পৰম বীৰ চক্ৰ প্ৰাপক ভাৰতীয় সৈনিক From Wikipedia, the free encyclopedia
লেফটেনেণ্ট কৰ্ণেল ধন সিং থাপা মেগৰ, পি.ভি.চি (ইংৰাজী: Dhan Singh Thapa; ১০ এপ্ৰিল ১৯২৮ – ৬ ছেপ্টেম্বৰ ২০০৫) ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰেৰে সন্মানিত এগৰাকী ভাৰতীয় সেনা বিষয়া।[3] থাপা মেগৰক ১৯৪৯ চনত প্ৰথম বেটেলিয়ন, ৮ নং গোৰ্খা ৰাইফলছত নিযুক্তি দিয়া হৈছিল।
লেফটেনেণ্ট কৰ্ণেল ধন সিং থাপা পৰম বীৰ চক্ৰ | |
---|---|
নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত থকা ধন সিং থাপাৰ প্ৰতিমূৰ্তি | |
জন্ম | ১০ এপ্ৰিল, ১৯২৮ ছিমলা, পাঞ্জাৱ প্ৰভিনেন্স, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ ছিমলা, হিমাচল প্ৰদেশ, ভাৰত) |
মৃত্যু | ৬ ছেপ্টেম্বৰ, ২০০৫ (৭৭ বছৰ) পুনা, মহাৰাষ্ট্ৰ, ভাৰত |
আনুগত্য | ভাৰত |
চাকৰি/শাখা | ভাৰতীয় সেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৪৯-১৯৮০[1] |
পদমৰ্যদা | লেফটেনেণ্ট কৰ্ণেল |
চাৰ্ভিছ নাম্বাৰ | IC-7990[2] |
ইউনিট | ১/৮ গোৰ্খা ৰাইফলছ |
যুদ্ধ-বিগ্ৰহ | ভাৰত-চীন যুদ্ধ |
পুৰস্কাৰ | পৰম বীৰ চক্ৰ |
১৯২৮ চনৰ ১০ এপ্ৰিল তাৰিখে হিমাচল প্ৰদেশৰ চিমলাত ধন সিং থাপাৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল পদম সিং থাপা মেগৰ। তেওঁ ১৯৪৯ চনৰ ২৮ আগষ্টত ১ম বেটেলিয়ন, ৮নং গোৰ্খা ৰাইফলছত যোগদান কৰে।[2] ১৯৫১ চনৰ ২১ ফেব্ৰুৱাৰীত তেওঁ দ্বিতীয় লেফটেনেণ্ট হিচাপে অস্থায়ী মান্যতা লাভ কৰে আৰু ১৯৫৩ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে লেফটেনেণ্ট পদলৈ পদোন্নতি পায়।[4] ১৯৫৬ চনৰ ২৯ ছেপ্টেম্বৰত তেওঁ লেফটেনেণ্ট হিচাপে স্থায়ী মান্যতা লাভ কৰে,[4] আৰু ১৯৫৭ চনৰ ২১ ফেব্ৰুৱাৰীত কেপ্টেইন পদলৈ পদোন্নতি হয়।[5]
হিমালয় অঞ্চলৰ বিতৰ্কিত সীমাক লৈ ভাৰত আৰু চীনৰ মাজত দীৰ্ঘদিন ধৰি মতবিৰোধ হৈ আছিল। বিতৰ্কিত অঞ্চলত বৰ্ধিত চীনা অনুপ্ৰৱেশৰ প্ৰতিৰোধ কৰিবলৈ, তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে "ফৰৱাৰ্ড পলিচী" নামৰ এক পৰিকল্পনা অনুমোদিত কৰিছিল, য’ত চীনাসকলৰ সন্মুখীন হব পৰাকৈ কেইবাটাও সৰু সৰু পোষ্ট (সৈন্য বাহিনী শিৱিৰ) স্থাপনৰ বাবে আহ্বান জনোৱা হৈছিল।[6]
