From Wikipedia, the free encyclopedia
নৰক চতুৰ্দশী (ইংৰাজী: Naraka Chaturdashi), যাক কালি চৌদাস, নৰক চৌদাস, ৰূপ চৌদাস, ছোটি দীপাৱলী,[1] নৰক নিবাৰণ চতুৰ্দশী আৰু ভুত চতুৰ্দশী নামেও জনা যায়, হিন্দু পঞ্জিকা মতে(অমন্ত পৰম্পৰা অনুসৰি) আহিন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী(১৪ তম দিন)ত আৰু (পূৰ্ণিমন্ত পৰম্পৰা অনুসৰি) কাতি মাহত পৰে।[2] ই পাঁচদিনীয়া দীপাৱলী উৎসৱৰ দ্বিতীয় দিন। হিন্দু প্ৰাচীন গ্ৰন্থত কোৱা হৈছে যে এই দিনটোত অসুৰ (দানৱ) নৰকাসুৰক কৃষ্ণ আৰু সত্যভামাই বধ কৰিছিল।[3] [1]এই দিনটো ৰাতিপুৱাৰ ধৰ্মীয় আচাৰ-ব্যৱহাৰেৰে পালন কৰা হয় আৰু ইয়াৰ পিছত উৎসৱ পালন কৰা হয়।
নৰক চতুৰ্দশী | |
---|---|
সম্পূৰ্ণ নাম | নৰক চতুৰ্দশী |
অন্য নাম | ৰূপ চতুৰ্দশী কালী চতুৰ্দশী |
পালন কৰে | হিন্দু |
প্ৰকাৰ | ধৰ্মীয় |
মহত্ব | নৰকাসুৰৰ ওপৰত কৃষ্ণৰ বিজয় |
তাৰিখ | ২৯ আহিন ১৪ কাতি |
২০২৩ৰ তাৰিখ | ১২ নৱেম্বৰ |
আচাৰ | প্ৰাৰ্থনা, ধৰ্মীয় ক্ৰিয়া-কৰ্ম |
সংঘটন | বছৰেকীয়া |
এই উৎসৱক কালি চৌদাস বুলিও কোৱা হয়, কালিৰ অৰ্থ অন্ধকাৰ(চিৰন্তন) আৰু চৌদাসৰ অৰ্থ চতুৰ্দশ; যিহেতু ইয়াক চান্দ্ৰ মাহৰ কাৰ্তিক মাহ বা কৃষ্ণ পক্ষৰ ১৪ তাৰিখে পালন কৰা হয়।[2][4] ভাৰতৰ কোনো কোনো অঞ্চলত কালি চৌদাস মহাকালী বা শক্তিৰ পূজাৰ বাবে নিৰ্ধাৰিত দিন। আমাৰ জীৱনত নৰক সৃষ্টি কৰা আৰু জীৱনত পোহৰ নাশ কৰি দিয়াআন্ধাৰ বিলাই দিয়া অশুভ শক্তিক বিলুপ্ত কৰাৰ দিন কালি চৌদাস। মৃত্যুৰ দেৱতা যমকো এই দিনটোতে এটা প্ৰদীপ জ্বলাই পূজা কৰা হয়, যিয়ে নৰক(নৰক)ৰ দুখ-কষ্টৰ পৰা মানুহক ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়।[2][5]
নৰক-চতুৰ্দশীত তেল, ফুল, চন্দন আদিৰে পূজা কৰা হয়। তিল, গুড় আৰু চাউলৰ গুড়ি(পোহা)ৰ প্ৰসাদৰ সমান্তৰালভাৱে হনুমানক ঘিঁ আৰু চেনিৰে সৈতে তামোলও আগবঢ়োৱা হয়।
নৰক চতুৰ্দশীৰ আচাৰ-ব্যৱহাৰে দীপাৱলীক শস্য চপোৱাৰ উৎসৱ হিচাপে উৎপত্তি হোৱাৰ প্ৰবল ইংগিত দিয়ে। এই দিনটোত গুড়ি কৰা আৰু আধা সিজোৱা চাউল(পোহা/পোভা)ৰ পৰা সুস্বাদু খাদ্য প্ৰস্তুত কৰা হয়। এই চাউল সেই সময়ত উপলব্ধ নতুন ধানৰ পৰা লোৱা হয়। এই প্ৰথা পশ্চিম ভাৰতত বিশেষকৈ গ্ৰামাঞ্চল আৰু চহৰ দুয়ো ঠাইতে প্ৰচলিত। পূজাৰ দিনটোত মূৰ ধুই চকুত কাজল লগালে কালি নজাৰ(অশুভ দৃষ্টি) আঁতৰি থাকে বুলি বিশ্বাস কৰা হয়। কোনো কোনোৱে কয় যে, যিসকলে তন্ত্ৰৰ প্ৰতি আকৰ্ষিত তেওঁলোকে এই দিনটোত নিজৰ শিকিবলগীয়া মন্ত্ৰ শিকে। আনহাতে, মানুহে মূলতঃ য’ৰ পৰা আহিছে তাৰ স্থানীয় বুলি নৈবেদ্য আগবঢ়ায়। এই দেৱীক তেওঁলোকে দুষ্ট আত্মাক খেদি পঠোৱাৰ কাৰণে কুলা দেৱী বুলিও কয়। কিছুমান পৰিয়ালে এই দিনটোত পূৰ্বপুৰুষক উদ্দেশ্যি খাদ্যও আগবঢ়ায়। দীপাৱলীৰ দ্বিতীয় দিনটো ৰাজস্থান আৰু গুজৰাটত কালি চৌদাস নামেৰে জনা যায়।