চে'ক
From Wikipedia, the free encyclopedia
চে'ক (ইংৰাজী: cheque, ধনাদেশ পত্ৰ) হ’ল কোনো এজন লোকে (গ্ৰাহকে) নিৰ্দ্দিষ্ট কাৰোবাক ধন দিবলৈ, তেওঁৰ বেংকৰ প্ৰতি দিয়া আদেশপত্ৰ। এখন চেকত এটা বেংক - আদেশ পালনকৰ্ত্তাৰ ৰূপত, এজন ব্যক্তি- আদেশদাতা গ্ৰাহকৰ ৰূপত আৰু অন্য এজন ব্যক্তি ধন গ্ৰহণ কৰোঁতাৰ ৰূপত জড়িত হৈ থাকে। চেক সম্পূৰ্ণ এক আইন সিদ্ধ প্ৰক্ৰিয়া। ভাৰতত এই ব্যৱস্থাটো এন আই এক্টে নিয়ন্ত্ৰণ কৰে।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
চে'ক মূলত: ব্যৱসায়িক লেনাদেনাৰ আহিলা। এখন চে'ক প্ৰদানকাৰীৰ পৰা গ্ৰহণ কৰা মানেই এটা লেনাদেনা সম্পন্ন হোৱা বুজায়। কিন্তু চে'কখনৰ মতেৰে বেংকে ধন ৰাশি পৰিশোধ কৰিলেহে প্ৰকৃততে লেনাদেনাটো সম্পন্ন হয়। সামগ্ৰিকভাবে ব্যৱসায়িক ক্ষেত্ৰৰ বৃহত্তৰ পৰিমাণৰ লেনাদেনা চে'কৰ জৰিয়তে হয়। অৱশ্যে আজিকালি চে'ক ব্যৱহাৰৰ পৰিসৰ ইমান বৃদ্ধি পাইছে যে ই "টকা" অৰ্থাৎ কাৰেঞ্চী নোটৰ সমান্তৰাল ৰূপত স্থিতি ল’ব পৰা হৈছে। চে'কৰ মূল শক্তি হল ইয়াৰ গ্ৰহণযোগ্যতা। [ দিওঁতাই দিলেও লওঁতাই নললে চে'কৰ কোনো দাম নাই। ] এই গ্ৰহণযোগ্যতা সৃষ্টি হয় দিওঁতা আৰু লওঁতা, পৰস্পৰৰ মাজত থকা দৃঢ় বিশ্বাসৰ ভেটিত। গ্ৰহণযোগ্যতাই চে'কৰ প্ৰচলন এনে এক গতি দিছে যে নিজাকৈয়ে চে'কৰ এখন বজাৰ সৃষ্টি কৰিছে, যি ক্লিয়েৰিং হাউচ বুলি প্ৰখ্যাত।