আমেৰিকাৰ বহুৰাষ্ট্ৰীয় প্ৰযুক্তি কোম্পানী From Wikipedia, the free encyclopedia
গুগল ইন্কৰ্পোৰেটেড (ইংৰাজী: Google Incorporated) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰযুক্তি কোম্পানী। গুগল সাধাৰণতে গুগল চাৰ্চ ইঞ্জিন আৰু অনলাইন বিজ্ঞাপন সেৱাৰ বাবে বিশ্ববিখ্যাত। ইয়াৰ প্ৰধান কাৰ্যালয় কেলিফৰ্নিয়াৰ মাউণ্টেইন ভিউ চহৰত অৱস্থিত। গুগলৰ মূলমন্ত্ৰ হ'ল "বিশ্বৰ তথ্য একত্ৰিত কৰি সেইবোৰ সকলোৰে বাবে সহজলভ্য কৰি তোলা। " গুগলৰ নিজস্ব প্ৰতিষ্ঠানিক মূলমন্ত্ৰ হ'ল "Don't be evil" অৰ্থাৎ "কেতিয়াও বেয়া নহ'ব"। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দুজন পি এইচ ডি অধ্যয়নৰত ছাত্ৰ লেৰী পে'জ আৰু চাৰ্গেই ব্ৰিন গুগলৰ প্ৰতিষ্ঠাপক।[5][6]
ধৰণ | পাব্লিক কোম্পানী ("নাচডেক": GOOG), (এল এচ ই: GGEA) |
---|---|
উদ্যোগ | ইণ্টাৰনেট, কম্পিউটাৰ ছফ্টৱেৰ |
স্থাপিত | মেনলো পাৰ্ক, কেলিফোৰ্নিয়া (৪ ছেপ্টেম্বৰ, ১৯৯৮)[1] [2] |
মুখ্য কাৰ্যালয় | মাউণ্টেন ভিউ, কেলিফোৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
নেতৃস্থানীয় ব্যক্তিত্ব | সুন্দৰ পিচাই, চিইঅ/পৰিচালক চাৰ্গেই ব্ৰিন, সহ-প্ৰতিষ্ঠাপক, প্ৰযুক্তি প্ৰেছিডেণ্ট লেৰী পেজ, সহ-প্ৰতিষ্ঠাপক, পণ্য প্ৰেছিডেণ্ট জৰ্জ ৰেয়েচ, চিএফঅ |
পণ্য | চাৰ্চ ইঞ্জিন, ইমেইল, সামাজিক সংযোগী নেটৱৰ্ক, ভিডিঅ শ্বেয়াৰিং ইত্যাদি |
ৰাজহ | ১০.৬০৪ বিলিয়ন আমেৰিকান ডলাৰ ৭৩% (২০০৬)[3] |
মুঠ আয় | ৩.০৭৭ বিলিয়ন আমেৰিকান ডলাৰ ২৯% (২০০৬)[3] |
মুঠ সম্পত্তি | ১৮.৪৭৩ বিলিয়ন আমেৰিকান ডলাৰ (২০০৬)[3] |
Total equity | ১৭.০৩৯ বিলিয়ন আমেৰিকান ডলাৰ (২০০৬)[3] |
কৰ্মচাৰীৰ সংখ্যা | ১৫,৯১৬ (২০০৭ চনৰ ৩০ ছেপ্টেম্বৰত)[4] |
ৱেবছাইট | www.google.com |
১৯৯৬ চনত গৱেষণা প্ৰকল্প হিচাপে কেলিফোৰ্নিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দুজন পি এইচ ডি অধ্যয়নৰত ছাত্ৰ লেৰী পে'জ আৰু চাৰ্গেই ব্ৰিনে ইয়াৰ কাম কাজ আৰম্ভ কৰিছিল। তেওঁলোকৰ মনোভাৱ আছিল সেইসময়ৰ কৌশলসমূহক চেৰাই এটা নতুন কৌশলৰে যদি কোনো এটা চাৰ্চ ইঞ্জিন যদি সৃষ্টি কৰা হয়, যিটোৰে ৱেবছাইটবোৰৰ মাজত থাকি যদি পাৰস্পৰিক সম্পৰ্ক ৰাখি যদি ফলাফল নিৰ্নয় কৰা যায় তেন্তে আৰু ভাল ফলাফল পোৱা যাব।
১৯৯৮ চনৰ ৪ ছেপ্টেম্বৰত[7] [8] লেৰী পে'জ আৰু চাৰ্গেই ব্ৰিনে এটা প্ৰাইভেট লিমিটেড কোম্পানী হিচাপে গুগল প্ৰতিষ্ঠা কৰে। ২০০৪ চনৰ ১৯ আগষ্টত ই এটা পাব্লিক লিমিটেড কোম্পানিলৈ পৰিণত হয়। সময়ৰ লগত নিত্যনতুন পণ্য আৰু সেৱা যোগ কৰি গুগলে প্ৰতিদিনেই নিজৰ আকাৰ আৰু উপযোগিতা বঢ়াই তোলাত সক্ষম হৈছে। একেসময়েতে নতুন কোম্পানী কিনি নিজৰ লগত একত্ৰীকৰণ, ভিন্ন প্ৰতিষ্ঠানৰ লগত অংশীদাৰিত্ব আৰু বিজ্ঞাপন জগতত নিজৰ অৱস্থানক সুদৃঢ়ীকৰণৰ মাধ্যমেৰে নিজকে বহুমুখী হিচাপে পৰিচয় কৰাইছে। ইয়াৰ ফলত তথ্য সন্ধান কৰাৰ সমসাময়িকভাৱে বৰ্তমান সময়ত ইমেইল, সামাজিক সংযোগী নেটৱৰ্কিং, ভিডিঅ শ্বেয়াৰিং, অফিছ প্ৰডাক্টিভিটি আদিৰ ক্ষেত্ৰত গুগলে নিজৰ পৰিসৰ বৃদ্ধি কৰিছে।
বৰ্তমান গুগলৰ চি ই ও সুন্দৰ পিচাই, এজন ভাৰতীয়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.