দ্বিতীয় বিশ্বযুদ্ধ
১৯৩৯–১৯৪৫ চনৰ কালছোৱাত সমগ্ৰ বিশ্বজুৰি হোৱা যুদ্ধ / From Wikipedia, the free encyclopedia
দ্বিতীয় বিশ্বযুদ্ধ (ইংৰাজী: World War II) বুলিলে ১৯৩৯ চনৰ পৰা ১৯৪৫ চনৰ কালছোৱাত, সমগ্ৰ বিশ্বজুৰি হোৱা যুদ্ধলানিকে বুজা যায়। বিশ্বৰ মহাশক্তি সমূহৰ লগতে, প্ৰায় সকলোবোৰ দেশেই জড়িত হৈ পৰা এই যুদ্ধত দুটি বিপৰীত সামৰিক জোঁটৰ সৃষ্টি হয়, মিত্ৰশক্তি আৰু অক্ষীয়শক্তি। এই মহাসমৰক ইতিহাসৰ সকলোতকৈ বিস্তৃত যুদ্ধ বুলি ধৰা হয়, য'ত ১০ কোটিতকৈয়ো অধিক লোকে সামৰিক সেৱা আগবঢ়াইছিল। যুদ্ধত আগভাগ লোৱা জাতি সমূহে এই সময়ছোৱাত নিজৰ সকলো অৰ্থনৈতিক, ঔদ্যোগিক আৰু বৈজ্ঞানিক সমল এই যুদ্ধৰ বাবে প্ৰয়োগ কৰিছিল, যাৰ বাবে সামৰিক আৰু অসামৰিক সমলসমূহৰ পাৰ্থক্যই নোহোৱা হৈ গৈছিল। হ'ল'কাষ্ট (হিটলাৰৰ দ্বাৰা ৬০ লাখ ইহুদী হত্যা)-কে ধৰি অসামৰিক লোকৰ গণহত্যা, হিৰোচিমা আৰু নাগাচাকিত পাৰমাণৱিক অস্ত্ৰৰ প্ৰয়োগ, ইত্যদিৰ বাবে কুখ্যাত এই যু্দ্ধত ৫ পৰা ৭ কোটিমান লোকৰ মৃত্যু হৈছিল। এই পৰিসংখ্যাৰ পৰা ক'ব পাৰি যে, দ্বিতীয় বিশ্বযুদ্ধ মানৱ ইতিহাসৰ সকলোতকৈ ঘাতক যুদ্ধ আছিল।[1]
দ্বিতীয় বিশ্বযুদ্ধ | |||||||
---|---|---|---|---|---|---|---|
ঘড়ীৰ কাঁটাৰ দিশত বাঁওহাতৰ পৰা: ৱানঝিয়ালিং যুদ্ধত চীনা সৈন্যবাহিনী, এল এলামেৰিনৰ প্ৰথম যুদ্ধত অষ্ট্ৰেলিয় ২৫ পাউণ্ডাৰ বন্দুকৰ ব্যৱহাৰ, ১৯৪৩-১৯৪৪ চনৰ শীতকালত পুব প্ৰান্তত জাৰ্মান ষ্টুকা ডাইভ বোমাৰু, লিংগায়েন উপসাগৰত আমেৰিকাৰ নৌসেনা, ৱিলহেল্ম কিয়েটেলে জাৰ্মানীৰ হৈ অম্তসমৰ্পন চুক্তি স্বাক্ষৰ কৰিছে, ষ্টেলিনগ্ৰে’ডৰ যুদ্ধৰ চোভিয়েট সৈন্যদল। |
|||||||
|
|||||||
যুজাৰু | |||||||
মিত্ৰপক্ষ ছ'ভিয়েট সংঘ(১৯৪১–৪৫)[nb 1] ফ্ৰান্স[nb 2] Client and puppet states | অক্ষ শক্তিসমূহ জাৰ্মানী হাংগেৰী (১৯৪০–৪৫) Co-belligerents Client and puppet states |
||||||
কমাণ্ডাৰ আৰু দলপতিসকল | |||||||
মিত্ৰপক্ষৰ দলপতিসকল যোচেফ ষ্টেলিন | অক্ষৰ দলপতিসকল এডল্ফ হিটলাৰ |
||||||
ক্ষয়ক্ষতিৰ পৰিমাণ | |||||||
