অসমীয়া চলচ্চিত্ৰ (২৯১১) From Wikipedia, the free encyclopedia
জানমণি হৈছে ২০১১ চনৰ ১৫ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। এন কে প্ৰডাকচনৰ হৈ দেৱ বৰকটকী প্ৰযোজিত ছবিখনৰ পৰিচালনা ৰাজেশ ভূঞাৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে যতীন বৰা, শ্যামন্তিকা শৰ্মা, উৎপল দাস, মুনমী কলিতা, অৰুণ হাজৰিকা ইত্যাদি।[1]
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
জানমণি | |
---|---|
জানমণিৰ এটি দৃশ্যত শ্যামন্তিকা | |
পৰিচালক | ৰাজেশ ভূঞা |
চিত্ৰনাট্য | কৃষ্ণ ভূঞা |
কাহিনী | কৃষ্ণ ভূঞা |
প্ৰযোজক | দেৱ বৰকটকী |
অভিনয়ত | যতীন বৰা শ্যামন্তিকা শৰ্মা উৎপল দাস অৰুণ হাজৰিকা |
চিত্ৰগ্ৰহণকাৰী | সুমন দুৱৰা |
সংগীত পৰিচালক | দিগন্ত ভাৰতী, মৌচম গগৈ, বিমান বৰুৱা, বিপিন চাউদাং |
প্ৰযোজনা কোম্পানী |
এন কে প্ৰডাকচন |
মুক্তি |
১৫ এপ্ৰিল, ২০১১ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
ঢুলীয়া ডেকা ল’ৰা জান (যতীন বৰা) আৰু গাভৰু নাচনী ছোৱালী মণিৰ (শ্যামন্তিকা শৰ্মা) প্ৰেম কাহিনীৰ আধাৰত সৃষ্টি হৈছে জানমণি৷ জান আৰু মণিৰ মাজত প্ৰেম৷ মণিৰ ককায়েকে মণিক জানলৈ বিয়া নিদিয়ে৷ এনে সংঘাতক নেওচি মণিয়ে এদিন জানৰ ঘৰলৈ গুছি আহে৷ জান আৰু মণিৰ এনেদৰে বিয়া হৈ যায় আৰু কিছুদিন পাছত তেওঁলোকৰ সংসাৰত এজনী কন্যা সন্তানৰ জন্ম হয়৷ এদিন জানে ঢোল বজাবলৈ যাওঁতে কন্যা সন্তানটিৰ মৃত্যু হয়৷ এই ঘটনাৰ কাৰণে মণিৰ ককায়েকে জানক উদাসীন বুলি মণিক আকৌ নিজৰ ঘৰলৈ লৈ আহে৷ এনেদৰে বিচ্ছেদ ঘটিল জান আৰু মণিৰ মাজত৷ কিন্তু মণিৰ ভতীজাক (উৎপল দাস) জানৰ ভতীজিৰ মাজত প্ৰেম হোৱা কাৰণে জান আৰু মণিৰ পুনৰ মিলন হয়৷
জানমণি | |
---|---|
ৰাজেশ ভূঞাৰ বোলছবি
| |
মুক্তি | ২০১১ |
শৈলী/ধৰণ | বোলছবি সংগীত |
লেবেল | এন. কে. প্ৰডাকচন |
প্ৰযোজক | দেৱ বৰকটকী |
জানমণিৰ সংগীত পৰিচালনা দিগন্ত ভাৰতী, মৌচম গগৈ, বিমান বৰুৱা আৰু বিপিন চাউদাঙৰ। সংগীত ব্যৱস্থাপনা অৰূপ দত্ত আৰু বিমান বৰুৱাৰ।
গীতৰ তালিকা | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | গায়ক/গায়িকা | দৈৰ্ঘ্য | ||||||
1. | "নীলা নীলা দুচকুতে" | দিগন্ত ভাৰতী | জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী | ৪:১২ | ||||||
2. | "কি যে কৰোঁ হায় !" | মৌচম গগৈ | জুবিন গাৰ্গ, চয়নিকা ভূঞা | ৮:০৭ | ||||||
3. | "কোমল কোমল" | বিপিন চাউদাং | বাবু, প্ৰিয়ংকা ভৰালী | ৫:০৯ | ||||||
4. | "তামোল পাণ" | বিমান বৰুৱা | জুবিন গাৰ্গ, সুবাসনা দত্ত, নিৰ্মালী দাস, চয়নিকা ভূঞা | ৮:০৩ | ||||||
মুঠ দৈৰ্ঘ্য: |
২৫:৩১ |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.