দুজনে বোৰ্ডত খেলিব পৰা খেল From Wikipedia, the free encyclopedia
দবা (ইংৰাজী: Chess) হৈছে সাধাৰণতে দুজন খেলুৱৈৰ মাজত খেলা এক ব'ৰ্ডখেল। খেলুৱৈ দুজনৰ প্ৰতিজনৰে ওচৰত ১৬টাকৈ টুকুৰা বা গুটি থাকে। মুঠ ৩২টা টুকুৰাক সমানে ক'লা আৰু বগা ৰঙৰ দলত ভাগ কৰা থাকে। দবা ব'ৰ্ডখনত মুঠতে ৬৪টা বৰ্গ থাকে। খেলুৱৈ দুজনে এজনে আনজনৰ সৈন্য টুকুৰাৰ ওপৰত বিভিন্ন নিয়মৰ মাজেৰে আক্ৰমণ কৰে। দবা খেলখন এটা ভাৰতীয় খেল 'চতুৰংগ'ৰ ৰূপান্তৰ বুলি বিশ্বাস কৰা হয় যিটোত চাৰি প্ৰকাৰৰ সৈন্য বাহিনী (পদাতিক, অশ্বাৰোহী, গজাৰোহী আৰু ৰথী) প্ৰতীকী ৰূপত ব্যৱহাৰ কৰি খেল খেলা হৈছিল।[1]p173; p74। এই চাৰি প্ৰকাৰৰ সৈন্য বাহিনীৰ উপৰিও চতুৰংগত ৰজা আৰু মন্ত্ৰীৰ প্ৰতীকী টুকুৰা আছিল। আধুনিক দবাখেলত পদাতিক, অশ্বাৰোহী, গজাৰোহী, ৰথী, ৰজা আৰু মন্ত্ৰীক ক্ৰমে প'ন (pawn), নাইট (knight), বিচ্প (bishop), ৰোক (rook), কিং (king) আৰু কুইন (queen) বুলি কোৱা হয়।[1]
দবা খেল দবা ব'ৰ্ডৰ ওপৰত খেলা হয়। দবা ব'ৰ্ডখন বৰ্গাকৃতিৰ আৰু ৬৪টা বৰ্গ মুঠতে দুটা ৰঙত (বগা বা পাতল ৰঙৰ আৰু ক'লা বা ডাঠ ৰঙৰ) দুটা ভাগত বিভক্ত কৰা থাকে। বগা দলৰ খেলুৱৈজনে প্ৰথমে সৈন্য টুকুৰা আগবঢ়াব লাগে। ব'ৰ্ডৰ ওপৰত সৈন্য টুকুৰাবোৰ ৰখাৰ আৰু চলোৱাৰ নিৰ্দিষ্ট নিয়ম আছে।[2]
a | b | c | d | e | f | g | h | ||
8 | 8 | ||||||||
7 | 7 | ||||||||
6 | 6 | ||||||||
5 | 5 | ||||||||
4 | 4 | ||||||||
3 | 3 | ||||||||
2 | 2 | ||||||||
1 | 1 | ||||||||
a | b | c | d | e | f | g | h |
খেলখনত দবা ব'ৰ্ডখন এনে ভাৱে ৰখা হয় যাতে খেলুৱৈ ফালে থকা শাৰীটোৰ সোঁফালে বগা বা পাতল ৰঙৰ বৰ্গটো থাকে। প্ৰতিজন খেলুৱৈৰ লগৰ এটা ৰজা বা কিং, এটা ৰাণী বা কুইন, দুটা নাইট, দুটা বিচ্প , দুটা ৰোক আৰু আঠটা প'ন থাকে। শেষত আগৰ শাৰীটোত আঠটা প'ন ৰখা হয়। শেষৰ শাৰীটোৰ মাজত দুটা বৰ্গত ৰজা আৰু ৰাণীক ৰখা হয়। বগা ৰজা ক'লা বা ডাঠ ৰঙৰ বৰ্গত আৰু ক'লা ৰজাক বগা বা পাতল ৰঙৰ বৰ্গত ৰখা হয়। বগা ৰাণীক বগা বা পাতল ৰঙৰ বৰ্গত আৰু ক'লা ৰাণীক ক'লা বা ডাঠ ৰঙৰ বৰ্গত ৰখা হয়। মাজত দুটা বৰ্গৰ ৰজা আৰু ৰাণীৰ সোঁফালে আৰু বাওঁফালে বিচ্প দুটা ৰখা হয়। শেষৰ শাৰীটোৰ একেবাৰে সোঁফালে আৰু বাওঁফালে ৰোক দুটা ৰখা হয়। ৰোক আৰু বিচ্পৰ মাজত নাইট দুটা ৰখা হয়। উলম্ব ভাৱে থকা আঠটা স্তম্ভক 'ফাইল্ছ' আৰু অনুভূমিক ভাৱে থকা শাৰীবোৰক 'ৰেংকছ' বোলা হয়। 