দাদৰা আৰু নগৰ হাভেলী
পশ্চিম ভাৰতৰ জিলা / From Wikipedia, the free encyclopedia
দাদৰা আৰু নগৰ হাভেলী (/ˈdɑːdrɑː...ˌnʌɡər həˈvɛli/) পশ্চিম ভাৰতত অৱস্থিত এখন কেন্দ্ৰীয় শাসিত অঞ্চল। ই দুটা পৃথক ভৌগোলিক অঞ্চলৰে গঠিত। সেই দুই অঞ্চল হৈছে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মাজত অৱস্থিত নগৰ হাভেলী আৰু তাৰ পৰা ১৮ কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত সম্পূৰ্ণৰূপে গুজৰাটে আৱৰা দাদৰা অঞ্চল। ছিলভাচা দাদৰা আৰু নগৰ হাভেলীৰ ৰাজধানী আৰু বৃহত্তম চহৰ। ১৭৮৩ চনৰ পৰা বিংশ শতিকাৰ মাজে ভাগলৈ এই অঞ্চল পৰ্তুগীজ সকলৰ অধীনত আছিল।
ক্ষিপ্ৰ তথ্য দাদৰা আৰু নগৰ হাভেলী, দেশ ...
দাদৰা আৰু নগৰ হাভেলী | |||
---|---|---|---|
— কেন্দ্ৰীয় শাসিত অঞ্চল — | |||
Dadra and Nagar Haveli Silvassa.jpgছিলভাচাৰ দমন গংগা নদী | |||
|
|||
দেশ | ভাৰত | ||
স্থাপন | ১১ আগষ্ট ১৯৬১ | ||
ৰাজধানী আৰু বৃহত্তম চহৰ | ছিলভাচা | ||
চৰকাৰ | |||
- প্ৰশাসক | প্ৰফুল খোদা পেটেল | ||
- সাংসদ | মোহনভাই সঞ্জীৱভাই ডেলকাৰ | ||
- উচ্চ ন্যায়ালয় | বোম্বে উচ্চ ন্যায়ালয় | ||
মাটিকালি | |||
- মুঠ | ৪৯১ কি.মি.২ (১৮৯.৬ বৰ্গ মাইল) |
||
অঞ্চলৰ স্থানাংক | ৩২তম | ||
উচ্চতা | ১৬ মিটাৰ (৫২.৪৯ ফুট) | ||
জনসংখ্যা (২০১১) | |||
- মুঠ | ৩,৪২,৮৫৩ জন | ||
- স্থান | ৩৩rdতম | ||
- জনঘনত্ব | ৬৯৮.৩ প্ৰতি বৰ্গ কি.মি. (১,৮০৮.৫ প্ৰতি বৰ্গ মাইল) |
||
ভাষা[1] | |||
- চৰকাৰী | হিন্দী ভাষা, গুজৰাটী ভাষা | ||
সময় অঞ্চল | IST (গ্ৰী.মা.স.+৫:৩০) | ||
আই এচ অ’ ৩১৬৬ কোড | IN-DN | ||
যানবাহনৰ নম্বৰ | DN-09 | ||
জিলাৰ সংখ্যা | ১ | ||
মানৱ উন্নয়ন সূচাংক | ০.৬১৮ (২০০৫) |
||
মানৱ উন্নয়ন সূচাংক | উচ্চ | ||
ৱেবছাইট | dnh |
বন্ধ কৰক
২০১৯ চনত ভাৰত চৰকাৰে দাদৰা আৰু নগৰ হাভেলীক দমন আৰু দিউৰ লগত একত্ৰীকৰণ কৰি এখন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰাৰ আঁচনি গ্ৰহণ কৰিছে।[2]