From Wikipedia, the free encyclopedia
খান একাডেমী হৈছে ২০০৮ চনত বাংলাদেশী মূলৰ আমেৰিকান নাগৰিক ছলমান খানে ছাত্ৰ-ছাত্ৰীসকলক অনলাইনযোগে শিক্ষাপ্ৰদানৰ বাবে প্ৰতিষ্ঠা কৰা এটা অলাভজনক[7] শিক্ষা সংস্থা।[8] সংস্থাটোৱে সংক্ষিপ্ত ভিডিঅ'ৰ ৰূপত বিভিন্ন বিষয়ৰ শিক্ষাদান কৰে।[9] খান একাডেমীৰ ৱেবছাইটটোত অনুশীলনীৰ বাবে প্ৰশ্ন আৰু পঠনসামগ্ৰীও উপলব্ধ আছে। এই ৱেবচাইটটোলৈ যোৱা প্ৰতিজন লোকে ইয়াত থকা আটাইখিনি সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে। ৱেবচাইটটো আৰু ইয়াৰ বিষয়বস্তুসমূহ মূলতঃ ইংৰাজী ভাষাতে উপলব্ধ যদিও এতিয়া স্পেনিছ, পৰ্টুগীজ, হিব্ৰু, ইটালীয়, ৰাছিয়ান, চীনা, টুৰ্কীছ, ফৰাচী, বঙালী, হিন্দী, জৰ্জিয়ান, জাৰ্মান আদিকে ধৰি আন বহু ভাষাতো ইয়াক ব্যৱহাৰ কৰিব পৰা যায়।
প্ৰতিষ্ঠাপক | ছলমান খান |
---|---|
প্ৰতিষ্ঠা | ছেপ্টেম্বৰ ২০০৮ |
স্থান | মাউণ্টেইন ভিউ, কেলিফ'ৰ্ণিয়া |
মুখ্য ব্যক্তি | ছলমান খান (Founder and CEO) |
সেৱাসমূহ | ই-শিক্ষা, শিক্ষা |
ৰাজহ | $৪৪.৮২৩ নিযুত (২০১৬) |
কৰ্মচাৰী | ১৮০ (২০১৬) |
ম'ট' | A free, world-class education for anyone, anywhere. |
ৱেবচাইট | www |
References: [1][2][3][4][5][6] |
প্ৰতিষ্ঠাপক ছলমান খানে তেওঁৰ সম্পৰ্কীয় ভনী এজনীক ইণ্টাৰনেটৰ Yahoo! Doodle Images-ৰ সহায় লৈ গণিত পঢ়াবৰ সময়তে খান একাডেমীৰ বীজ ৰোপণ হৈছিল।[10] কিছুদিনৰ পিছত আন এগৰাকী সম্পৰ্কীয়য়ো তেওঁৰ শিক্ষাদানৰ সহায় ল'লে। এনে আগ্ৰহ দেখি ছলমানে তেওঁৰ ভিডিঅ'সমূহ ইণ্টাৰনেটত উপলব্ধ কৰাৰ সিদ্ধান্ত ল'লে আৰু ভিডিঅ'কেইটা ইউটিউবত আপলোড দিলে।[11] পিছলৈ তেওঁ SmoothDraw নামৰ অংকন এপ্লিকেশ্বন এটাৰ সহায় লৈছিল। এতিয়া ArtRageৰ সহায়ত তেওঁ এটা ৱালকম টেবলেটেৰে বিষয়সমূহ ব্যাখ্যা কৰে। লগতে কম্পিউটাৰৰ জৰিয়তে তেওঁৰ কথাখিনি ৰেকৰ্ড কৰে।[12]
