20 - শতিকা জাপানিজ পৰ্বত ভগোৱা From Wikipedia, the free encyclopedia
জুংক' টাবেই (田部井 淳子 টাবেই জুংক' , জন্ম ইশ্বিবাছি জুংক'; ২২ ছেপ্টেম্বৰ ১৯৩৯ – ২০ অক্টোবৰ ২০১৬)[1] এগৰাকী জাপানীজ পৰ্বতাৰোহী আছিল। তেওঁ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ প্ৰথম মহিলা। ইয়াৰ লগতে তেওঁ চেভেন চামিট অৰ্থাৎ বিশ্বৰ সপ্ত মহাদেশৰ প্ৰতিখনৰে সৰ্বোচ্চ স্থান আৰোহণ কৰা প্ৰথম গৰাকী মহিলা।[2][3][4]
জুংক' টাবেই | |
---|---|
১৯৮৫ চনত ইছমইল চমনি শৃংগত জুংক' টাবেই | |
স্থানীয় নাম | 田部井 淳子 |
জন্ম | জুংক' ইশ্বিবাছি ২২ ছেপ্টেম্বৰ, ১৯৩৯ মীহাৰু, ফুকুশ্বিমা, জাপান |
মৃত্যু | ২০ অক্টোবৰ, ২০১৬ (৭৭ বছৰ) কাৱাগৱে, চাইতামা, জাপান |
ৰাষ্ট্ৰীয়তা | জাপানীজ |
পেচা | পৰ্বতাৰোহী |
জনা যায় | মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ প্ৰথম মহিলা; চেভেন চামিট অৰ্থাৎ বিশ্বৰ সপ্ত মহাদেশৰ প্ৰতিখনৰে সৰ্বোচ্চ স্থান আৰোহণ কৰা প্ৰথম মহিলা |
দাম্পত্যসঙ্গী | মাছানবু টাবেই |
সন্তান | ২ |
১৯৩৯ চনৰ ২২ ছেপ্টেম্বৰ তাৰিখে জাপানৰ মীহাৰু, ফুকুশ্বিমাত তেওঁৰ জন্ম হৈছিল।[5][6] তেওঁ সৰুতে শাৰীৰিক ভাবে দুৰ্বল আছিল। ১০ বছৰ বয়সতে তেওঁ শ্ৰেণীৰ পৰ্বতাৰোহন ক্ষেত্ৰ অধ্যয়নত মাউন্ট নাছুলৈ যোৱাৰ সুযোগ লাভ কৰিছিল।[5][7] তেতিয়াৰ পৰায়ে তেওঁ পৰ্বতাৰোহনৰ প্ৰতি আকৃষ্ট হৈছিল। কিন্তু সাত গৰাকী সন্তানৰ দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা জুংক'ৰ বাবে পৰ্বতাৰোহনৰ দৰে খৰচী বিষয় প্ৰায় অসম্ভৱ আছিল। তেতিয়াও তেওঁ হাইস্কুলত পঢ়ি থাকোঁতে কেইবাবাৰো পৰ্বতাৰোহন কৰিছিল।[6]
তেওঁ পৰ্বতাৰোহী মাছানবু টাবেই লগত বিবাহপাশত আবদ্ধ হৈছিল। তেওঁ ১৯৬৫ চনত মাছানবুক জাপানত পৰ্বতাৰোহনৰ সময়ত লগ পাইছিল। তেওঁলোকৰ দুগৰাকী সন্তান আছে।[6]
২০১২ চনত তেওঁৰ দেহত পেৰিটনিয়েল কৰ্কট ৰোগ ধৰা পৰিছিল। কিন্তু তেওঁ পৰ্বতাৰোহন এৰি দিয়া নাছিল। ২০১৬ চনৰ ২০ অক্টোবৰ তাৰিখে জাপানৰ কাৱাগৱেৰ চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।[7]
২০১৯ চনৰ ২২ ছেপ্টেম্বৰ তাৰিখে গুগলেতেওঁৰ ৮০তম জন্মজয়ন্তীৰ উপলক্ষে এক বিশেষ ডুডুল প্ৰদৰ্শন কৰে। ইয়াৰ লগতে তেওঁৰ উৎসাহজনক নীতিবাক্য, "কেতিয়াও পৰাজয় বৰণ নকৰিবা, নিজৰ লক্ষ্য স্থিৰ ৰাখিবা" ডুডুলৰ লগত প্ৰদৰ্শন কৰিছিল।[8][9]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.