমেটিক ইউনিভাৰ্ছ"ৰ প্ৰযোজনাত ছুপাৰহিৰো ছবি ইটাৰনেলছ্ পৰিচালনা কৰিছে।[1] ছবিখনে ২০২১ চনৰ নৱেম্বৰত মুক্তি লাভ কৰিব।[1]