ছট পূজা
হিন্দু উৎসৱ / From Wikipedia, the free encyclopedia
ছট পূজা বা ছঠ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ। ষঠ পূজা ভাৰতীয় উপমহাদেশৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগৰ লগতে নেপালৰ মধেশ অঞ্চলৰ স্থানীয় উৎসৱ।[1][2][3][4] প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ছট বা ছঠ পূজা অনুষ্ঠিত কৰা হয়। উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ ছঠ ঘাইকৈ বিহাৰ, উত্তৰ প্ৰদেশ আদিত পালন কৰা হয় যদিও আজিকালি প্ৰায় সকলো ঠাইতে ইয়াৰ উদযাপন কৰা দেখা যায়। এই উৎসৱৰ মূল দেৱতা হৈছে সূৰ্য আৰু তেওঁৰ দুই পত্নী ঊষা আৰু সন্ধ্যা। কিছুমানৰ মতে ঊষাদেৱীক ছঠি মাইয়া বুলি মূল আৰাধ্য দেৱী বুলি গণ্য কৰা হয়। তেওঁ সূৰ্য দেৱতাৰ আটাইতকৈ সৰু ঘৈণী আছিল বাবে ছটি মাইয়া (সৰু মা) বোলে আৰু উৎসৱৰ নামো ছট উৎসৱ বোলে। আনহাতে কিছুমানৰ মতে ষষ্ঠী তিথিত অনুষ্ঠিত হোৱা বাবে ষষ্ঠী শব্দৰ পৰায়ে উৎসৱটোৰ নাম ছঠ বা ছট হৈছে।[5] মূলতঃ হিন্দু উৎসৱ যদিও কিছুমান মুছলমান বা আন ধৰ্মৰ মানুহেও এই পূজা অনুষ্ঠিত কৰে।[6]
ছট পূজা | |
---|---|
অন্য নাম | ছঠ পূজা ছঠী ছঠ পৰ্ব সূৰ্য ষষ্ঠী |
পালন কৰে | হিন্দু সকল |
প্ৰকাৰ | সংস্কৃতিক, ঐতিহাসিক, ধৰ্মীয় |
মহত্ব | সূৰ্য পূজা, নদী পূজা |
এই পূজাৰ নীতি-নিয়ম চাৰিদিন পালন কৰা হয়।[7] ইয়াৰ ৰীতি সমূহৰ ভিতৰত পৱিত্ৰ স্নান, নিৰ্জলা ব্ৰত, বহু সময় পানীত সোমাই থকা, সূৰ্য প্ৰাৰ্থনা আৰু উদিত আৰু মাৰ যোৱা সূৰ্যক অৰ্ঘ্য প্ৰদান।[8] এই পূজাত কিছুমান ভক্তয়ে নদীৰ ঘাটলৈ যাওঁতে বাগৰি বাগৰি যোৱাৰ দৃশ্য দেখা যায়।[9]