১৯৬২ চনৰ ১৯-২০ অক্টোবৰৰ নিশা চীনাসকলে ভাৰতীয় প্ৰতিৰক্ষাৰ পূব খণ্ডত আক্ৰমণ কৰে। একে ৰাতিয়ে তেওঁলোকে লাডাখৰ গালৱান, চিপ চেপ আৰু পাংগং অঞ্চলত থকা পোষ্টবোৰ আক্ৰমণ কৰি অতিক্ৰম কৰে। ২১ অক্টোবৰত, তেওঁলোকে চিৰিজাপ আৰু য়ুলা দখল কৰাৰ উদ্দেশ্যৰে পাংগং হ্ৰদৰ উত্তৰ দিশলৈ আগবাঢ়িছিল।[7]
"ফৰৱাৰ্ড পলিচী"ৰ অনুমোদনৰ অংশ ৰূপে[8] চিৰিজাপ ১ পোষ্টটো ১ং বেটেলিয়ন, ৮নং গোৰ্খা ৰাইফলছৰ দ্বাৰা পাংগং হ্ৰদৰ উত্তৰ পাৰত স্থাপন কৰা হৈছিল। চুছুল বিমানক্ষেত্ৰৰ প্ৰতিৰক্ষাৰ বাবে এই পষ্টটো গুৰুত্বপূৰ্ণ আছিল।[9] D মেজৰ ধন সিং থাপাৰ নেতৃত্বত প্ৰথম বেটেলিয়নৰ ডি কোম্পানীক এই পদটো তৈয়াৰ কৰাৰ দায়িত্ব দিয়া হৈছিল, আৰু ৪৮ বৰ্গ কিলোমিটাৰ (১৯ বৰ্গ মাইল) এলেকা জুৰি এই পোষ্টে প্ৰতিৰক্ষা গঢ়ি তুলিছিল। যিহেতু আন কেইবাটাও পোষ্ট স্থাপন কৰিব লগা আছিল, চিৰিজাপ ১ৰ দায়িত্বত মাত্ৰ ২৪জন সেনাহে নিযুক্ত হৈ আছিল। আনহাতে, চীনাসকলে ইয়াৰ চাৰিওফালে তিনিটা পোষ্ট স্থাপন কৰিছিল। [8]
১৯৬২ চনৰ ১৯ অক্টোবৰত, চীনা পোষ্টলৈ যথেষ্ট সংখ্যক অস্ত্ৰ-শস্ত্ৰেৰে গঠিত পদাতিক সৈন্যৰ আগমনৰ লগে লগে চিৰিজাপ ১ ৰ চাৰিওফালে চীনা বাহিনীৰ শক্তি যথেষ্ট বৃদ্ধি পায়।[8] মেজৰ থাপাই অতি শীঘ্ৰে চীনা আক্ৰমণৰ আশংকা কৰিছিল; আৰু আশংকা কৰাৰ ধৰণেৰে, ২০ অক্টোবৰৰ পুৱা চাৰি বাজি ৩০ মিনিটত আৰ্টিলাৰী আৰু মৰ্টাৰ ফায়াৰেৰে চীনাসকলৰ প্ৰথমটো আক্ৰমণ আৰম্ভ হৈছিল। এই আক্ৰমণ আঢ়ৈ ঘণ্টা ধৰি চলিছিল আৰু ই তেওঁলোকৰ পদাতিক বাহিনীৰ বাবে প্ৰতিৰক্ষা বেষ্টনী গঢ়ি তুলিছিল। এই বেষ্টনীৰ আঁৰ লৈ তেওঁলোক ভাৰতীয় পোষ্টৰ ফালে আগবাঢ়িছিল। গোলাবৰ্ষণ সমাপ্ত হোৱালৈকে, প্ৰায় ৬০০ চীনা সৈন্যই পোষ্টটোৰ পিছফালৰ ১৫০ গজ (১৪০ মিটাৰ)ৰ দূৰত্বত অৱস্থান কৰিছিল। চীনাসকলক দেখাৰ লগে লগে গোৰ্খাসকলে লাইট মেচিনগান (এল এম জি) আৰু ৰাইফলৰে গুলীবৰ্ষণ আৰম্ভ কৰে। এই গুলীবৰ্ষণৰ ফলত বৃহৎ সংখ্যক চীনা লোক নিহত হয় আৰু পোষ্টলৈ প্ৰায় ১০০ গজ দূৰত্ব থাকোঁতে আক্ৰমণটোৰ অন্ত পৰে যদিও চীনাসকলে বহুতো ভাৰতীয় সৈনিক হতাহত কৰে। লগতে এই পোষ্টৰ সৈতে অন্য পোষ্টৰ যোগাযোগ বিচ্ছিন্ন হয়। [10]
