ছন্দঃপূৰ্ণ চক্ৰ
From Wikipedia, the free encyclopedia
ছন্দঃপূৰ্ণ চক্ৰ প্ৰতি ২৪ ঘণ্টাৰ বাবে নিদ্ৰা-জাগ্ৰত চক্ৰ আৰু কাৰ্য নিয়ন্ত্ৰণ কৰা এক প্ৰাকৃতিক আৰু অভ্যন্তৰীণ প্ৰক্ৰিয়া।[1] ই ২৪ ঘণ্টাজুৰি চলা যিকোনো অভ্যন্তৰীণ জৈৱিক প্ৰক্ৰিয়াক সূচায়। জৈৱিক ঘড়ীয়ে নিয়ন্ত্ৰণ কৰা এনে কাৰ্য উদ্ভিদ, প্ৰাণী, ভেঁকুৰ আৰু চায়ান'বেক্টেৰিয়াত দেখা পোৱা যায়।[2]
ছন্দঃপূৰ্ণ চক্ৰ (Circadian rhythm) | |
---|---|
মানুহৰ ২৪ ঘণ্টীয়া জৈৱিক ঘড়ীৰ কিছুমান বৈশিষ্ট্য | |
উচ্চাৰণ | |
বাৰংবাৰতা | ২৪ ঘণ্টাত এবাৰ |
circadian শব্দটো লেটিন circa ("প্ৰায়") আৰু diēm ("দিন")-ৰ পৰা আহিছে। ২৪ ঘণ্টাৰ বাবে দোলন হোৱা প্ৰক্ৰিয়াবোৰক সাধাৰণতে আহ্নিক ছন্দ (diurnal rhythms) বোলা হয়; অভ্যন্তৰীণ প্ৰকৃতি নিৰূপণ নোহোৱালৈকে সেইবোৰক ছন্দঃপূৰ্ণ চক্ৰ বুলিব নালাগে।[3]
ছন্দঃপূৰ্ণ চক্ৰ অভ্যন্তৰীণ বা স্বয়ংসম্পূৰ্ণ যদিও এইবোৰে পোহাৰ, তাপ আৰু জাৰণ-বিজাৰণ প্ৰক্ৰিয়াৰ দৰে বাহ্যিক সংকেত (zeitgeber)-ৰ সহায়ত স্থানীয় পৰিবেশৰ লগত খাপ খাব পাৰে।[4]
দ্ৰ'চ'ফিলিয়া গণৰ মাখিত "ছন্দঃপূৰ্ণ চক্ৰ নিয়ন্ত্ৰণৰ আণৱিক কাৰ্যপ্ৰণালী আৱিষ্কাৰৰ বাবে" জেফ্ৰি চি. হল, মাইকেল ৰছবাশ্ব আৰু মাইকেল ডব্লিউ. ইয়ং-ক ২০১৭ চনত শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল।[5]