তেওঁৰ ভিডিঅ'সমূহে যথেষ্ট ভাল সঁহাৰি লাভ কৰা দেখি ২০০৯ চনত তেওঁ নিজৰ চাকৰি ত্যাগ কৰাৰ সিদ্ধান্ত ল'লে আৰু সম্পূৰ্ণৰূপে ভিডিঅ' প্ৰস্তুত কৰাত মনোনিৱেশ কৰিবলৈ ল'লে(ইয়াৰ পিছতে তেওঁ ইয়াক খান একাডেমী নাম দিলে)।[13] ২০১৪ চনৰ ১৫ ছেপ্টেম্বৰত খান একাডেমীৰ সহযোগত ছলমান খানে কেলিফ'ৰ্ণিয়াৰ মাউণ্টেইন ভিউত "খান লেব স্কুল" নামৰ এখন স্কুল প্ৰতিষ্ঠা কৰে।[14] ২০১৭ চনৰ জুনত মহাবিদ্যালয়ৰ স্নাতক শিক্ষাৰ্থী, চাকৰি-সন্ধানী আৰু যুৱ বৃত্তিয়ালসকলৰ উদ্দেশ্য আগত ৰাখি খান একাডেমীয়ে "ফাইনেন্সিয়েল লিটাৰেছি ভিডিঅ' ছিৰিজ" মুকলি কৰে।
খান একাডেমী 501(c)(3)ৰ অধীনৰ এটা অলাভজনক সংস্থা।[15] মূলতঃ দেশহিতৈষী সংগঠনসমূহৰ দান-বৰঙনিৰ যোগেৰে খান একাডেমী পৰিচালিত হয়। প্ৰজেক্ট ১০১০০ প্ৰগ্ৰেমৰ অংশস্বৰূপে নতুন ক'ৰ্ছ প্ৰস্তুত কৰিবলৈ আৰু আন ভাষালৈ বিষয়বস্তুসমূহ অনুবাদ কৰিবলৈ ২০১০ চনত গুগলে খান একাডেমীক $২ নিযুত প্ৰদান কৰিছিল।[16] ২০১৩ চনত মেক্সিকোৰ কাৰ্লোছ শ্লিম ফাউণ্ডেছনৰ কাৰ্লোছ শ্লিমে ভিডিঅ'বোৰ স্পেনিছ ভাষাতো নিৰ্মাণ কৰিবলৈ বৰঙনি আগবঢ়াইছিল।[17] ২০১৫ চনত খান একাডেমীৰ পঠনসামগ্ৰীসমূহ এপৰ জৰিয়তে ম'বাইলত ব্যৱহাৰোপযোগীকৈ আগবঢ়াবৰ বাবে এটি এণ্ড্ টিয়ে (AT&T) বৰঙনি দিছিল।[18] আমেৰিকান অভ্যন্তৰীণ ৰাজহ বিভাগত খান একাডেমীয়ে দাখিল কৰা তথ্য অনুসৰি ২০১৫ বৰ্ষত ছল খানৰ বাৰ্ষিক দৰমহা আছিল $৮০০,০০০।[19] ২০১৩ বৰ্ষত প্ৰাক্তন অধ্যক্ষ আৰু চিঅ'অ' শান্তনু সিংহায়ো ক্ষতিপূৰণ হিচাপে $৩৭৫,০০০ লাভ কৰিছিল।[20]
খান একাডেমীৰ ৱেবচাইটটোৰ লক্ষ্য হৈছে প্ৰতিজন লোকক নিজৰ সুবিধা অনুসৰি শিক্ষাগ্ৰহণৰ অভিজ্ঞতা প্ৰদান কৰা। মূলতঃ ইউটিউবত উপলব্ধ খান একাডেমীৰ ভিডিঅ'সমূহক লৈ এই ৱেবচাইটটো গঠন হৈছে। কিন্তু ৱেবচাইটটোত ভিডিঅ'সমূহেই সৰ্বস্ব নহয়; ভিডিঅ'সমূহৰ বাদেও নিজৰ অগ্ৰগতিৰ নিৰিখ ল'ব পৰা ব্যৱস্থা, অনুশীলনীমূলক প্ৰশ্ন[21] আৰু আন শিকন সামগ্ৰীও আছে।[22] এই সকলোখিনি সুবিধা খান একাডেমীৰ ম'বাইল এপ্লিকেশ্বনটোৰ জৰিয়তেও আহৰণ কৰিব পাৰি।[23]
