নেফাফু
From Wikipedia, the free encyclopedia
নেফাফু (Clerodendrum colebrookianum; East Indian Glory Bower) এবিধ লেমীয়াছী (Lamiaceae) পৰিয়ালৰ বহু বৰ্ষজীৱি ঔষধী উদ্ভিদ। নেফাফু গছৰ পাত উচ্চ ৰক্তচাপ (hypertension), মধুমেহ (diabetes), কাহ, আৰু বিভিন্ন বাতবিষ জাতীয় ৰোগৰ (rheumatism) বাবে উপকাৰী।[উদ্ধৃতিৰ প্ৰয়োজন]
ক্ষিপ্ৰ তথ্য নেফাফু, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
নেফাফু | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Lamiales |
পৰিয়াল: | Lamiaceae |
গণ: | Clerodendrum L. |
প্ৰজাতি: | C. colebrookianum |
বৈজ্ঞানিক নাম | |
Clerodendrum colebrookianum Walp. |
বন্ধ কৰক
এইবিধ উদ্ভিদ এছিয়া মহাদেশৰ ভাৰত, ম্যানমাৰ, বাংলাদেশ, মালয়েছিয়া, ইণ্ডোনেছিয়া, থাইলেণ্ড, ভূটান, নেপাল, চীন প্ৰভৃত্তি বিভিন্ন দেশত পোৱা যায়। ভাৰতৰ ভিতৰত ইয়াক পশ্চিমবঙ্গ আৰু উত্তৰপূৰ্বাঞ্চলত পোৱা যায়। নেফাফুক এবিধ বিপন্নপ্ৰায় উদ্ভিদৰূপে স্বীকৃত দিয়া হৈছে।[1][2]