সামৰিক মৃতকৰ সংখ্যা: ১৬,০০০,০০০ তকৈ অধিক নিহত জনসাধাৰন: ৪৫,০০০,০০০ তকৈ অধিক মুঠ মৃতকৰ সংখ্যা: ৬১,০০০,০০০ তকৈ অধিক(১৯৩৭–৪৫) ...অধিক বিৱৰণ | সামৰিক মৃতকৰ সংখ্যা: ৮,০০০,০০০ তকৈ অধিক নিহত জনসাধাৰন: ৪,০০০,০০০ তকৈ অধিক মুঠ মৃতকৰ সংখ্যা: ১২,০০০,০০০ তকৈ অধিক (১৯৩৭–৪৫) ...অধিক বিৱৰণ |
যদিও জাপানৰ সম্ৰাট ইতিমধ্যেই ১৯৩৭ চনত চীন গণৰাজ্য[2]ৰ সৈতে যুদ্ধত লিপ্ত হৈছিল, তথাপি ১৯৩৯ চনত ১ ছেপ্টেম্বৰত জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰে আৰু তাৰ ফলশ্ৰুতিত, ফ্ৰান্সৰ লগতে ব্ৰিটিছ সাম্ৰাজ্য আৰু ৰাষ্ট্ৰমণ্ডলৰ (commonwealth) দেশ সমূহে জাৰ্মানীৰ ওপৰত যুদ্ধ ঘোষণা কৰাকে, আধিকাৰিক ভাৱে ২য় বিশ্বযুদ্ধৰ আৰম্ভণি বুলি ধৰা হয়। জাৰ্মানীয়ে ইউৰোপত এখন বিশাল সাম্ৰাজ্য গঢ়ি তোলাৰ ইচ্ছা কৰিছিল। ১৯৩৯ চনৰ পৰা ১৯৪১ চনৰ ভিতৰত, এলানি অভিযান আৰু সন্ধিৰ মাজেৰে জাৰ্মানীয়ে ইউৰোপ মহাদেশৰ বহুলাংশই জয় বা বশ কৰি পেলাইছিল; নাৎসী – ছোভিয়েট সন্ধি মৰ্মে, সাধাৰণতে নিৰপেক্ষ হৈ থকা ছোভিয়েট ইউনিয়নেও, তেওঁলোকৰ পোলেণ্ডকে ধৰি ৬খন চুবুৰীয়া দেশ পূৰ্ণ বা আংশিক ৰূপে অধিগ্ৰহণ কৰিছিল। ইংলেণ্ড আৰু ৰাষ্ট্ৰমণ্ডলেই এই সময়চোৱাত অকলশৰীয়াকৈ, জাৰ্মানীয়ে নেতৃত্ব দিয়া অক্ষশক্তিৰ বিৰুদ্ধে যুঁজ দি আছিল (উদাহৰণ স্বৰূপে 'উত্তৰ আফ্ৰিকাৰ যুদ্ধ সমূহ' আৰু বহুদিন ধৰি চলা 'আটলাণ্টিক যুদ্ধ')। ১৯৪১ চনৰ জুন মাহত, ইউৰোপীয় অক্ষশক্তিয়ে ছোভিয়েট ইউনিয়ন আক্ৰমণ কৰে, যাৰ ফলস্বৰূপে সমৰ ইতিহাসৰ সৰ্ববৃহৎ সেনাযুদ্ধৰ আৰম্ভণি হয়, যি অক্ষশক্তিৰ মূল সামৰিক অংগ বিলাকক ব্যস্ত কৰি পেলায়। ১৯৪১ চনৰ ডিচেম্বৰ মাহত সমগ্ৰ পূব এছিয়া আৰু ইণ্ডো-চীনক শাসন কৰিব বিচৰা জাপানৰ সম্ৰাটেও অক্ষশক্তিত যোগদান কৰে আৰু লগে আমেৰিকাৰ লগতে প্ৰশান্ত মহাসাগৰত থকা ইউৰোপীয় উপনিবেশ বিলাক আক্ৰমণ কৰে। সোনকালেই জাপানে পশ্চিম প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বহুলাংশ জয় কৰিবলৈ সক্ষম হয়।
