ত্ৰিপিটক
বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ / From Wikipedia, the free encyclopedia
ত্ৰিপিটক বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ। এইখন গৌতম বুদ্ধৰ দৰ্শন আৰু উপদেশৰ সংকলন। পালি ভাষাৰ তি-পিটক ৰ পৰা অসমীয়া ত্ৰিপিটক শব্দৰ প্ৰচলন। তিনি পিটকৰ সমন্বিত সমাহাৰক ত্ৰিপিটক বোলা হৈছে। এই পিটক তিনিটা হল বিনয় পিটক, সূত্ৰ পিটক আৰু অভিধৰ্ম পিটক।
বৌদ্ধ ধৰ্ম |
---|
বৌদ্ধ ধৰ্মৰ সন্মিলন |
মুখ্য চৰিত্ৰবোৰ |
গৌতম বুদ্ধ |
চতুৰাৰ্থ সত্য |
ধৰ্মচৰ্চা আৰু বোধিলাভ |
দেশানুসাৰে বৌদ্ধধৰ্ম আৰু অঞ্চলসমূহ |
বৌদ্ধধৰ্মৰ শাখাসমূহ |
ধৰ্মগ্ৰন্থ |
অন্যান্য বিষয়সমূহ |
তুলনামূলক পাঠ |
|
পিটক শব্দৰ পালি ভাষাত অৰ্থ হল - পাত্ৰ, বাকচ বা পেৰা , যত কিবা সংৰক্ষণ কৰা হয়।[1] বৌদ্ধসকলৰ মূল ধৰ্মীয় গ্ৰন্থ। খ্ৰীষ্ট পূৰ্ব ৩য় শতিকাত সম্ৰাট অশোকৰ ৰাজত্বকালত ত্ৰিপিটক পূৰ্ণাংগ গ্ৰন্থ হিচাপে স্বীকৃতি পায়। এই গ্ৰন্থৰ উৎপত্তি হৈছিল গৌতম বুদ্ধৰ পৰিনিৰ্বানৰ তিনি মাহ পিছত অৰ্থাৎ খ্ৰীষ্ট পূৰ্ব ৫৪৩ আৰু সমাপ্তি ঘটে খ্ৰীষ্ট পূৰ্ব প্ৰায় ২৩৬ত। প্ৰায় তিনশ বছৰত তিনিওটা সংঘায়নৰ মাজেৰে ইয়াৰ গ্ৰন্থায়নৰ কাম শেষ হয়।[2]