ভাৰতীয় উপমহাদেশত প্ৰচলিত বিভিন্ন প্ৰকাৰৰ লঘু আহাৰৰ সমষ্টি From Wikipedia, the free encyclopedia
চাট হৈছে ভাৰতীয় উপমহাদেশৰ বিভিন্ন অঞ্চলত প্ৰচলিত বিভিন্ন প্ৰকাৰৰ লঘু আহাৰৰ সমষ্টি। সাধাৰণতে ভাৰত, পাকিস্তান, নেপাল আৰু বাংলাদেশৰ পদপথৰ দোকান বা ৰেষ্টুৰেণ্ট আদিত ষ্টাৰ্টাৰ বা ভোকবৰ্দ্ধক খাদ্য হিচাপে পৰিবেশন কৰা হয়।[1][2] চাটৰ উৎপত্তি হৈছিল ভাৰতৰ উত্তৰ প্ৰদেশত।[3] কালক্ৰমত ই দক্ষিণ এছিয়াৰ বাকী অংশতো জনপ্ৰিয় হৈ পৰে।
পানীপুৰি বা ফুচকাৰ এক প্ৰকাৰ দহি পুৰি | |
প্ৰকাৰ | লঘু আহাৰ |
---|---|
উৎপত্তিৰ স্থান | ভাৰত |
অঞ্চল | গুজৰাট, ৰাজস্থান, উৰিষ্যা, পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশ |
ভিন্ন প্ৰকাৰ | ভিন্ন |
চাট শব্দটো হিন্দী चाट (সুস্বাদু খাদ্যৰ সোৱাদ লোৱা), चाटना (খাই থাকোঁতে আঙুলি চেলেকা), প্ৰাকৃত चट्टेइ-ৰ (তৃপ্তিৰে গ্ৰাস কৰা, কোলাহলপূৰ্ণভাৱে খোৱা) পৰা উদ্ভৱ হৈছে।[4]
বৰ্তমান চাট হিচাপে শ্ৰেণীভুক্ত কৰা কিছুমান খাদ্য যেনে দহি বড়া প্ৰাচীন যুগৰ পৰাই পোৱা যায়। বৰ্তমানৰ কৰ্ণাটকৰ পৰা শাসন কৰা তৃতীয় সোমেশ্বৰে সংকলিত কৰা দ্বাদশ শতিকাৰ সংস্কৃত বিশ্বকোষ মানসোল্লাসত ক্ষীৰাৱত নামৰ দহি বড়াৰ এটা ৰন্ধন প্ৰণালী উল্লেখ কৰা হৈছে।[5][6] খাদ্য ইতিহাসবিদ কে.টি আচায়াৰ মতে, ৫০০ খ্ৰীষ্টপূৰ্বৰো বহু আগৰ সাহিত্যত দহি বড়াৰ বৰ্ণনা পোৱা যায়।[7]
ৰন্ধন নৃতত্ত্ববিদ কুৰুশ দালালৰ মতে, এটা সংগঠিত পৰিঘটনা বা খাদ্যৰ সুকীয়া গোট হিচাপে চাটৰ উৎপত্তি ১৭ শতিকাৰ শেষৰ ফালে মোগল সম্ৰাট শ্বাহজাহানৰ দিনত উত্তৰ ভাৰতত (বৰ্তমান উত্তৰ প্ৰদেশ) হৈছিল। চহৰৰ মাজেৰে বৈ যোৱা যমুনা নদীৰ খাৰযুক্ত পানীৰ প্ৰতিকাৰ হিচাপে দিল্লীৰ জনসাধাৰণক টেঙা আৰু ভজা খাদ্যৰ লগত দৈ খাবলৈ কৈছিল। এইদৰে চাটৰ উদ্ভাৱন কৰা হৈছিল।[8]
ভাৰতৰ উত্তৰ প্ৰদেশৰ কিছুমান অঞ্চলত অধিকাংশ চাটৰ উৎপত্তি হৈছিল[9] যদিও বৰ্তমান সমগ্ৰ দক্ষিণ এছিয়া আৰু চুবুৰীয়া দেশসমূহত চাট প্ৰচলিত।
সকলো ধৰণৰ চাট মূলতঃ আটাৰ লাড়ু বেলি, ভাজি তাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হয়।[10] মূলতে চাট হৈছে আলুৰ টুকুৰা, মচমচীয়াকৈ ভজা ৰুটিৰ দহি বড়া বা দহি ভল্লা, বুট বা মটৰ আৰু টেঙা-নিমখীয়া মছলাৰ মিশ্ৰণ, ভাৰতীয় জলকীয়া আৰু ছাউন্থ (শুকান আদা আৰু তেতেলীৰ টক), সজ্জাৰ বাবে সতেজ ধনীয়াৰ পাত আৰু দৈ। অন্যান্য জনপ্ৰিয় চাটসমূহৰ ভিতৰত আলু টিক্কি বা চিঙৰা (পিঁয়াজ, আলু, ধনীয়া, পটল, গৰম মছলা আৰু দৈৰ সৈতে), ভেল পুৰী, দহি পুৰী, পানীপুৰী, দহি বড়া, পাপ্ৰি চাট, আৰু চেৱ পুৰী।
এইসমূহৰ উমৈহতীয়া উপাদানৰ ভিতৰত দহি (দৈ); কটা পিঁয়াজ আৰু ধনীয়া; চেৱ (বুটৰ পৰা প্ৰস্তুত কৰা পাতল শুকান নিমখীয়া নুডলছ)[10]; আৰু চাট মছলা, সাধাৰণতে আমচুৰ (শুকান আমৰ গুড়ি), জিৰা, ক'লা নিমখ, ধনীয়া, শুকান আদা, নিমখ, ক'লা জলকীয়া আৰু ৰঙা জলকীয়া আদি। এই উপাদানসমূহ একত্ৰিত কৰি সৰু ধাতুৰ থাল বা কলপাতত পৰিবেশন কৰা হয়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.