চৰাইৰ প্ৰজাতি From Wikipedia, the free encyclopedia
দহিকতৰা চৰাইৰ ইংৰাজী নাম Magpie Robin আৰু বৈজ্ঞানিক নাম: Copsychus saularis। এই চৰাইবিধ সাধাৰণতে নাতিশীতোষ্ণ দক্ষিণ এছিয়াৰ বাংলাদেশ, ভাৰত, পাকিস্তান, শ্ৰীলংকা, ইন্দোনেছিয়া, মালয়েছিয়া, চীনৰ দক্ষিণাঞ্চল আৰু ফিলিপাইনত দেখিবলৈ পোৱা যায়।[2] সচৰাচৰ গাঁও বা নগৰৰ জনবসতিৰ ওচৰে পাজৰেই ইহঁতক দেখা যায়৷ ই বাংলাদেশৰ ৰাষ্ট্ৰীয় চৰাই৷
দহিকতৰা | |
---|---|
মতা দহিকতৰা | |
মাইকী দহিকতৰা | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Muscicapidae |
গণ: | Copsychus |
প্ৰজাতি: | C. saularis |
বৈজ্ঞানিক নাম | |
Copsychus saularis (Linnaeus, 1758) |
এই সৰু চৰাইবিধৰ দৈঘ্য ১৯ চেণ্টিমিটাৰ(৭.৫ ইঞ্চি)৷ চঞ্চলভাৱে গছৰ ডাল, মাটিত জপিয়াই আহাৰ বিচাৰি ঘূৰি ফুৰা দেখা যায়৷ পাখিৰ পিছফালৰ ফানখন প্ৰায়ে ওপৰফালে দাং খাই থাকে৷ মূৰ, বুকু, পিঠি আদি নিমজ কলা চানেকীয়া আৰু বুকুৰ তলভাগৰ পৰা তলটলৈকে বগা৷ নেজডালৰ মধ্য অংশ দীঘলীয়াকৈ ক’লা, কাষ বগা৷ ঠোঁট ক’লা আৰু ঠেঙৰ ওপৰভাগ তাম বৰণীয়া। মতা চৰাইটোৰ কলা অংশ উজ্বল , মাইকী চৰাইজনীৰ অলপ ধূসৰ৷ পোৱালি অৱস্থাত এই অংশটোৰ ৰং মুগা বৰণৰ হয়৷
দক্ষিণ এছিয়াত দহিকতৰাৰ প্ৰজননকাল মাৰ্চ মাহৰ পৰা জুলাই মাহলৈ; আৰু দক্ষিণ-পূৱ এছিয়াত জানুৱাৰীৰ পৰা জুলাইলৈকে। প্ৰজননৰ সময়ত মতা দহিকতৰাৰ শৰীৰৰ ৰং উজ্বল হয় । গছৰ ডালত বহি মাইকী দহিকতৰা চৰাইজনীক আকৃষ্ট কৰাৰ বাবে পাখি ফুলাই ঠোঁট ওপৰলৈ কৰি নানাধৰণৰ সুৰৰ মাত মাতে৷[3] কণী পৰাৰ এসপ্তাহমানৰ আগে আগে গছৰ ধোন্দ, গছৰ খোৰোং, শিলৰ ফাক, আদিত ঘাঁহ, বন, আঁহ আদিৰে বাঁহ সাজে। বাঁহটোৰ এক বিশেষধৰণৰ গোন্ধ আছে৷[4] ইহঁতে মানুহে সাজি দিয়া কৃত্ৰিম বাঁহতো কণী পাৰি পোৱালি উলিওৱা দেখা যায়৷[5][6] এবাৰত সাধাৰণতে ৪/৫ টা কণী পাৰে৷ কণীৰ ৰং ধূসৰ নীলা, তাৰ ওপৰত বাদামী ৰঙৰ সাঁচ থাকে৷ প্ৰায় ১৪ দিনত কণীৰপৰা পোৱালি ওলায়৷ পোৱালি ওলাবৰ সময়ত মতা দহিকতৰাটো অলপ আক্ৰমণাত্মক হৈ পৰে আৰু অন্য চৰাবোৰক আশেপাশে আহিব নোৱাৰাকৈ পহৰা দি থাকে৷[7]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.