'ফাইল্ছ' বোৰক বগাদলৰ ফালৰ সোঁফালৰ পৰা বাওঁফাললৈ a, b, c, d, e, f, g আৰু h আখৰেৰে সূচোৱা হয় আৰু 'ৰেংকছ' বোৰক বগাদলৰ ফালৰ পৰা ক'লাদলৰ ফাললৈ 1, 2, 3, 4, 5, 6, 7 আৰু 8 নম্বৰেৰে সূচোৱা হয়। যিকোনো এটা বৰ্গক তাৰ ফাইল্ছ আৰু 'ৰেংকছ' অনুসৰি আখৰ আৰু নম্বৰেৰে সূচোৱা হয়।[2]
খেলত প্ৰথমে বগা দলৰ গুটি সঞ্চালন কৰা হয়। এটা দলৰ গুটিয়ে একে দলৰ আন এটা গুটিয়ে দখল কৰি থকা স্থান ল'ব নোৱাৰে। গতিকে যিকোনো দলৰ প্ৰথম সঞ্চালন প'ন নাইবা নাইটেৰে কৰিব পাৰি। এটা দলৰ গুটিয়ে ইটো দলৰ গুটিয়ে দখল কৰি থকা স্থান ল'ব পাৰে আৰু তেনে কৰিলে ইটো দলৰ সেই গুটিটো ব'ৰ্ডখনৰ পৰা আতঁৰোৱা হয়।[2]
|
|
|
|
|
|
কোনো এটা দলে প্ৰতিপক্ষৰ গুটিসমূহ বিশেষ নিয়মেৰে খাব পাৰে।[2]
এইসমূহ উপাৰিও ৰজা, প'ন আৰু ৰোকৰ কিছুমান বিশেষ সঞ্চালন থাকে।[2]
কোনো এটা দলৰ প'নটো গৈ যদি বিপক্ষৰ ফালে থকা ৰেংকটি পাইগৈ তেতিয়া সেই স্থানত সেই প'নটোৰ সলনি ৰজাৰ বাদে যিকোনো (ৰাণী, ৰোক, নাইট, বিচ্প) এটা গুটি ল'ব পৰা যায়। ইয়াক প'নৰ পদোন্নতি (ইংৰাজী: Promotion ) বোলা হয়। যদি এটা দলৰ প'নৰ দাঁতিতে থকা ফাইলৰ বিপক্ষৰ প'ন এটা দুটাঘৰ আগবাঢ়ি আহি প'নটোৰ কাষতে একেটা ৰেংকতে অৱস্থান কৰে তেতিয়াও সেই বিপক্ষৰ প'নটোক ইটো প'নে খাব পাৰে। প'নটোক ইয়াৰ আগৰ ৰেংকৰ বিপক্ষৰ প'ন থকা ফাইলটোত ৰাখি বিপক্ষৰ প'নটোক ব'ৰ্ডৰ পৰা আতঁৰোৱা হয়। প'নৰ এই বিশেষ সঞ্চালনটোক অন প'ছ'ন (‘en passant’ capture) বোলা হয়।[2]
খেলুৱৈৰ ফালে প্ৰথম ৰেংক ৰজা আৰু ৰোকে কেচ্লিং কৰিব পাৰে। ইয়াৰ কাৰণে ৰজাই ৰোকৰ দিশে দুটা ঘৰ বা বৰ্গ যাব পাৰে আৰু ৰোক খনে ৰজাৰ দাঁতিতে ৰজাই যোৱা বিপৰীত দিশৰ বৰ্গটোত অৱস্থান লয়। ই দুই ধৰণৰ হয় এটা ৰজাৰ ফালে থকা ৰোকৰ লগত কৰিব পাৰি আৰু আনটো ৰাণীৰ ফালে ৰোকৰ লগত কৰিব পাৰি আৰু ইয়াক ক্ৰমে ৰজাৰ ফালৰ কেচ্লিং (King side castling)আৰু ৰাণীৰ ফালৰ কেচ্লিং (Queen side castling) বোলা হয়। ৰজা আৰু ৰোকৰ কেচ্লিঙৰ অধিকাৰ স্থায়ী আৰু অস্থায়ী দুই ধৰণেৰে লোপ পাব পাৰে।[2]
ৰজা আৰু ৰোকৰ কেচ্লিঙৰ অধিকাৰ স্থায়ীভাৱে লোপ পাব যদিহে:[2]
ৰজা আৰু ৰোকৰ কেচ্লিঙৰ অধিকাৰ অস্থায়ীভাৱে লোপ পাব যদিহে:[2]