ভিডিঅ'বোৰত এখন বৈদ্যুতিক কৃষ্ণফলকত অংকন কৰি বিষয়সমূহ ব্যাখ্যা কৰা দেখুওৱা হয়। এই পদ্ধতিটো শিক্ষকে বক্তৃতাৰ জৰিয়তে বুজোৱাৰ নিচিনা প্ৰায় একেই। ব্যাখ্যাকাৰী লোকজনে এই অংকনসমূহ আৰু শিকাই থকা বিষয়টোৰ লগত ই কেনেদৰে জড়িত, সেয়া ব্যাখ্যা কৰে।[24][25] অলাভজনক সংস্থা কেইটামানে এই ভিডিঅ'সমূহৰ অফলাইন সংস্কৰণ এছিয়া, লেটিন আমেৰিকা আৰু আফ্ৰিকাৰ গ্ৰাম্য অঞ্চলসমূহত বিতৰণ কৰিছে।[26][27][28] এই ভিডিঅ'সমূহে স্কুলীয়া পৰ্য্যায়ৰ আটাইবোৰ বিষয় আৰু কিণ্ডাৰগাৰ্টেন শ্ৰেণীৰ পৰা হাইস্কুল পৰ্য্যায়লৈ সামৰি লৈছে। খান একাডেমীৰ ৱেবছাইটটোৱে "ক্ৰে'ছ্ ক'ৰ্ছ্" আৰু "মিউজিয়াম অৱ্ মডাৰ্ণ আৰ্ট"ৰ দৰে শিক্ষাবিষয়ক ইউটিউব চেনেল আৰু সংস্থাৰ ভিডিঅ'সমূহো প্ৰদৰ্শন কৰে।[29] ইয়াত SAT, MCATৰ[30] দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাসমূহৰ প্ৰস্তুতি চলাবলৈ অনলাইন পাঠ্যক্ৰমো উপলব্ধ আছে। ২০১৮ চনত LSATৰ বাবেও ইয়াত পাঠক্ৰম মুকলি কৰা হৈছিল।[31]
খান একাডেমীৰ ভিডিঅ'সমূহ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে আৰু ইতিমধ্যে প্ৰায় ২০,০০০ সংলাপৰ (চাবটাইটল) অনুবাদ সম্পন্ন হৈছে।[32][33] এই অনুবাদসমূহ মূলতঃ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰে স্বেচ্ছাসেৱকসকলৰ জৰিয়তে কৰা হৈছে। খান একাডেমীৰ প্লেটফ'ৰ্মখন ইংৰাজী (en), স্পেনিছ (es), পৰ্টুগীজ (pt), টুৰ্কীছ (tr), ফৰাচী (fr) আৰু বঙালী (bn) ভাষাত সম্পূৰ্ণৰূপে উপলব্ধ হোৱাৰ উপৰি আন ২৬টা ভাষাত আংশিকভাৱে[34] উপলব্ধ আছে।[35]
২০১৫ চনত পিক্সাৰ্ট'ৰ সৈতে লগ লাগি খান একাডেমীয়ে "পিক্সাৰ ইন এ বক্স" নামৰ নতুন পাঠ্যক্ৰম এটা আৰম্ভ কৰিছিল। স্কুলত শিকা দক্ষতাসমূহ কিদৰে পিক্সাৰৰ (ৱাল্ট ডিজনি কোম্পানীৰ অধীনস্থ এটা এনিমেশ্বন ফিল্ম্ ষ্টুডিঅ') ক্ষেত্ৰত কামত আহে, ইয়াত সেইবিষয়ে শিকোৱা হয়।[36]
২০১৮ চনত খান একাডেমীয়ে "খান একাডেমী কিডছ্" নামৰ এপ্লিকেশ্বন এটা মুকলি কৰিছিল। স্কুললৈ যোৱাৰ পূৰ্বেই প্ৰাথমিক অৰ্হতাসমূহ লাভ কৰিবলৈ দুইৰ পৰা ছয়বছৰীয়া শিশুৰ উদ্দেশ্যে এই এপটো প্ৰস্তুত কৰা হৈছে।
খান একাডেমীয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় দুয়োটা স্তৰতে স্বীকৃতি লাভ কৰিছে:
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.