তুৰ্কী উত্তৰ চাইপ্ৰাচ প্ৰজাতন্ত্ৰ
From Wikipedia, the free encyclopedia
উত্তৰ চাইপ্ৰাচ বা আনুষ্ঠানিকভাৱে উত্তৰ চাইপ্ৰাচ তুৰ্কী গণৰাজ্য ((Turkish Republic of Northern Cyprus, TRNC) হৈছে চাইপ্ৰাচ দ্বীপৰ উত্তৰ-পূব অংশত অৱস্থিত এখন বাস্তৱিক (de facto) ৰাষ্ট্ৰ।[4] এই দেশক কেৱল তুৰস্কইহে স্বীকৃতি দিছে। এই ভূখণ্ডক আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে চাইপ্ৰাচ ৰিপাব্লিকৰ অংশ বুলি গণ্য কৰে।
তুৰ্কী উত্তৰ চাইপ্ৰাচ প্ৰজাতন্ত্ৰ Kuzey Kıbrıs Türk Cumhuriyet
|
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত İstiklâl Marşı "Independence March"সাঁচ:Parabr |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | North Nicosia (de facto) Nicosia (de jure)[1] | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | Turkish language | |||||
Vernacular | Cypriot Turkish | |||||
জাতীয়তাসূচক বিশেষণ | Cypriot Turks | |||||
চৰকাৰ | Unitary state semi-presidential republic | |||||
- | President of Northern Cyprus | Ersin Tatar | ||||
- | Prime Minister of Northern Cyprus | Ünal Üstel | ||||
- | Assembly Speaker | Zorlu Töre[2] | ||||
প্ৰতিষ্ঠাকাল | ||||||
- | তুৰ্কীৰ চাইপ্ৰাছ আক্ৰমণ | ২০ জুলাই ১৯৭৪ | ||||
- | Autonomous Turkish Cypriot Administration | ১ অক্টোবৰ ১৯৭৪ | ||||
- | Turkish Federated State of Cyprus | ১৩ অক্টোবৰ ১৯৭৫ | ||||
- | Independence from the Republic of Cyprus | ১৫ নৱেম্বৰ ১৯৮৩ | ||||
মাটিকালি | ||||||
- | মুঠ | ৩,৩৫৫ বৰ্গ কিমি (unranked) ১,২৯৫ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ২.৭ (৯১ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | ২০২১ আনুমানিক | ৩,৮২,৮৩৬'"`UNIQ--ref-০০০০০০০২-QINU`"' | ||||
জিডিপি (নামমাত্ৰ) | 2018 আনুমানিক | |||||
- | মুঠ | $4.234 billion[3] | ||||
- | জনমুৰি | $14,942[3] | ||||
মুদ্ৰা | Turkish lira (₺) (TRY ) |
|||||
সময় অঞ্চল | Eastern European Time(EET) (ইউটিচি+2) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | Eastern European Summer Time(EEST) (ইউটিচি+3) | ||||
গাড়ী চলোৱা হয় | left | |||||
ইণ্টাৰনেট টিএলডি | .tr | |||||
কলিং ক'ড | ++90 392 |
উত্তৰ চাইপ্ৰাচ উত্তৰ-পূবে কাৰ্পাছ উপদ্বীপ (Karpass Peninsula)ৰ আগৰ পৰা মৰ্ফৌ উপসাগৰ (Morphou Bay) কেপ কৰ্মাকিটিছ (Cape Kormakitis) আৰু পশ্চিমে ইয়াৰ পশ্চিম বিন্দু কোকিনা এক্সক্লেভ (Kokkina exclave)লৈকে বিস্তৃত। ইয়াৰ দক্ষিণৰ বিন্দুটো হ’ল লৌৰৌজিনা (Louroujina) গাঁও। ৰাষ্ট্ৰসংঘৰ নিয়ন্ত্ৰণত থকা এটা অঞ্চলটোৱে উত্তৰ চাইপ্ৰাচ আৰু দ্বীপটোৰ বাকী অংশক বিভক্ত কৰিছে।
১৯৭৪ চনত দ্বীপটোক গ্ৰীচৰ সৈতে সংযুক্ত কৰাৰ প্ৰয়াসৰ অংশ হিচাপে কৰা অভ্যুত্থানৰ ফলত তুৰ্কীয়ে চাইপ্ৰাচ আক্ৰমণ কৰে। ইয়াৰ ফলত উত্তৰৰ গ্ৰীক চাইপ্ৰাচ (Greek Cypriot)ৰ বহু লোকক উচ্ছেদ কৰা হয়। লগতে দক্ষিণৰ পৰা তুৰ্কী চাইপ্ৰাচ (Turkish Cypriots)ৰ লোকসকলেও পলায়ন কৰে। ইয়াৰ পিছতে দ্বীপটোৰো বিভাজন কৰা হয় আৰু ১৯৮৩ চনত উত্তৰৰ অংশটোৱে একপক্ষীয় স্বাধীনতা ঘোষণা কৰে। উত্তৰ চাইপ্ৰাচ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামৰিক সহায়ৰ বাবে তুৰস্কৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল।[5][6]
চাইপ্ৰাচ বিবাদৰ সমাধানৰ চেষ্টা বৰ্তমানলৈকে সফল হোৱা নাই। তুৰ্কী সেনাই উত্তৰ চাইপ্ৰাচ তুৰ্কী গণৰাজ্যৰ চৰকাৰৰ সমৰ্থন আৰু অনুমোদনত উত্তৰ চাইপ্ৰাছত বৃহৎ সেনাবাহিনী বৰ্তমানেও বাহাল ৰাখিছে। আনহাতে চাইপ্ৰাচ ৰিপাব্লিক, সামগ্ৰিকভাৱে ইউৰোপীয় সংঘ আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে ইয়াক দখলদাৰী সেনাবাহিনী হিচাপে গণ্য কৰে। এই সামৰিক উপস্থিতিক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কেইবাটাও প্ৰস্তাৱত ধিক্কাৰ দিয়া হৈছে।[7]