চৰকাৰ
From Wikipedia, the free encyclopedia
চৰকাৰ (ইংৰাজী: Government) হ'ল কোনো দেশৰ সৰ্বোচ্চ সংস্থা তথা কৰ্তৃপক্ষ যাৰ মাধ্যমৰে দেশখনৰ শাসন কাৰ্য পৰিচালিত হয়। গণতান্ত্ৰিক শাসন ব্যৱস্থাত চৰকাৰ জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি, যেনে সংসদীয় সদস্যৰ দ্বাৰা গঠিত হয়। চৰকাৰৰ মৌলিক দায়িত্ব জনসাধাৰণৰ অভিপ্ৰায় অনুযায়ী দেশৰ নিৰাপত্তা বিধান কৰা, সমাজৰ শান্তি বজায় ৰখা, মানুহৰ সা-সম্পত্তি ৰক্ষা কৰা আৰু বিবাদৰ ক্ষেত্ৰত বিচাৰকাৰ্য পৰিচালনা কৰা। চৰকাৰে ইয়াৰ ওপৰত আৰোপিত দায়িত্বসমূহ পালনৰ স্বাৰ্থত ৰাজহ আহৰণ কৰে আৰু শাসনকাৰ্য পৰিচালনা তথা উন্নয়নমূলক কামৰ বাবে সেয়া ব্যয় কৰে।[1]
যদিও সকল ধৰণেৰ সংস্থাৰে শাসন ব্যৱস্থা থাকে, সাধাৰণত "চৰকাৰ" শব্দটিৰ দ্বাৰা সাৰ্বভৌম ৰাষ্ট্ৰক পৰিচালনা কৰা সংস্থাটোকহে বুজোৱা হয়।[2] চৰকাৰ স্থানীয়, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় হ'ব পাৰে। চৰকাৰৰ আকাৰ অঞ্চল বা উদ্দেশ্য অনুযায়ী ভিন্ন ভিন্ন হয়।