মেজৰ থাপাই তেওঁৰ ছেকেণ্ড-ইন-কমাণ্ড চুবেদাৰ মিন বাহাদুৰ গুৰুঙৰ সৈতে নিৰন্তৰ ভাৱে ইঠাইৰ পৰা সিঠাইলৈ গৈ শত্ৰুৰ মোকাবিলা কৰিছিল আৰু সৈনিকসকলৰ মনোবল বৃদ্ধি কৰিছিল। সময় পাৰ হোৱাৰ লগে লগে চীনাসকলে আৰ্টিলাৰী কভাৰৰ সহায়ত পোষ্টটোৰ পৰা ৫০ গজ (৪৬ মিটাৰ) ওচৰলৈ গৈছিল। ভাৰতীয়সকলক ধ্ৰুমায়িত কৰিবলৈ চীনাসকলে পোষ্টটোত গেছ বোমাৰে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল। গোৰ্খাসকলে হেণ্ড গ্ৰেনেড আৰু সৰু অস্ত্ৰৰ গুলীৰে আক্ৰমণ প্ৰতিৰোধ কৰিছিল।[10] এটা বাংকাৰ খহি পৰি এল এম জি পৰিচালনা কৰি থকা চুবেদাৰ গুৰুঙ প্ৰায় সমাধিস্থ হৈছিল। কিন্তু তেওঁ নিজকে ধ্বংসাৱশেষৰ পৰা উলিয়াই আনি এল এম জি আক্ৰমণ পুনৰ আৰম্ভ কৰে, নিহত নোহোৱালৈকে বীৰত্বৰে যুঁজি তেওঁ চীনাসকলৰ বিস্তৰ লোকচান সাধে। [11]
তেতিয়ালৈকে, পোষ্টটোত মাত্ৰ সাতজন মানুহ বাকী আছিল, মেজৰ থাপাই এতিয়াও কমাণ্ডটো ধৰি ৰাখিছিল। পৰৱৰ্তী চীনা ঢৌটো গধুৰ মেচিনগান আৰু ৰকেট লঞ্চাৰৰ সৈতে আহিছিল, এই মুহূৰ্তত, পোষ্টটো হ্ৰদৰ কাষৰ পৰা এম্ফিবিয়াছ ক্ৰাফ্টৰ দ্বাৰা আক্ৰমণ কৰা হৈছিল, প্ৰতিটোৱে এটা গধুৰ মেচিন গানেৰে সজ্জিত আছিল। ইয়াৰ মাজতে চিৰিজাপ ১ ৰ স্থিতি বিচাৰি বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ দ্বাৰা প্ৰেৰণ কৰা দুখন ষ্ট্ৰ্ম ব’ট সেই স্থানত উপস্থিত হৈছিল। দুয়োখন ব’ট চীনা আক্ৰমণৰ সন্মুখীন হৈছিল। এখন ব’ট ডুব গৈছিল, আৰু আনখন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। প্ৰথম ব’ট(নাও)খনৰ সকলো আৰোহীৰ মৃত্যু হৈছিল, কিন্তু নায়ক ৰবিলাল থাপাৰ সৈতে দ্বিতীয়খন ব’ট সাৰি যাবলৈ সক্ষম হৈছিল।[11]
