গৌৰী মা
From Wikipedia, the free encyclopedia
গৌৰী মা (ইংৰাজী: Gauri Ma, ১৮৫৭ ফেব্ৰুৱাৰী – ১ মাৰ্চ ১৯৩৮)ৰ জন্মতে নাম ৰখা হৈছিল মৃদাণী৷[1] তেখেত ৰামকৃষ্ণ পৰমহংসৰ এগৰাকী প্ৰসিদ্ধ শিষ্যা, সাৰদা দেৱীৰ সতীৰ্থ আৰু কলিকতাত স্থাপিত হোৱা সাৰদেশ্বৰী আশ্ৰমৰ প্ৰতিষ্ঠাতা৷[2]
দক্ষিণেশ্বৰত থকাৰ সময়ত শ্ৰীৰামকৃষ্ণই গৌৰী মাক সন্যাসিনীৰ গেৰুৱা পোছাক প্ৰদান কৰিছিল আৰু পৰম্পৰাগত বিধিসমূহ আয়োজন কৰাত সহযোগিতা আগবঢ়াইছিল৷ শ্ৰীৰামকৃষ্ণই নিজে আগবাঢ়ি আহি হোমাগ্নিত বেলপত্ৰ প্ৰদান কৰিছিল৷ ইয়াৰ পূৰ্বে গৌৰী মাই সন্যাসিনীৰ গেৰুৱা পোছাক পৰিধান কৰিছিল আৰু ইয়াৰ জৰিয়তে তেখেতে সাংসাৰিক আৰু বিষয়বাদী জীৱন পৰিত্যাগ কৰাৰ চিন্তাটো স্পষ্ট কৰিছিল৷ অৱশ্যে তেখেতে কোনোধৰণৰ আনুষ্ঠানিক শপত গ্ৰহণ কৰা নাছিল৷ ৰামকৃষ্ণৰ পৃষ্ঠপোষকতাতহে এই কাৰ্য সঠিকভাৱে সম্পন্ন হৈছিল আৰু তেখেতৰ নামটো 'গৌৰীনন্দা' ৰখা হৈছিল৷ শ্ৰীৰামকৃষ্ণই তেখেতক গৌৰী বা গৌৰীদাসী বুলি মাতিছিল৷ আনহাতে একাংশ মানুহে তেখেতক গৌৰমা বুলি কৈছিল৷ গৌৰীমা নামেৰেহে তেখেতক অধিক পৰিচিত৷[3]