চাহাৰা মৰুভূমি
From Wikipedia, the free encyclopedia
চাহাৰা (ইংৰাজী: Sahara,আৰবী: الصحراء الكبرى, aṣ-Ṣaḥrāʾ al-Kubrā , 'the Great Desert') বিশ্বৰ সবাতোকৈ উষ্ণ (hottest) মৰুভূমি অঞ্চল। তদুপৰি এণ্টাৰ্কটিকা আৰু সুমেৰুৰ পিছতে ই তৃতীয় বৃহৎ মৰু অঞ্চল। [1] ৯৪০০০০০ বৰ্গ কিলোমিটাৰ মাটিকালিৰ এই মৰুভূমিয়ে উত্তৰ আফ্ৰিকাৰ অধিকাংশ অঞ্চল অধিকাৰ কৰি আছে। এই মৰুভূমিয়ে ৰেড চিৰ পৰা ভূমধ্য-সাগৰীয় (Mediterranean) কিছু অঞ্চল সামৰি আটলাণ্টিক মহাসাগৰ লৈকে বিস্তৃত হৈ আছে।