চাইকেল চালনা আৰু নাৰীবাদ
নাৰীৰ জীৱনত চাইকেলৰ প্ৰভাৱ / From Wikipedia, the free encyclopedia
বহুকেইটা ক্ষেত্ৰতে বাইচাইকেলে নাৰীৰ জীৱনধাৰাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে৷ [1][2][3]১৮৯০ৰ দশকত আমেৰিকান আৰু ইউৰোপিয়ান সমাজক প্ৰভাৱান্বিত কৰি যোৱা বাইচাইকেলৰ উন্মাদনাৰ সময়তে নাৰীৰ সামাজিক ভূমিকাইও গুৰুত্বপূৰ্ণ প্ৰসংগ হিচাপে ঠাই পাইছে৷ [4] এইখিনি সময়তে এই বাইচাইকেলবোৰে মহিলাক চলন-ফুৰণৰ বাবে যথেষ্ট সুবিধা প্ৰদান কৰিছিল৷[3][5] নাৰীবাদী এন্নি লণ্ডনডেৰীয়ে পৃথিৱীৰ-চৌপাশে চাইকেল ভ্ৰমণ কৰা প্ৰথমগৰাকী মহিলা হিচাপে সেইসময়ত নাম আৰ্জিছিল৷ [6][7][8] আমেৰিকান চাইকেল কোম্পানীয়ে আগবঢ়োৱা মূল্য আৰু বিভিন্ন পৰিশোধ পৰিকল্পনাৰ বাবে চাইকেলখন বেছিভাগ লোকৰ বাবে সেইসময়ত সুলভ হৈ উঠিছিল।[3] অৱশ্যে, বাইচাইকেলে উচ্চ আৰু মধ্য বিত্তীয় শ্বেতাংগ মহিলাৰ সমাজখনতহে প্ৰভাৱ পেলাইছিল৷[3] এই পৰিৱৰ্তনৰ ফলস্বৰূপে এই মহিলাসকলে কেৱল পৰিচৰ্যাকাৰী, পত্নী, অথবা ঘৰৰ ভিতৰতে সোমাই থকা মাতৃৰ ব্যক্তিগত ভূমিকাৰ পৰা খন্তেক আঁতৰ হৈ সমাজৰ অন্যান্য কৰ্মত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছিল আৰু এই সামাজিক সংযোগৰ সূত্ৰেই তেওঁলোকক ৰাজহুৱা স্থানতো নতুন ৰূপত দেখা গৈছিল৷ [3][9]