![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/a/a2/Daniel_Radcliffe_SDCC_2014.jpg/640px-Daniel_Radcliffe_SDCC_2014.jpg&w=640&q=50)
ডেনিয়েল ৰেডক্লিফ
From Wikipedia, the free encyclopedia
ডেনিয়েল জেকব ৰেডক্লিফ [1][2] '(ইংৰাজী: Daniel Radcliffe) (জন্ম: ২৩ জুলাই, ১৯৮৯)[3] এজন ইংৰাজ অভিনেতা। হেৰী পটাৰ (চলচ্চিত্ৰ শৃংখলা)ত হেৰী পটাৰৰ ভূমিকাত অভিনয় কৰি বিশেষভাবে পৰিচিত হয়। ইয়াৰ উপৰিও ৰেডক্লিফে একাধিক মঞ্চ, টিভি আৰু চলচ্চিত্ৰত অভিনয় কৰিছে। ইয়াৰ ভিতৰত আছে ৰয়েছে আইটিভি ফিল্ম মাই বয় জেক আৰু ইকুয়াছ নাটকখন। নাটকখনত ৰেডক্লিফৰ অভিনয় বিশেষভাবে প্ৰশংসিত হয়। ডেনিয়েল ৰেডক্লিফে ১০ বছৰ বয়সত বিবিচি ৱানৰ ১৯৯৯ চনৰ টেলিভিছন চলচ্চিত্ৰ ডেভিড কপাৰফিল্ডত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে। ২০০১ চনত দা টেলৰ অফ পানামা নামৰ চলচ্চিত্ৰখনত অভিলয় কৰে। ১১ বছৰ বয়সত ৰেডক্লিফে হেৰী পটাৰ (চলচ্চিত্ৰ শৃংখলা)ৰ প্ৰথমখন চলচ্চিত্ৰ হেৰী পটাৰ এণ্ড দা ফিল’ছ’ফাৰ্ছ ষ্ট’নৰ মূল চৰিত্ৰ হেৰী পটাৰ চৰিত্ৰত অভিনয় কৰে। ৰেডক্লিফে এই শৃংখলাৰ আটাইকেইখন চলচ্চিত্ৰৰ হেৰী পটাৰ চৰিত্ৰত অভিনয় কৰে।
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
ডেনিয়েল ৰেডক্লিফ | |
---|---|
![]() ডেনিয়েল জেকব ৰেডক্লিফ | |
জন্ম | ডেনিয়েল জেকব ৰেডক্লিফ ২৩ জুলাই, ১৯৮৯ (৩৪ বছৰ) লণ্ডন, ইংলেণ্ড |
পেচা | অভিনেতা |
সক্ৰিয় হৈ থকা সময় | ১৯৯৯–বৰ্তমানলৈকে |