![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/8a/Sayn_kayta.jpeg/640px-Sayn_kayta.jpeg&w=640&q=50)
নেৱাৰসকলৰ জাতীয় সাজ
From Wikipedia, the free encyclopedia
নেৱাৰসকলৰ জাতীয় সাজ বুলিলে নেপালৰ কাঠমাণ্ডু উপত্যকা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ খিলঞ্জীয়া নেৱাৰ লোকসকলে পৰিধান কৰা দৈনন্দিন কাপোৰক বুজায়। পুৰণি অভিজাত শ্ৰেণী, ব্যৱসায়ী, কৃষক, শিল্পী আৰু পেছাদাৰী লোকৰ সৈতে এই কাপোৰৰ সম্পৰ্ক আছে। বেছিভাগ কাপোৰেই ঘৰতে তৈয়াৰ কৰা হৈছিল। কাঠমাণ্ডু উপত্যকাৰ বয়ন শিল্প আছিল এক প্ৰধান কুটীৰ উদ্যোগ। প্ৰায়বোৰৰে ঘৰত হাতৰ তাঁতশাল আছিল আৰু আগৰ দিনত যঁতৰ আৰু নেওঠনি কইনাৰ লগত দিয়া প্ৰয়োজনীয় উপহাৰৰ ভিতৰত অন্যতম আছিল।[1] মানুহে ব্যক্তিগত ব্যৱহাৰৰ বাবে বা বিক্ৰীৰ বাবে কাপোৰ বৈছিল। বৈ সমাপ্ত কৰা কাপোৰখন ৰং কৰিবলৈ ছীপা(বৰ্তমান ৰঞ্জিত বা ৰঞ্জিতকাৰ) নামৰ এক জন-সম্প্ৰদায়ৰ ওচৰলৈ পঠিওৱা হৈছিল৷ সেই সময়ত ৰং কৰা লোকসকলক ছীপা নামে জন গৈছিল। ১৯৬০ চনলৈকে ঘৰুৱা বোৱা-কটাৰ প্ৰথা চলি আছিল। ৰাজপথত মহিলাসকলে তাঁতবাতি কৰাটো সেই সময়ৰ এটা সাধাৰণ দৃশ্য আছিল।[2][3] ১৮ শতিকাৰ আৰম্ভণিতে সাধাৰণ নেৱাৰসকলে পিন্ধা কাপোৰৰ বৰ্ণনা ইটালীৰ খৃষ্টান ধৰ্মযাজক ইপ্পোলিটো ডেচিডেৰিয়ে এৰি থৈ যোৱা ভ্ৰমণ কাহিনীত পোৱা যায়। ১৭২১ চনত তিব্বতৰ পৰা ভাৰতলৈ যোৱাৰ পথত ডেচিডেৰীয়ে কাঠমাণ্ডু ভ্ৰমণ কৰিছিল। স্থানীয় লোকসকলৰ কাপোৰৰ বৰ্ণনা কৰি তেওঁ লিখিছে যে, তেওঁলোকে আঁঠুলৈকে উল বা কপাহী জেকেট আৰু ভৰিৰ গোৰোহালৈকে দীঘল ট্ৰাউজাৰ পিন্ধে। মূৰত ৰঙা টুপী পিন্ধে আৰু ভৰিত চপ্পল পিন্ধে বুলি তেওঁ লিখিছে।[4] ১৯৭৩ চনত নেপাল চৰকাৰে নেপালৰ বিভিন্ন অঞ্চলত পৰিধান কৰা পৰম্পৰাগত সাজ-পোছাকৰ ছবি দেখুওৱা ডাকটিকটৰ এটা অংশ হিচাপে জাৰি কৰে।