ধনুষ্টংকাৰ
From Wikipedia, the free encyclopedia
ধনুষ্টংকাৰ (tetanus বা lockjaw) মাংসপেশী সিৰামূৰিয়ে ধৰা এবিধ সংক্ৰমণ। বেছিকৈ দেখা প্ৰকাৰত সিৰামূৰি মুখৰ পাৰিত আৰম্ভ হৈ গোটেই গাতে বিয়পি পৰে। সিৰামূৰি প্ৰতিবাৰতে কেইমিনিটমান থাকে আৰু তিনি বা চাৰি সপ্তাহলৈ বাৰে বাৰে দেখা দিয়ে।[1] বেছিকৈ সিৰামূৰি হ'লে হাড়ো ভাগিব পাৰে।[6] আন লক্ষণৰ ভিতৰত জ্বৰ, ঘমা, মূৰৰ বিষ, চোবাওঁতে সমস্যা, উচ্চ ৰক্তচাপ, ক্ষিপ্ৰ হৃদস্পন্দন আদি প্ৰধান।[1][6] সংক্ৰমণৰ তিনিৰ পৰা একৈছ দিন পাছত লক্ষণে দেখা দিয়ে। আৰোগ্য হ'বলৈ কেইবামাহো লাগিব পাৰে। সংক্ৰমণ হোৱা লোকৰ ১০% মৃত্যুমুখত পৰে।[1]
ধনুষ্টংকাৰ (tetanus) | |
---|---|
ধনুষ্টংকাৰ হোৱা এজন মানুহৰ পেশীৰ সিৰামূৰি। ছাৰ চাৰ্লছ বেলে অঁকা ছবি (১৮০৯)। | |
বিভাগ | সংক্ৰামক ৰোগ |
লক্ষণ | পেশীৰ সিৰামূৰি, জ্বৰ, মূৰৰ বিষ[1] |
আৰম্ভণি | সংক্ৰমণৰ ৩-২১ দিন পাছত[1] |
স্থায়িত্ব | মাহজুৰি[1] |
কাৰণ | ক্লষ্ট্ৰিডিয়াম টিটানি[1] |
আশংকাৰ কাৰণ | ছল ফাটি, হাড় ভাগি যোৱা[2] |
ৰোগ নিৰূপণ | লক্ষণ অনুসৰি[1] |
প্ৰতিৰোধ | ধনুষ্টংকাৰ ছীটা[1] |
চিকিৎসা | টিটেনাছ ইম্যুন'গ্ল'বুলিন, পেশী শিথিল কৰা ঔষধ, মেকানিকেল ভেণ্টিলেচন[1][3] |
পুনৰাবৃত্তি | ২,০৯,০০০ (২০১৫)[4] |
মৃত্যু | ৫৬,৭০০ (২০১৫)[5] |
ক্লষ্ট্ৰিডিয়াম টিটানি নামৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত ধনুষ্টংকাৰ হয়।[1] এই বেক্টেৰিয়াবিধ সাধাৰণতে মাটি, লেলাউটি, ধূলি আৰু মলত থাকে।[2] ছালৰ ক্ষতেদি নাইবা দূষিত বস্তুৱে কৰা আঘাতেদি এই বেক্টেৰিয়াই দেহত প্ৰৱেশ কৰে।[2] তাৰ পাছত দেহত বিষাক্ত পদাৰ্থৰ সৃষ্টি কৰি মাংসপেশীৰ সংকোচনত প্ৰভাৱ পেলালে লক্ষণবোৰে দেখা দিয়ে।[3] লক্ষণ আৰু চিহ্নৰ সহায়ত ৰোগ নিৰ্ণয় কৰা হয়। মাউহৰ মাজত এই ৰোগ নিবিয়পে।[1]
ধনুষ্টংকাৰ ছীটাৰে এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি। বেছি আঘাত পালে আৰু তিনিটাতকৈ কম ছীটা লোৱা অৱস্থাত অনাক্ৰম্যতা আৰু টিটেনাছ ইম্যুন'গ্ল'বুলিন দুয়োটাই প্ৰদান কৰিব লাগে। ক্ষতস্থান চাফা কৰি মৰা অংশ আঁতৰাই পেলাব লাগে। সংক্ৰমণ হ'লে টিটেনাছ ইম্যুন'গ্ল'বুলিন বা এয়া নাপালে ইন্ট্ৰাভেনাছ ইম্যুন'গ্ল'বুলিন (IVIG) ব্যৱহাৰ কৰা হয়।[1] সিৰামূৰি নিয়ন্ত্ৰণ কৰিবলৈ পেশী শিথিলক (Muscle relaxants) ব্যৱহাৰ কৰিব পাৰি। উশাহ-নিশাহত সমস্যা হ'লে কৃত্ৰিম শ্বাসৰ (Mechanical ventilation) প্ৰয়োজন হ'ব পাৰে।[3]
ধনুষ্টংকাৰ পৃথিৱীৰ সকলো ঠাইতে হয়। কিন্তু মাটিত বহু জৈৱিক পদাৰ্থ থকা গৰম আৰু সেমেকা ঠাইত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি।[1] ২০১৫ চনত বিশ্বজুৰি প্ৰায় ২,০৯,০০০ লোক সংক্ৰমিত হৈছিল আৰু প্ৰায় ৫৯,০০০ লোকৰ মৃত্যু ঘটিছিল।[4][5] ১৯৯০ চনৰ ৩,৫৬,০০০ তকৈ এই সংখ্যা কমিছে।[7] খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকামানতে হিপ'ক্ৰেটিছৰ বিৱৰণত এই ৰোগৰ উল্লেখ পোৱা যায়। ১৮৮৪ চনত এণ্টনিঅ' কাৰ্ল আৰু জৰ্জিঅ' ৰেটনে এই ৰোগৰ কাৰণ নিৰ্ধাৰণ কৰে। ১৯২৪ চনত ধনুষ্টংকাৰৰ ছীটা বিকাশ কৰা হয়।[1]