ডিমৰু
From Wikipedia, the free encyclopedia
ডিমৰু (ইংৰাজী: Fig, বৈজ্ঞানিক নাম: "ফিকাছ কেৰিকা", প্ৰজাতি ফিকাছ, জাতি কেৰিকা, কুল ম’ৰেছী) পকিলে সৰি পৰা এবিধ গছৰ ফল। ফলটো পকিলে খায়। ফলটো শুকাই বেচা হয়। শুকান ফলটো টুকুৰা কৰি গাখীৰৰ লগত খায়। ফলবিধৰ বহুতো গুণ আছে। ইয়াৰে জেলীও বনোৱা হয়। শুকান ফলটোত ৬২% চেনি আৰু সতেজ ফলটোত ২২% থাকে। ইয়াত কেলছিয়াম, ভিটামিন এ আৰু বি যথেষ্ট পৰিমাণে পোৱা যায়।
ডিমৰু Ficus carica | |
---|---|
ডিমৰুৰ পাত আৰু ফল | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন |
ডিমৰু পাকিস্তানৰ পৰা গ্ৰীচলৈ পোৱা ভূমধ্যসাগৰ আৰু দক্ষিণ-পশ্চিম এছিয় মূলৰ এবিধ জোপোহা পৰ্ণপাতী (পাতসৰা) উদ্ভিদ। ইয়াৰ দীঘ ৩ৰ পৰা ১০ফুটলৈকে। ডিমৰু এবিধ অতি পুৰণা ফল। ফলটো ৰসাল আৰু শাহ থকা। ইয়াৰ ৰং পাতল হালধীয়া, ডাঠ সোণালী বা ডাঠ বেঙুনীয়া হ’ব পাৰে। ডিমৰু নিজৰ সৌন্দৰ্য্য আৰু সোৱাদৰ বাবে প্ৰসিদ্ধ এবিধ সুস্বাদু, স্বাস্থ্যৰ বাবে উপকাৰী ফল। অতীজৰ মিছৰতো এইবিধ ফল খোৱা হৈছিল। আজিকালি ইয়াক ইৰাণ, মধ্য এছিয়া আৰু ভূমধ্যসাগৰীয় অঞ্চলত কৰা হয়। প্ৰাচীন গ্ৰীচত ফলবিধ বেপাৰৰ দিশত বৰ গুৰুত্বপূৰ্ণ আছিল । আজি পৃথিৱীৰ সবাতোকৈ পুৰণি ডিমৰুৰ গছ চিচিলিৰ বাৰী এখনত আছে।[1]