জন কীটছ
From Wikipedia, the free encyclopedia
জন কীটছ (ইংৰাজী: John Keats; ৩১ অক্টোবৰ ১৭৯৫ – ২৩ ফেব্ৰুৱাৰী ১৮২১) আছিল এগৰাকী ইংৰাজী ৰমন্যাসবাদৰ কবি। ২৫ বছৰ বয়সত যক্ষ্মা ৰোগত মৃত্যু হোৱাৰ মাত্ৰ চাৰি বছৰ পূৰ্বে তেওঁৰ সৃষ্টিৰাজি প্ৰকাশ পোৱা স্বত্বেও তেওঁ আছিল লৰ্ড বাইৰণ, পাৰ্ছি বাইছ শ্যেলী আদিৰ লগত দ্বিতীয় প্ৰজন্মৰ ৰোমাণ্টিক কবিসকলৰ অন্যতম।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
জন কীটছ | |
---|---|
মৃত্যুৰ পিচত উইলিয়াম হিল্টনৰ তুলিকাত জন কীটছৰ প্ৰতিচ্ছবি, নেশ্যনেল পট্ৰেইট গেলেৰী, লণ্ডন | |
জন্ম | ৩১ অক্টোবৰ, ১৭৯৫ ম'ৰগেট, লণ্ডন, ইংলেণ্ড |
মৃত্যু | ২৩ ফেব্ৰুৱাৰী, ১৮২১ (২৫ বছৰ) ৰোম, পেপেল ৰাজ্য |
পেচা | কবি |
সাহিত্যিক বিপ্লৱ | ৰমন্যাসবাদ |
আত্মীয়-স্বজন | জৰ্জ কীটছ (ভাতৃ) |
জীৱিত কালত তেখেতৰ কবিতাই সমালোচকসকলৰ সমাদৰ লাভ কৰা নাছিল যদিও,মৃত্যুৰ পিচতহে তেখেতৰ কবিতাসমূহে সঠিক মূল্যায়ন লাভ কৰে, উনৈশ শতিকাৰ শেষৰভাগত সেই সময়ৰ জনপ্ৰিয় ইংৰাজ কবিসকলৰ মাজৰ তেৱোঁ এজন অন্যতম জনপ্ৰিয় ইংৰাজ কবিৰ স্বীকৃতি লাভ কৰিছিল। পৰৱৰ্তী কালত অসংখ্য কবি আৰু সাহিত্যিকৰ ওপৰত ইয়াৰ প্ৰভাৱ দেখা পোৱা গৈছিল। হোৰ্হে লুইস বৰ্হেইসৰ মতে কীটছৰ সৃষ্টিৰাজীৰ সৈতে তেখেতৰ প্ৰথম পৰিচয়েই হৈছে তেখেতৰ সাহিত্যিক জীৱনৰ উল্লেখযোগ্য অভিজ্ঞতা।
কিটছৰ কবিতাৰ অন্যতম বৈশিষ্ট্য হৈছে আৱেদনময়ী শৈলী। বিশেষকৈ তেওঁৰ অ'ডছ শৃংখলাত এয়া স্পষ্টৰূপত ফুটি উঠিছে। এয়া ৰোমাণ্টিক কবিসকলৰ এক সাধাৰণ বৈশিষ্ট্যস্বৰূপ কিয়নো তেওঁলোকে প্ৰাকৃতিক প্ৰতীকৰ মাধ্যমত দুৰন্ত আৱেগৰ বহিৰ্প্ৰকাশ ঘটাব বিচাৰে। বৰ্তমান তেওঁৰ কবিতা আৰু চিঠিবোৰ ইংৰাজী সাহিত্যৰ অন্যতম জনপ্ৰিয় আৰু বিশ্লেষণ হোৱা বিষয়। তেওঁৰ বহুল সমাদৃত সৃষ্টিৰাজিৰ মাজৰ অন্যতম হ'ল "অ'ড ট্যু নাইটিংগেল", "শ্লিপ এণ্ড পয়েট্ৰি", আৰু জনপ্ৰিয় চনেট "অন ফাৰ্ষ্ট লুকিঙ ইনটু ছেপেনচ্ হ'মাৰ"।