ডলাৰ
বিভিন্ন দেশত প্ৰচলিত কেইবাপ্ৰকাৰৰ মুদ্ৰাৰ সমূহীয়া নাম / From Wikipedia, the free encyclopedia
ডলাৰ (ইংৰাজী: Dollar) হৈছে বিভিন্ন দেশত প্ৰচলিত কেইবাপ্ৰকাৰৰ মুদ্ৰাৰ সমূহীয়া নাম। ডলাৰক পেচ’ বা $ চিহ্নৰদ্বাৰা বুজোৱা হয়। এই মুদ্ৰাসমূহ হৈছে অষ্ট্ৰেলিয়ান ডলাৰ, বেলিজ ডলাৰ, ব্ৰুনেই ডলাৰ, কানাডিয়ান ডলাৰ, হংকং ডলাৰ, জামাইকান ডলাৰ, নামিবিয়ান ডলাৰ, নিউজিলেণ্ড ডলাৰ, চিংগাপুৰ ডলাৰ, চুৰিনাম ডলাৰ, নিউ টাইৱান ডলাৰ আৰু আমেৰিকান ডলাৰ। জিম্বাবৱেতো পূৰ্বতে ডলাৰ ব্যৱহাৰ কৰা হৈছিল। আমেৰিকান ডলাৰ পূব টাইমৰ, ইকুৱেডৰ, এল ছালভাডৰ, মাইক্ৰনেছিয়ান ৰাষ্ট্ৰপুঞ্জ, মাৰ্শ্বেল দ্বীপপুঞ্জ, পালাও আৰু কেৰিবিয়ান দ্বীপপুঞ্জৰ আনুষ্ঠানিক মুদ্ৰা। এক ডলাৰক সাধাৰণতে ১০০ চেণ্টত ভঙোৱা হয়।