![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/a/a1/Canadian_director_Deepa_Mehta_%252848198952367%2529.jpg/640px-Canadian_director_Deepa_Mehta_%252848198952367%2529.jpg&w=640&q=50)
দীপা মেহতা
From Wikipedia, the free encyclopedia
দীপা মেহতা (ইংৰাজী: Deepa Mehta; জন্ম: ১ জানুৱাৰী ১৯৫০) হৈছে এগৰাকী ভাৰতীয় মূলৰ ছবি পৰিচালক। বৰ্তমান কানাডাৰ নাগৰিকত্ব গ্ৰহণ কৰা দীপা মেহতা এগৰাকী চিত্ৰনাট্যকাৰ আৰু প্ৰযোজকো। তেখেতে সৰ্বাধিক পৰিচিতি লাভ কৰে 'উপাদান ত্ৰয়ী' বা 'Elements Trilogy'ৰ নিৰ্মাণৰ বাবে। চলচ্চিত্ৰৰ এই ত্ৰয়ীত আছে 'ফায়াৰ' (১৯৯৬), 'আৰ্থ' (১৯৯৮) আৰু 'ৱাটাৰ' (২০০৫)। 'আৰ্থ' নামৰ ছবিখনক অস্কাৰ বঁটাৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ শিতানত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে ভাৰতৰ পৰা অফিচিয়েল এণ্ট্ৰী হিচাপে প্ৰেৰণ কৰা হৈছিল। আনহাতে ২০০৫ চনত নিৰ্মিত 'ৱাটাৰ'ক প্ৰেৰণ কৰা হৈছিল কানাডাৰ ফালৰ পৰা। কানাডাৰ পৰা প্ৰেৰণ কৰা এইখন আছিল তৃতীয়খন অ-ফৰাচী কানাডীয় ছবি। ১৯৯৬ চনত দীপা মেহতাই স্বামী তথা প্ৰযোজক ডেভিড হেমিল্টনৰ লগ লাগি 'হেমিল্টন-মেহতা প্ৰডাকচন' প্ৰতিষ্ঠা কৰে। ২০০৩ চনত 'বলিউড/হলিউড' ছবিৰ চিত্ৰনাট্যৰ বাবে দীপা মেহতাই জিনি বঁটা লাভ কৰে।[1] ২০১২ চনৰ মে' মাহত দীপা মেহতাই জীৱনজোৰা কলাত্মক স্বীকৃতি স্বৰূপে কানাডাৰ পৰিৱেশ্য কলা শাখাৰ সৰ্বাধিক সন্মানীয় বঁটা 'গৱৰ্ণৰ জেনেৰেল পাৰফৰ্মিং আৰ্টছ এৱাৰ্ড' বঁটা লাভ কৰে।[2]
দীপা মেহতা | |
---|---|
![]() ২০০৫ চনত দীপা মেহতা | |
জন্ম | ১ জানুৱাৰী, ১৯৫০ (৭৪ বছৰ) অমৃতসৰ, পূব পঞ্জাব, ভাৰত |
ৰাষ্ট্ৰীয়তা | কানাডীয়ান |
পেচা | চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, ছবি প্ৰযোজক |
সক্ৰিয় হৈ থকা সময় | ১৯৭৬–বৰ্তমান |
জনা যায় | উপাদান ত্ৰয়ী বা Elements Trilogy |
দাম্পত্যসঙ্গী | প'ল ছল্টজমেন (বি. ১৯৭৩; বিবি. ১৯৮৩) ডেভিদ হেমিল্টন ( – বৰ্তমানলৈকে) |
সন্তান | দেব্যানী ছল্টজমেন (জীয়েক) |
আত্মীয়-স্বজন | দিলীপ মেহতা (ভ্ৰাতৃ) |