নীৰজা ভানোট
ভাৰতীয় বিমানসেৱিকা আৰু অশোক চক্ৰ বিজয়ী / From Wikipedia, the free encyclopedia
নীৰজা ভানোট (হিন্দী: नीरजा भनोत; জন্ম: ৭ চেপ্তেম্বৰ, ১৯৬৩; মৃত্যু: ৫ চেপ্তেম্বৰ, ১৯৮৬) "পেন এম" (পেন আমেৰিকান ৱৰ্লড এয়াৰৱেইজ) বিমান প্ৰতিষ্ঠানৰ এগৰাকী বিমানসেৱিকা (Purser) আছিল। ১৯৮৬ চনৰ ৫ চেপ্তেম্বৰৰ দিনা সন্ত্ৰাসবাদীৰ দ্বাৰা অপহৃত (হাইজেক) ‘পেন এম ফ্লাইট ৭৩’ বিমানখনৰ যাত্ৰীসকলক উদ্ধাৰৰ ক্ষেত্ৰত দেখুওৱা অদম্য সাহস, বিচক্ষণতা আৰু আত্মত্যাগৰ বাবে তেওঁক মৰোনোত্তৰ ভাৱে সামৰিক ক্ষেত্ৰৰ দেশৰ সৰ্বোচ্চ সন্মান ‘অশোক চক্ৰ’ প্ৰদান কৰা হয়। সেই দুৰ্ঘটনাতে সন্ত্ৰাসবাদীৰ গুলীত নীৰজা ভানোটে মৃত্যুবৰণ কৰে। নীৰজা ভানোট ‘অশোক চক্ৰ’ বঁটা বিজয়ী প্ৰথম ভাৰতীয় মহিলা হোৱাৰ লগতে আটাইতকৈ কম বয়সত এই বঁটা বিজয়ী হোৱাৰ গৌৰৱো অৰ্জন কৰিছে।[1]
ক্ষিপ্ৰ তথ্য নীৰজা ভানোট, জন্ম ...
নীৰজা ভানোট | |
---|---|
![]() | |
জন্ম | ৭ ছেপ্টেম্বৰ, ১৯৬৩ চণ্ডীগড়, পঞ্জাব, ভাৰত |
মৃত্যু | ৫ ছেপ্টেম্বৰ, ১৯৮৬ (২২ বছৰ) কৰাছী, সিন্ধ, পাকিস্তান |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | বিমানসেৱিকা, মডেল |
জনা যায় | পেন এম ফ্লাইট ৭৩ |
পিতৃ-মাতৃ | ৰমা ভানোট হৰীশ ভানোট |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ![]() টামঘা-ই-ইনচানিয়ৎ (পাকিস্তান) Justice for Crimes Award (আমেৰিকা যুক্তৰাষ্ট্ৰ) |
বন্ধ কৰক