অসমীয়া চলচ্চিত্ৰ (১৯৫৫) From Wikipedia, the free encyclopedia
নিমিলা অংক (ইংৰাজী: Nimila Anko) ১৯৫৫ চনত মুক্তি পোৱা একাদশ সংখ্যক অসমীয়া চলচ্চিত্ৰ। লক্ষ্যধৰ চৌধুৰীৰ একে নামৰ নাটক এখনক ভিত্তি কৰি এই চলচ্চিত্ৰৰ কাহিনী গঢ় লৈছিল। লক্ষ্যধৰ চৌধুৰীয়ে এই বোলছবিখনৰ চিত্ৰনাট্য লিখাৰ উপৰিও পৰিচালনা কৰিছিল। লঘু-ৰসাত্মক আৰু হাস্য-কৰুণ ৰস মিশ্ৰিত এই বোলছবিখনে প্ৰভুত জনপ্ৰিয়তা আৰ্জন কৰিবলৈ সক্ষম হৈছিল। সাধাৰণ মানুহৰ কাহিনীক ৰাইজৰ মাজলৈ আনি এই ছবিখনে অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাণৰ ধাৰা সলনি কৰি দিবলৈ সক্ষম হৈছিল। 'নিমিলা অংক'ৰ নিগেটিভ এতিয়া নাই। পশুপালন বিভাগত থকা প্ৰিণ্ট এটা গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰ কৰা হৈছিল।[1][2]
নিমিলা অংক | |
---|---|
ছবিৰ এটা দৃশ্যত কমল নাৰায়ণ চৌধুৰী, মোৱাজ্জিন আলী আৰু লক্ষ্যধৰ চৌধুৰী | |
পৰিচালক | লক্ষ্যধৰ চৌধুৰী |
ৰচনা | লক্ষ্যধৰ চৌধুৰী |
চিত্ৰনাট্য | লক্ষ্যধৰ চৌধুৰী |
কাহিনী | লক্ষীধৰ শৰ্মা |
প্ৰযোজক | নীলাচল চিত্ৰপীঠ, গুৱাহাটী |
অভিনয়ত | ফণী শৰ্মা জীৱেশ্বৰ চক্ৰৱৰ্তী ক্ষীৰদা বিষয়া অনুপমা ভট্টাচাৰ্য |
চিত্ৰগ্ৰহণকাৰী | নলীন দুৱৰা |
সম্পাদনা | ৰমেশ যোশী |
সংগীত পৰিচালক | পুৰুষোত্তম দাস |
প্ৰযোজনা কোম্পানী |
কলিকতা মুভিটোন |
মুক্তি |
১৯৫৫ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বাজেট | ৬৪,০০০ টকা |
১৯৪৮ চনত চাৰিখন অসমীয়া ছবি নিৰ্মাণ হৈছিল। তাৰ ভিতৰত ব্যৱসায়িক ভাৱে সফল হোৱা একমাত্ৰ ছবিখন আছিল বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত ছিৰাজ। ইয়াৰ বাহিৰে কেউখন ছবিয়েই সাফল্যৰ মুখ নেদেখাত অসমীয়া ছবি নিৰ্মাণত স্থিতাৱস্থা আহি পৰে। সেইসময়তে লক্ষ্যধৰ চৌধুৰীয়ে নিজৰ ৰচিত 'নিমিলা অংক' নাটকৰ ভিত্তিত চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়ে।[1]
১৯৫৪ চনত গুৱাহাটীৰ 'প্ৰাগজ্যোতিষ কলা সংঘ'ৰ পঞ্চম বাৰ্ষিক সভা উপলক্ষ্যে লক্ষ্যধৰ চৌধুৰীয়ে ৰচনা কৰে 'নিমিলা অংক' নামৰ নাট এখন। চহৰীয়া নিম্ন মধ্যবিত্ত পৰিয়াল এটাৰ কাহিনী থকা এই নাটকখন গুৱাহাটীৰ 'কুমাৰ ভাস্কৰ নাট্য মন্দিৰ'ত ১৩ আৰু ১৪ মাৰ্চ, ১৯৫৪ তাৰিখে আশাতীত কৃতকাৰ্যতাৰে মঞ্চস্থ কৰা হয়। এই নাটখনক চলচ্চিত্ৰ ৰূপ দিয়াৰ বাবে লক্ষ্যধৰ চৌধুৰীক প্ৰেৰণা যোগায় সংগীতজ্ঞ পুৰুষোত্তম দাসে। কিন্তু অসমীয়া চলচ্চিত্ৰৰ ব্যৱসায়িক বজাৰ বেয়া হোৱা বাবে প্ৰযোজক পোৱাটো কঠিন আছিল। চান্দা বৰঙনিৰে ছবিখন প্ৰযোজনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি 'নীলাচল চিত্ৰপীঠ' প্ৰতিষ্ঠা কৰা হয়। প্ৰথম খেপত প্ৰায় তিনি হাজাৰ টকা যোগাৰ হয়। তাৰ পাছত মাছখোৱাৰ বদিউৰজ্জামাল-এ দহ হাজাৰ টকা চান্দা দিয়ে। এনেকৈ মুঠ বাইছ হাজাৰ টকা সংগ্ৰহ হোৱাৰ পাছত চিত্ৰ নিৰ্মাণৰ কামৰ বাবে কলিকতালৈ যোৱা হয়। অভিনেতা-অভিনেত্ৰীয়ে কলিকতালৈ যোৱা খৰচ নিজেই বহন কৰিছিল। অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যক হে মাননি দি চুক্তিবদ্ধ কৰা হৈছিল, অন্য অভিনেতা-অভিনেত্ৰীক পাৰিশ্ৰমিক দিয়া হোৱা নাছিল। কাপোৰৰ টোপোলা উপহাৰ স্বৰূপে দিয়া হৈছিল।[1]
গুৱাহাটীৰ কাষৰ ছয়-মাইল, পঞ্জাবাৰী, ৰাজগঢ়, ফটাশিল আদি ঠাইত বৰ্হিদৃশ্যৰ চিত্ৰগ্ৰহণ কৰা হৈছিল। সৰ্বমুঠ ৬৪,০০০ টকা ব্যয় কৰি ছবিখন নিৰ্মাণ কৰা হৈছিল।[1]
অৱসৰপ্ৰাপ্ত কেৰাণী হৰকান্ত কাকতি। অৱসৰৰ পাছতো ঘৰৰ জোৰা মাৰিব নোৱাৰি তেওঁ বেচৰকাৰী প্ৰতিষ্ঠান এটাত কাম কৰে। ইফালে পৰিয়ালত ল'ৰা-ছোৱালী এপাল। তেখেতৰ পত্নী দুগৰাকী। প্ৰথমা পত্নীৰ ফালৰ একমাত্ৰ পুত্ৰ গ্ৰেজুৱাট হোৱাৰ পাছতো ৰোগাক্ৰান্ত হৈ উপাৰ্জনহীন। দ্বিতীয় পক্ষৰ প্ৰথম পুত্ৰ এজন কবি কিন্তু নিবনুৱা, দ্বিতীয়পুত্ৰ উচ্ছৃংখল বিপ্লৱী, তৃতীয় আৰু চতুৰ্থ পুত্ৰ উদণ্ড আৰু মুৰ্খ। দ্বিতীয়া পত্নী বিমলাও দেশৰ কামত মতলীয়া সাংসাৰিক দায়িত্বহীন স্বভাৱৰ। নিতৌ বিভিন্ন অভাৱ অনাটনৰ মাজত জীয়াই থকাৰ তাৰণাই হৈছে ছবিখনৰ মূল বিষয় বস্তু। কাকতিৰ প্ৰথম পুত্ৰ বোৱাৰীয়ে শিক্ষয়িত্ৰীৰ কাম কৰে, আৰু নাতিনী ৰুণু ঘৰখনৰ একমাত্ৰ জেউতি। ৰোগত পৰি সৰু ল'ৰাটো ঢুকায়। অভাৱে ফঁণা তুলি আহে। অভাৱৰ নিমিলা অংক মিলাবলৈ কাকতিয়ে কি পথ লয়? অংক মিলিল নে?[1]
ছবিখন যোৰহাট আৰু গুৱাহাটীত তিনিটা প্ৰিণ্ট কৰি মুক্তি দিয়া হৈছিল। দৰ্শকেও খুব ভালদৰেই আদৰি লৈছিল। আৰু এটা প্ৰিণ্ট গোলাঘাটত মুক্তি দিয়া হৈছিল। এইখন ছবিৰ প্ৰতি ৰাইজৰ সঁহাৰিয়ে অসমীয়া ছবিৰ ব্যৱসায়িক দিশ কিছু পৰিমাণে সবল কৰি তোলে। অতুলচন্দ্ৰ হাজৰিকাই মঞ্চলেখাত উল্লেখ কৰিছে--"...লক্ষ্যধৰ চৌধুৰীয়ে 'নিমিলা অংক' উলিয়াই অসমীয়া চিনেমাৰ অংক মিলাই দিলে। ..."[1]
(তথ্যছকত উল্লেখ নথকা)
ছবিখনত মুঠ চাৰিটা গান আছিল। তিনিটা গানৰ ৰচনা আৰু সুৰ দিছিল পুৰুষোত্তম দাসে। এটি হিন্দী গীতৰ কথা আৰু সুৰ ক্ষীৰদা কান্ত বিষয়াৰ।[3][2]
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কণ্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "লুইতৰ পাৰৰে শুৱনি, কহুঁৱা ফুলৰে ফুলনি" | পুৰুষোত্তম দাস | বীৰেন দত্ত আৰু উষা বৰদলৈ | |||||||
2. | "যাৰ জীৱনৰ জেউতি হেৰাল, তাৰ কথা নাভাবিবা" | পুৰুষোত্তম দাস | দিলীপ শৰ্মা | |||||||
3. | "সেউজীয়া গছে বনে আমাৰে গাঁওখনি" | পুৰুষোত্তম দাস | বীৰেন দত্ত | |||||||
4. | "আও মুন্না আও মুন্নী, খালে মেৰা চন পাপড়ী" | ক্ষীৰদা কান্ত বিষয়া |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.