জাৰেড ডায়মণ্ড
আমেৰিকান ভূগোলবিদ, ইতিহাসবিদ, নৃতত্ববিদ আৰু পক্ষীবিদ / From Wikipedia, the free encyclopedia
জাৰেড মেছন ডায়মণ্ড (ইংৰাজী: Jared Mason Diamond; জন্ম ১০ ছেপ্টেম্বৰ, ১৯৩৭) হৈছে এগৰাকী আমেৰিকান ভূগোলবিদ, ইতিহাসবিদ, নৃতত্ত্ববিদ, পক্ষীবিদ। দ্যা থাৰ্ড ছিম্পাঞ্জী (১৯৯১); পুলিৎজাৰ বঁটাৰে সন্মানীত গানছ্, জাৰ্মছ্ এণ্ড ষ্টিল (১৯৯৭); কলাপ্স (২০০৫), দ্য ৱৰ্ল্ড আনটিল য়েছটাৰডে (২০১২), আৰু আপহিভেল (২০১৯) হৈছে তেখেতে লিখা জনপ্ৰিয় গ্ৰন্থৰ নাম। তেখেতৰ মূল ক্ষেত্ৰ দেহতত্ত্ববিদ্যা যদিও; জাৰেড ডায়মণ্ডক নৃতত্ত্ববিদ্যা, বাস্তব্যবিদ্যা, ভূগোল আৰু বিৱৰ্তনীয় জীৱবিজ্ঞান আদিৰ দৰে একাধিক ক্ষেত্ৰত দখল আছে। তেখেত লছ এঞ্জেলছস্থিত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ভূগোলৰ অধ্যাপক।[1][2]
ক্ষিপ্ৰ তথ্য জাৰেড ডায়মণ্ড, জন্ম ...
জাৰেড ডায়মণ্ড | |
---|---|
ছান ফ্ৰান্সিকোত ডায়মণ্ড, ২০০৭ চনত | |
জন্ম | জাৰেড মেছন ডায়মণ্ড ১০ ছেপ্টেম্বৰ, ১৯৩৭ (৮৬ বছৰ) বষ্টন, মাছাছুছেটছ, আমেৰিকা যুক্তৰাষ্ট্ৰ |
ক্ষেত্ৰ | দেহতত্ত্ব, জৈৱপদাৰ্থবিজ্ঞান, পক্ষীবিজ্ঞান, পৰিৱেশবিজ্ঞান, ইতিহাস, বাস্তব্যবিদ্যা, ভূগোল, বিৱৰ্তনীয় জীৱবিজ্ঞান, আৰু নৃতত্ত্ববিদ্যা |
কৰ্মস্থান | কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, লছ এঞ্জেলছ |
শিক্ষানুষ্ঠান |
|
প্ৰভাৱান্বিত কৰিছে | য়ুভাল নোৱাহ হাৰাৰী |
উল্লেখনীয় বঁটা |
|
বন্ধ কৰক
২০০৫ চনত প্ৰছপেক্ট আলোচনী আৰু ফৰেইন পলিচি আলোচনীয়ে ভোটিঙ যোগে যুগুতোৱা "বিশ্বৰ শীৰ্ষস্থানীয় এশগৰাকী বুদ্ধিজীৱী"ৰ তালিকাত জাৰেড ডায়মণ্ডে নৱম স্থান অধিকাৰ কৰে।[3]