খান আব্দুল গফ্ফৰ খান
পাছতুন ৰাজনীতিবিদ আৰু ধৰ্মীয় নেতা / From Wikipedia, the free encyclopedia
খান আব্দুল গফুৰ খান(ইংৰাজী: Khan Abdul Ghaffar Khan, পেছত':خان عبدالغفار خان সান আব্দুল-গ়াফ়্ফ়াৰ সান) (১৮৯০-১৯৮৮) আছিল এজন পাছতুন ৰাজনীতিবিদ আৰু ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অহিংসা আন্দোলনত ভাগ লোৱা এজন ধৰ্মীয় নেতা। তেখেতে ১৯৪২ চনৰ আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণকাৰী আছিল। তেখেতে আজীৱন অহিংসাৰ পথত চলা ধাৰ্মিক মুছলমান আছিল আৰু মহাত্মা গান্ধীৰ নিকট বন্ধু আছিল।[1] তেখেতক ফকৰ-এ-আফগান (আফগানৰ গৌৰৱ), বাদশ্বাহ খান (ৰজা খান) আৰু ছৰহদী গান্ধী (সীমান্তৰ গান্ধী) উপাধিৰেও জনা গৈছিল। ১৯৮৭ চনত ভাৰতৰ নাগৰিকত্ব নথকাকৈয়ে তেখেতক সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত-ৰত্নৰে বিভূষিত কৰা হয়।[2]
ক্ষিপ্ৰ তথ্য খান আব্দুল গফুৰ খান, জন্ম ...
খান আব্দুল গফুৰ খান | |
---|---|
১৯৪০ চনত তোলা খানৰ ছবি | |
জন্ম | ১৮৯০ হাশ্ব্তনগৰ, উতমানজায়, চাৰ্চাদ্দা, উত্তৰ-পশ্চিম সীমান্তৰ প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমান পাকিস্তান) |
মৃত্যু | ১৯৮৮ (বয়স ৯৭–৯৮) পেছোৱাৰ, সেবাৰ-পুসতুনসোৱা |
সমাধিস্থল | জালালাবাদ, আফগানিস্থান |
অন্য নাম | বাদছাহ খান, বাছা খান, স্বৰ্হাদি গান্ধী, ফক্কৰ-ই-আফগান |
সংস্থা | সুদাই সিদ্মত্গাৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ, ৰাষ্ট্ৰীয় আৱামী পাৰ্টি |
ৰাজনৈতিক আন্দোলন | ভাৰতীয় স্বাধীনতা আন্দোলন |
ধৰ্ম | ইছলাম |
বন্ধ কৰক