যদি এটা দলৰ গুটিয়ে প্ৰতিপক্ষৰ ৰজাক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰে তাক চেক্। ৰজাক চেক্ দিয়া থাকিল কেৱল ৰজাক আক্ৰমণৰ বচোৱাৰ বাবেহে গুটিসমূহ সঞ্চালন কৰিব পাৰি। ইয়াৰ বাহিৰে কৰা আন সঞ্চালন অবৈধ হয়। যিটো দলৰ ৰজাক চেক্ দিয়া হৈছে সেই দলৰ প্ৰতিটো সঞ্চালনেই ৰজাক চেক্ৰ পৰা বচাব লাগিব। যদি কোনো সঞ্চালনেই ৰজাক চেক্ৰ পৰা বচাব নোৱাৰে তেতিয়া তাক চেক্মেট আৰু যিটো দলে চেক্মেট দিয়ে সেইটো দল জয়ী হয়।[2]
দবা খেলৰ সমাপ্তি সাধাৰণতে দুই প্ৰকাৰে হয়। খেলখনৰ ফলাফলত কোনোবা এটা দল জয়ী হয় নাইবা খেলখন ড্ৰ হয়। ডবা খেল এখনৰ ফলাফলত কোনোবা এটা দল জয়ী হোৱা আৰু খেলখন ড্ৰ হোৱাৰ বহুতো নিয়ম আছে।[2]
|
|
|
|
দবাখেলৰ ঘড়ী(Chessclock)ত দুটা সময় দেখুৱাই আৰু ইটোৱে আনটোৰ লগত এনে ভাৱে সংযুক্ত যে এটা চলিলে আনটো বন্ধ হৈ থাকে। খেলৰ সময়ত খেলুৱৈ এজনে গুটি সঞ্চালন কৰাৰ পিছত নিজৰ ফালৰ ঘড়ীটো বন্ধ কৰি দিয়ে আৰু স্বয়ংক্ৰিয়ভাৱে প্ৰতিপক্ষৰ ঘড়ীটো আৰম্ভ কৰি দিয়ে। খেলুৱৈজনে যিখন হাতেৰে গুটি সঞ্চালন কৰে সেইখনেৰেই ঘড়ীটো বন্ধ কৰিব লাগে। প্ৰতিজন খেলুৱৈকে নিৰ্দিষ্ট সময় দিয়া থাকে আৰু যিজন খেলুৱৈৰ সময় সোনকালে শেষ হয় তেওঁৰ পৰাজয় ঘটে।[2]
খেলুৱৈসকলে দবাখেলৰ ঘড়ীটো ভালদৰে ব্য়ৱহাৰ কৰিব লাগে বেছি বলপ্ৰয়োগ কৰি বুটাম টিপা, গুটি পৰিচালনাৰ আগতে টিপা আদি কৰিলে শাস্তিৰ সন্মুখীন হয়। যাৰফালৰ ঘড়ীৰ সময় চলি থাকে কেৱল সেই খেলুৱৈজনেহে নিজৰ গুটি স্থানান্তৰ কৰিব পাৰে। যদিও খেলুৱৈ এজনে গুটি সঞ্চালন কৰাৰ পিছত প্ৰতিপক্ষই লগালগ গুটি সঞ্চালন কৰে তথাপিও খেলুৱৈজনক নিজৰ ফালৰ ঘড়ীটো বন্ধ কৰিবলৈ দিয়া হয়।[2]
দবাখেলৰ সঞ্চালনসমূহ লিখি ৰাখিবলৈ কিছুমান সংকেতিক চিহ্ন বা আখৰ ব্যৱহাৰ কৰা হয় সাধাৰণতে এলজেব্ৰিক ন'টেচনত।[2] সাধাৰণতে এলজেব্ৰিক ন'টেচনত তলত দিয়াৰ ধৰণেৰে লিখা হয়:
যিটো গুটি সঞ্চালন কৰিব লাগে বা কৰিলে তাৰ সংকেতিক চিহ্ন – যিটো ফাইললৈ যাব বা নিয়া হ'ল তাৰ নাম – যিটো ৰেংকলৈ যাব বা নিয়া হ'ল তাৰ নম্বৰ
(যিটো গুটি সঞ্চালন কৰিব লাগে বা কৰিলে তাৰ সংকেতিক চিহ্ন –যিটো বৰ্গলৈ যাব বা নিয়া হ'ল তাৰ সংকেতিক চিহ্ন)
