From Wikipedia, the free encyclopedia
গুৰু নানক জয়ন্তী বা গুৰু নানক দেৱ জী গুৰুপৰব বা গুৰু নানক প্ৰকাশ উৎসৱ শিখ ধৰ্মৰ প্ৰৱৰ্তক আৰু প্ৰথম শিখ গুৰু গুৰু নানকৰ জন্মদিন।[1][2] ই হৈছে শিখ ধৰ্মাৱলম্বী বা শিখী সকলৰ আটাইতকৈ পৱিত্ৰ উৎসৱ।[3] শিখ সকলে ১০ গৰাকী শিখ গুৰুৰ তিথি পালন কৰে। এই গুৰুসকল শিখসকলৰ বিশ্বাস আৰু পৰম্পৰাক ৰূপ দিয়াৰ বাবে দায়বদ্ধ আছিল। তেওঁলোকৰ জন্মদিনক গুৰুপৰব বা প্ৰকাশ উৎসৱ বুলি জনা যায়। গুৰুপৰব শিখসকলে অতি পৱিত্ৰ হিচাপে গণ্য কৰে।[4]
গুৰু নানক জয়ন্তী গুৰু নানক দেৱ জী গুৰুপৰব | |
---|---|
গুৰু নানক জয়ন্তী উপলক্ষে আলোকিত অমৃতসৰৰ হৰমন্দিৰ চাহিব গুৰুদ্বাৰাত অৱস্থিত অকাল তখ্ট | |
অন্য নাম | প্ৰকাশ গুৰু নানক দেৱ জী |
পালন কৰে | শিখসকল, নানকপন্থী |
মহত্ব | গুৰু নানকৰ জন্মদিন |
তাৰিখ | কাৰ্তিক পূৰ্ণিমা |
আচাৰ | গুৰু গ্ৰন্থ চাহিব পাঠ, গুৰুদ্বাৰালৈ গমন, প্ৰাৰ্থনা, নগৰ কীৰ্তন |
১৪৬৯ চনৰ বিক্ৰম সংবৎ অনুসৰি কাৰ্তিক পূৰ্ণিমা তিথিত বৰ্তমান নানকানা চাহিব হিচাপে খ্যাত পাকিস্তানৰ শ্বেখুপুৰ জিলাৰ ৰাই ভই কি তালভান্দিত শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকৰ জন্ম হৈছিল।[5] গুৰু নানক জয়ন্তী ভাৰতত চৰকাৰী ছুটিৰ দিন।[6]
ভাই বালাৰ জনমসখী অনুসৰি গুৰু নানকৰ জন্ম ভাৰতীয় চন্দ্ৰমাহ কাৰ্তিক পূৰ্ণিমাত হৈছিল।[7] শিখসকলে এই কাৰণতে নৱেম্বৰ মাহত গোটেই বিশ্বত গুৰু নানকৰ গুৰুপৰব উদযাপন কৰি আহিছে আৰু ই শিখ পৰম্পৰাৰ অভিন্ন অংগ হৈ পৰিছে।[1][8] কিন্তু কিছুমান পণ্ডিত আৰু সংস্থাৰ মতে অকাল তখ্টে ২০০৩ চনত গৃহীত কৰা মূল নানকশাহী দিনপঞ্জী অনুসৰি গুৰু নানকৰ জন্মদিন ১৪ এপ্ৰিল বা বৈশাখী পালন কৰা উচিত।[9] অৱশ্যে বহু লোক আৰু সংগঠনে কাৰ্তিক পূৰ্ণিমাতে গুৰু নানক জয়ন্তী উদযাপন কৰি পাৰম্পৰিক তাৰিখ ৰাখিব বিচাৰে। মূল নানকশাহী দিনপঞ্জীয়ে বিভিন্ন শিখ সন্তৰ দাবীৰ বাবে কাৰ্তিক পূৰ্ণিমাত ইয়াক উদযাপন কৰে।[10]
এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.