সেই সময়লৈকে, তৃতীয় চীনা আক্ৰমণৰ পিছত, পোষ্টটোত মাত্ৰ তিনিজন লোক বাকী আছিল। মেজৰ থাপাৰ বাংকাৰত এটা বোমা পৰিছিল, কিন্তু তেওঁ জুইৰ পৰা ৰক্ষা পাবলৈ সক্ষম হৈছিল আৰু বাহিৰলৈ ওলাই আহিছিল। যদিও গোলাবাৰুদ শেষ হৈ গৈছিল, থাপাই বীৰত্বৰে যুঁজি তেওঁক যুদ্ধ বন্দী কৰাৰ আগলৈকে বহুতো অনুপ্ৰৱেশকাৰীক হত্যা কৰিছিল।[12] বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত নায়ক থাপাই জনাইছিল যে যুদ্ধ শেষ হোৱালৈ চিৰিজাপ ১ত ওনো জীৱিত নাছিল। কিন্তু তেওঁৰ অজ্ঞাতে, শেষৰ তিনিজন জীৱিত লোকক বন্দী কৰি লোৱা হৈছিল। ইয়াৰ ভিতৰত ৰাইফলমেন তুলসী ৰাম থাপাই চীনা সকলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় আৰু বেটেলিয়নত পুনৰ যোগদান কৰে। বহু পিছলৈকে কোনেও জনা নাছিল যে মেজৰ থাপাক চীনাসকলে বন্দী কৰিছিল।[11][7]
যুদ্ধবন্দী হিচাপে মেজৰ থাপাক দুৰ্ব্যৱহাৰ কৰা হৈছিল। মিলিটাৰী কনভেচনৰ বিৰুদ্ধে তেওঁক কেইবাটাও শাস্তি গ্ৰহণ কৰিবলৈ বাধ্য কৰা হৈছিল। চীনা সৈন্যহত্যাৰ বাবে আৰু ভাৰতীয় সেনা আৰু ভাৰত চৰকাৰৰ বিৰুদ্ধে বিবৃতি দিবলৈ অস্বীকাৰ কৰাৰ বাবে তেওঁক শাস্তি প্ৰদান কৰা হৈছিল। অৱশেষত ১৯৬২ চনৰ নৱেম্বৰ মাহত, যুদ্ধ সমাপ্ত হোৱাৰ পিছত তেওঁক মুক্তি দিয়া হৈছিল।[13][14]
১৯৬২ চনৰ ২০ অক্টোবৰত তেওঁৰ সাহস আৰু বীৰত্বৰ বাবে মেজৰ থাপাক পৰম বীৰ চক্ৰ প্ৰদান কৰা হয়।[7][12]
থাপাক ১৯৬৪ চনৰ ২১ ফেব্ৰুৱাৰীত মেজৰ পদলৈ[15] আৰু ১৯৭০ চনৰ ২৮ ফেব্ৰুৱাৰীত লেফটেনেণ্ট-কৰ্ণেললৈ পদোন্নতি দিয়া হয়।[16] ১৯৮০ চনৰ ৩০ এপ্ৰিলত তেওঁ সেনাবাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰে।[1] অৱসৰৰ পিছত তেওঁ লক্ষ্ণৌত ঘৰ কৰে আৰু চাহাৰা এয়াৰলাইনছৰ সঞ্চালক হিচাপে কিছু সময়ৰ বাবে সেৱা আগবঢ়ায়।[13]২০০৫ চনৰ ৬ ছেপ্টেম্বৰত থাপাৰ মৃত্যু হয়। তেওঁ তেওঁৰ পত্নী শুক্লা থাপা,[17] আৰু তিনিটা সন্তানক এৰি থৈ গৈছিল।[18][19]
১৯৮০ চনত জাহাজ মন্ত্ৰালয়ৰ তত্ত্বাৱধানত ভাৰত চৰকাৰৰ উদ্যোগত ভাৰতীয় জাহাজ নিগমে (SCI) পৰম বীৰ চক্ৰ প্ৰাপকসকলৰ সন্মানত নিজৰ পোন্ধৰখন খাৰুৱা তেল টেংকাৰৰ নামকৰণ কৰে। টেংকাৰ এম টি মেজৰ ধন সিং থাপা, পি.ভি.চি ১৯৮৪ চনৰ ২৬ অক্টোবৰত এছ চি আইলৈ প্ৰেৰণ কৰা হয়, আৰু পৰ্যায়ক্ৰমে বন্ধ হৈ যোৱাৰ পূৰ্বে এই টেংকে ২৫ বছৰ ধৰি সেৱা আগবঢ়ায়।[20][21]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.