গুটিবোৰৰ সংকেতিক চিহ্নসমূহ হ'ল; K (ৰজা), Q (ৰাণী), B (বিচ্প), R (ৰোক্), আৰু N (নাইট)। প'নৰ কোনো সংকেতিক চিহ্ন নাই। Qg5 মানে ৰাণীক g ফাইলৰ ৫ নম্বৰ ৰেংকলৈ লৈ যোৱা। এলজেব্ৰিক ন'টেচনত আৰু সংকেতিক চিহ্ন যোগ কৰা হয় যাতে দুটা একে চিহ্ন গুটি পৃথকে বুজাব পাৰি। Ngf3 মানে g ফাইলৰ নাইটটো f ফাইলৰ ৩ নম্বৰ ৰেংকলৈ লৈ যোৱা[2]
দবাখেলৰ সঞ্চালনসমূহৰ আন বহুতো সংকেতিক চিহ্ন আছেঃ[2]
ইয়াৰোপৰি খেল এখনৰ অৱস্থিতি আৰু সঞ্চালনসমূহৰ অৱস্থিতিসমূহ লিখি ৰাখিবলৈও সংকেতিক চিহ্ন আছেঃ[3]
উদাহৰণ স্বৰূপে এখন সৰু খেল এনে ধৰণে লিখি ৰাখিব পাৰি:
আন্তঃৰাষ্ট্ৰীয়ভাৱে দবা খেল নিয়ন্ত্ৰণ কৰা সংস্থানটো হ'ল ‘ফিদে’ (FIDE: Fédération Internationale des Échecs)। বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় দবা খেল নিয়ন্ত্ৰণ কৰা সংস্থানসমূহ হ'ল ফিদেৰ সদস্য।[5] ফিদে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সদস্য[6] কিন্তু দবা খেল অলিম্পিকত অন্তৰ্ভুক্ত নহয়; দবা খেলৰ নিজস্ব চেচ্ অলিম্পিয়াড আছে যিটো ১৯৫০ চনৰ পৰা ২০১৮ চনলৈ দুবছৰৰ অন্তৰে অন্তৰে হৈ আহিছে।[7] এই খেল দলগত ভাৱে অনুষ্ঠিত কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰীয় দবা খেল নিয়ন্ত্ৰক সংস্থানটো হ'ল সৰ্বভাৰতীয় দবা ফেডাৰেচন (All India Chess Federation)।[8] অসমৰ দবা খেল নিয়ন্ত্ৰক সংস্থানটো হ'ল সদৌ অসম দবা সন্থা (All Assam Chess Association)।[9] দবা ফেডাৰেচনবোৰৰ শীৰ্ষত আছে ৰাছিয়া আৰু ফেডাৰেচনবোৰৰ ভিতৰত ভাৰতৰ স্থান হ'ল চতুৰ্থ।[10] ফিদে আয়োজন কৰা বিশ্ব দবা চেম্পিয়নশ্বিপৰ বিশ্ব দবা চেম্পিয়ন হৈছে ডিং লিৰেণ/ডিং লিজেন/তিং লিৰেণ (Ding Liren) আৰু মহিলা বিশ্ব দবা চেম্পিয়ন হৈছে জু ৱেনজান।[11]
দবাখেলৰ শ্ৰেষ্ঠ খেলুৱৈসকলক কিছুমান খিতাপ (titles) দিয়া হয় যিবোৰ খেলুৱৈসকলৰ লগত জীৱনভৰ থাকে।[12] দবাখেলৰ বহুতো খিতাপ আছেঃ
প্ৰকাৰ (Category) | নাম (Name) | ৰেটিং (Rating |
---|---|---|
মুকলি (Open) | মেগনাচ্ কাৰ্লচেন (Magnus Carlsen) | ২৮৩৯ |
মহিলা (Women) | হও ইয়েফান (Hou Yifan) | ২৬২৮ |
কনিষ্ঠ (Juniors) | আলীৰেজা ফিৰ'জা (Alireza Firouzja) | ২৭৭৭ |
বালিকা (Girls) | বিবিচাৰা আচ্চাওবায়েভা (Bibisara Assaubayeva) | ২৪৬৯ |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.