১৯৪২ চনত কেইবাখনো নৌ-যুদ্ধত জাপান পৰাস্ত হোৱা, উত্তৰ আফ্ৰিকাৰ যুদ্ধ সমূহত পৰাজয় আৰু ষ্টেলিনগ্ৰেডৰ যুদ্ধত অক্ষশক্তিৰ শোচনীয় পৰাজয় ইত্যাদি ঘটনাক্ৰমে এই অগ্ৰগতি ৰোধ কৰে। ১৯৪৩ চনত পূব ইউৰোপৰ কেইবাখনো যুদ্ধত জাৰ্মানীৰ পৰাজয়, মিত্ৰশক্তিৰ ফেচিষ্ট ইটালী আক্ৰমণ, প্ৰশান্ত মহাসাগৰীয় অঞ্চলসমূহত আমেৰিকাৰ বিজয়, ইত্যাদি পৰিঘটনাই অক্ষশক্তিক পিছ হুহুকিবলৈ বাধ্য কৰে। ১৯৪৪ চনত পশ্চিমীয়া মিত্ৰশক্তিয়ে ফ্ৰান্স আক্ৰমণ কৰে, ছোভিয়েট ইউনিয়নে ইয়াৰ হেৰোৱা অংশসমূহ উদ্ধাৰ কৰাৰ লগতে জাৰ্মানী আৰু জাৰ্মানীৰ মিত্ৰদেশসমূহ জয় কৰে। কৰে। ১৯৪৫ চনৰ ৮ মে'ত ছোভিয়েট ইউনিয়ন আৰু পোলেণ্ডৰ সেনাই বাৰ্লিন অধিকাৰ কৰি জাৰ্মানীক নিচৰ্ত ভাৱে আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰোৱাৰ লগে লগে ইউৰোপত এই যুদ্ধৰ সামৰণি পৰে। ১৯৪৪ ৰ পৰা ১৯৪৫ চনৰ ভিতৰত আমেৰিকাই জাপানৰ নৌসেনাক পৰাস্ত কৰি পশ্চিম প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সামৰিক গুৰুত্ব থকা স্থান সমূহ পুনৰ অধিকাৰ কৰে; জাপানত পাৰমাণৱিক বোমা পেলোৱাৰ লগে লগে জাপানৰ পৰাজয় আসন্ন হৈ পৰে। ১৯৪৫ চনৰ ১৫ আগষ্টত জাপানৰ সম্ৰাটে আত্মসমৰ্পণ কৰিবলৈ মান্তি হোৱাৰ লগে লগে এছিয়া মহাদেশতো যুদ্ধৰ সামৰণি পৰে।
১৯৪৫ চনত অক্ষশক্তিৰ ওপৰত মিত্ৰশক্তিৰ সম্পূৰ্ণ বিজয়েৰে এই যুঁজৰ সামৰণি পৰে। দ্বিতীয় বিশ্বযুদ্ধই পৃথিৱীৰ ৰাজনৈতিক সমীকৰণৰ লগতে সামাজিক পৰিগঠনো সলনি কৰি পেলায়। আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি আৰু ভৱিষ্যতৰ এনে বিবাদ সমাধান কৰাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰসংঘৰ জন্মহয়। এই যুদ্ধত জয়ী হোৱা সামৰিক মহাশক্তি আমেৰিকা, ছোভিয়েট ইউনিয়ন, চীন, ইংলেণ্ড আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য মনোনীত হয়।[3] আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন প্ৰতিদ্বন্দ্বী মহাশক্তি ৰূপে পৰিগণিত হয়, আৰু ইয়েই পৰৱৰ্তী ৪৬ বছৰ ধৰি চলি থকা "শীতল যুদ্ধ"ৰ জন্ম দিয়ে। ইতিমধ্যে আফ্ৰিকা আৰু এছিয়াত ঔপনিবেশবাদৰ ওৰ পৰাৰ লগে লগে ইউৰোপীয় মহাশক্তি বিলাকৰ প্ৰভুত্ব কমি আহে। যুদ্ধত যিবিলাক দেশৰ ঔদ্যোগবিলাক ধ্বংসপ্ৰাপ্ত হৈছিল, সেই দেশবিলাকে অৰ্থনৈতিক পুনৰুত্থানত গুৰুত্ব আৰোপ কৰে। যুদ্ধৰোত্তৰ পৰিস্থিতিত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক সুদৃঢ় কৰাৰ অৰ্থে ইউৰোপত ৰাজনৈতিক জোঁটবন্ধনৰ প্ৰচেষ্টা আৰম্ভ হয়।