![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/50/Madame_Jeanette_and_other_chillies.jpg/640px-Madame_Jeanette_and_other_chillies.jpg&w=640&q=50)
জলকীয়া
কেপচিকাম গণৰ কেইবাটাও প্ৰজাতিৰ অন্তৰ্গত জলকীয়াৰ জাত / From Wikipedia, the free encyclopedia
জলকীয়া (ইংৰাজী: Chilli) এবিধ গুল্মজাতীয় গছত লগা জ্বলাগুণবিশিষ্ট পাচলি। খাদ্যবস্তু অধিক ৰুচিকৰ কৰে বাবে বহুতে ইয়াক মছলা হিচাপেও ব্যৱহাৰ কৰে। আদিতে প্ৰাকৃতিকভাৱে উৎপাদিত জলকীয়া পৃথিৱীৰ সকলো দেশৰ মানুহে কেঁচা, পকা আৰু শুকান- এই তিনিৰূপত খায়। জলকীয়াৰ উৎপত্তি বলিভিয়াত হৈছিল[3][4] আৰু ইয়াৰ প্ৰথম খেতি কৰা হৈছিল মেক্সিকোত।[5] কলম্বিয়ান এক্সচেঞ্জৰ পিছত জলকীয়াৰ বহু জাত বিশ্বজুৰি বিয়পি পৰে যিবোৰ খাদ্য আৰু পৰম্পৰাগত ঔষধ দুয়োটাতে ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত এনুয়াম প্ৰজাতিকে ধৰি বহু ধৰণৰ প্ৰজাতি যেনে গ্লেব্ৰিয়স্কুলাম, নিউ মেক্সিকোৰ বেকেটাম, চাইনেন্স, ফ্ৰুটেচেন্স, আৰু পিউবেচেন্স আদিৰ সৃষ্টি হয়।
জলকীয়া | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Tracheophytes |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Solanales |
পৰিয়াল: | Solanaceae |
গোত্ৰ: | Capsiceae
L. |
গণ: | Capsicum
L. |
প্ৰকাৰ আৰু গোটসমূহ | |
| |
সমাৰ্থক[2] | |
সমাৰ্থক
|
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/9/95/Achill.jpg/640px-Achill.jpg)
উত্তৰ আমেৰিকা আৰু ইউৰোপত উৎপাদিত জাতবোৰ কেপচিকাম এনুয়ামৰ পৰা উদ্ভৱ হোৱা বুলি বিশ্বাস কৰা হয় আৰু ইয়াৰ ফল সাধাৰণতে বগা, হালধীয়া, ৰঙা বা বেঙুনীয়াৰ আৰু ক’লা ৰঙৰ হয়। ২০১৯ চনত বিশ্বৰ কেঁচা সেউজীয়া জলকীয়াৰ উৎপাদন ৩৮ মিলিয়ন টন হৈছিল ইয়াৰে আধা অংশৰ উৎপাদক দেশ আছিল চীন।[6]