From Wikipedia, the free encyclopedia
জহামাল (ইংৰাজী: Asian Palm Civet, বৈজ্ঞানিক নাম-Paradoxurus hermaphroditus) এবিধ দক্ষিণ আৰু দক্ষিণ পূৱ এছিয়াত পোৱা জন্তু। ভয় খালে ই এবিধ গোন্ধ যুক্ত ৰাসায়নিক দ্ৰব্য নিসৰণ কৰে। এই দ্ৰব্যৰ গোন্ধ জহা চাউলৰ গোন্ধৰ দৰে হোৱা বাবে ইয়াৰ নাম জহামাল। ই বিভিন্ন পৰিবেশত নিজকে খাপ খুৱাই লব পাৰে বাবে IUCN সংস্থাই ইয়াক বিপদমুক্ত(Least Concern) বুলি থিৰ কৰিছে। ইয়াক এটা বৃস্তিত পৰিসৰত যঠেষ্ট পৰিমাণে পোৱা যায় বাবে ২০০৮ চনত ইয়াৰ সংখ্যা হ্যাস নাই পোৱা বুলি ভবা হয়।[1] চোৰাং চিকাৰ আৰু বণ্য প্ৰাণীৰ বেআইনী বেহাৰ কবলত পৰি ইণ্ডোনেছিয়াত ইয়াৰ স্থিতি বিপদাপন্ন হৈছে। তাত ইয়াক কিনোতাই জহামাল কফি(Kopi luwak)ৰ ফচল বৃদ্ধিৰ বাবে ব্যবহাৰ কৰে।[3]
জহামাল | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
বৰ্গ: | Carnivora |
উপবৰ্গ: | Feliformia |
পৰিয়াল: | Viverridae |
গণ: | Paradoxurus |
প্ৰজাতি: | Hermaphroditus[2] |
জহামাল পোৱা ঠাই সমুহ। প্ৰাকৃতিক বাসস্থান সমূহ সেউজীয়া ৰঙেৰে আৰু সংস্থাপিত অঞ্চল ৰঙা ৰঙেৰে দেখুওৱা হৈছে। |
জহামালৰ দীঘল শৰীৰত খেলিমেলি কৈ থকা নোমবোৰ সাধাৰণতে ছাই বৰণীয়া হয়। ইয়াৰ মুখত বগা বৰণৰ মুখাৰ দৰে চিন, দুই চকুৰ তলত বগা দাগ, নাকৰ দুই ফালে দুটা বগা ফুট আৰু দুই চকুৰ মাজত এডাল কলা ৰঙৰ ক্ষীণ আচ থাকে। ইয়াৰ মুখৰ জোঙা ভাগ, কাণ, ভৰিৰ তলৰ অংশ আৰু নেজৰ আগৰ অংশ কলা হয়। গাত তিনিডাল কলা আছ থাকে। নেজ ডাল বাদ দি ইয়াৰ দেহৰ দ্ৰৈঘ্য প্ৰায় ৫৩ ছে:মি: আৰু নেজৰ দ্ৰৈঘ্য প্ৰায় ৪৮ ছে:মি: হয়। ইয়াৰ ওজন ২ ৰ পৰা ৫ কেজি লৈ হয়। ভয় খালে ইয়াৰ গূয্যদ্বাৰ ওচৰত থকা গন্ধ গ্ৰন্থিৰ পৰা যি গোন্ধ ওলায় সি অন্য অনিষ্ট কাৰী জন্তুক আতৰাই ৰাখি ইয়াক সুৰক্ষা প্ৰদান কৰে।
জহামাল ভাৰত, নেপাল, বাংলাদেশ, ভূতান, ম্যানমাৰ, শ্ৰীলংকা, থাইলেণ্ড, ছিংগাপুৰ, মালয়েচীয়া, চাবাহ, চাৰৱাক, ব্ৰুনেই, দাৰুচালাম, লাওচ, কাম্বোডিয়া, ভিয়েটনাম, চীন, ফিলিপাইন, ইণ্ডোনেছিয়া ৰ সুমাত্ৰা, জাভা, কালিমান্তান, বাওউইন, আৰু চিবেৰুত দ্বীপ সমূহত পোৱা যায়। ইয়াক ইৰিয়ান জায়া, লেচাৰ তুন্দ্ৰা দ্বীপ, মালাকু আৰু চুলাৱেচিত সংস্থাপন কৰা হৈছে। পাপুৱা নিউগিনিত ইয়াৰ উপস্থিতি সন্দেহ জনক। ই প্ৰধানকৈ পুৰণি সংৰক্ষিত হাবিত থাকে যদিও অন্য বনাঞ্চলতো ইয়াক পোৱা যায়। ই উদ্যান, ফল মূল বা আহত জাতীয় গছ থকা চহৰৰ বাহিৰৰ বাগিচা আৰু সুৰক্ষিত বনাঞ্চলতো পোৱা যায়। ই ইয়াৰ চোকা নখেৰ গছ আৰু ঘৰৰ টিঙৰ পানী পৰা নাওৰা আদি বগাব পাৰে। ই ঘৰৰ চিলিংত বাহ লৈ পোৱালি দিয়া বাবে আৰু ৰাতি ঘূৰাঘূৰি আৰু হাই কাজিয়া কৰি হুলস্থুলৰ সৃষ্টি কৰা বাবে বৰ আমনি দায়ক হৈ পৰে।
ইণ্ডোনেছিয়াত কফিৰ গুটি জহামালক খাব দিয়া হয় আৰু বিষ্ঠাৰ পৰা খাদ্য নলীত পচন হোৱা গুটিবোৰৰ পৰা জহামাল কফি তৈয়াৰ কৰা হয়। জহামাল কফিৰ কেফেইনৰ পৰিমাণ সাধাৰণ কফিতকৈ কম হয়।[4] জহামাল কফিৰ বৰ্দ্ধিত চাহিদাৰ বাবে, ব্যবসায়িক ভিত্তিত তৈয়াৰ কৰিব বাবে বনৰীয়া জহামালৰ পৰিবৰ্তে আজি কালি জহামাল ধৰি আনি পুহি এই কামতো কৰা হয়।[5][6]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.