[6] এই দিনটোত হিন্দুসকল সাধাৰণতে উঠাতকৈ সোনকালে উঠে। অভ্যাংগ অৰ্থাৎ গোটেই শৰীৰ আৰু মূৰটো তিল তেল বা আয়ুৰ্বেদিক তেলেৰে মালিচ কৰাৰ পিছত উদ্বৰ্তন কৰি গা ধোৱে।[7] ইয়াৰ পিছত পৰিষ্কাৰ কাপোৰ পৰিধান কৰা হয়। আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীৰ সৈতে বিশাল ভোজ উপভোগ কৰা হয়। সন্ধিয়াটো আতচবাজীৰে উদযাপন কৰা হয়। মধ্যাহ্ন ভোজনৰ অংশ হিচাপে বিশেষ মিঠা ব্যঞ্জন পৰিবেশন কৰা হয়। সন্ধিয়া ঘৰবোৰ মিঠা তেলৰ চাকিৰে উজ্জ্বলাই তোলা হয়। গোৱাত নৰকাসুৰৰ কাগজত নিৰ্মিত প্ৰতিমূৰ্তি ঘাঁহ আৰু দুষ্টৰ প্ৰতীক ফটকাৰে ভৰাই নিৰ্মাণ কৰা হয়। এই প্ৰতিমূৰ্তিবোৰ ৰাতিপুৱাই জ্বলাই দিয়া হয়, ফটকা ফাটি যায় আৰু মানুহে ঘৰলৈ উভতি আহি সুগন্ধি তেল ব্যৱহাৰ কৰি গা ধোৱে। চাকিবোৰ শাৰী শাৰীকৈ জ্বলাই দিয়া হয়। ঘৰৰ মহিলাসকলে পুৰুষসকলক আৰতি কৰে, উপহাৰ বিনিময় কৰে আৰু নৰকাসুৰক বধ কৰাৰ চিন স্বৰূপে ভৰিৰ তলত তিতা জামু (কৰীত) চেপি ধৰে, যি অশুভ শক্তি আৰু অজ্ঞানতাক দূৰ কৰাৰ প্ৰতীক। বিভিন্ন প্ৰকাৰৰ পোহা আৰু মিঠাই তৈয়াৰ কৰি পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে খায়।[8]
ভাৰতৰ পশ্চিম বংগ ৰাজ্য আৰু বাংলাদেশত কালী পূজাৰ আগদিনাক ভূত চতুৰ্দশী হিচাপে পালন কৰা হয়। বিশ্বাস কৰা হয় যে, এই অন্ধকাৰ নিশাৰ প্ৰাকক্ষণত মৃতকৰ আত্মাই পৃথিৱীলৈ নামি আহে, নিজৰ প্ৰিয়জনক লগ কৰিবলৈ। এইটোও বিশ্বাস কৰা হয় যে, সেই নিশা এটা পৰিয়ালৰ ১৪জন পূৰ্বপুৰুষে তেওঁলোকৰ জীৱিত আত্মীয়ক লগ কৰে আৰু সেয়েহে ঘৰৰ চাৰিওফালে ১৪টা বন্তি প্ৰজ্জ্বলন কৰা হয়, যাতে তেওঁলোকক অশুভ শক্তি নাশ কৰিবলৈ ঘৰলৈ লৈ যাব পাৰে। ঘৰৰ প্ৰতিটো আন্ধাৰ চুক আৰু কোণ পোহৰেৰে আলোকিত কৰা হয়।[9]
নৰক চতুৰ্দশী দিনা কৰা অভ্যাংগ স্নান(তৈল স্নান) ব্যক্তিৰ জীৱনত এক বিশেষ তাৎপৰ্য বহন কৰে। চতুৰ্দশী তিথিত সূৰ্য্য উদয়ৰ আগতে আৰু চন্দ্ৰ আকাশত থাকোঁতে এই স্নান কৰা হয়। এই স্নান অভ্যাংগৰ পিছত অৰ্থাৎ গোটেই শৰীৰ আৰু মূৰটো তিল তেল বা আয়ুৰ্বেদীয় তেলেৰে মালিচ কৰি তাৰ পিছত উদ্বৰ্তন অৰ্থাৎ উবটান যোগ কৰা হয়। উবটানে ব্যক্তিসকলক দৰিদ্ৰতা, অভাৱনীয় পৰিঘটনা, দুৰ্ভাগ্য আদিৰ পৰা ৰক্ষা কৰাত সহায় কৰে।
তামিলনাডুত[10] দীপাৱলী পৰম্পৰাগতভাৱে নৰক চতুৰ্দশীৰ দিনা পালন কৰা হয়, আনহাতে ভাৰতৰ বাকী অংশত অমাৱস্যাৰ নিশা(আঁউসী) পালন কৰে, যিটো পিছদিনা পৰে। দক্ষিণ ভাৰতৰ কোনো কোনো ঠাইত ইয়াক দীপাৱলী ভোগী বুলিও কোৱা হয়। মানুহে আগতে উঠি তেলৰ গা ধোৱা, আৰতি, পূজা, উৎসৱ-পাৰ্বন আদিৰে উদযাপন কৰে। সাধাৰণতে দীপাৱলীত ফটকা জ্বলোৱা হয়। কিছুমান তামিল ঘৰত নোম্বু পালন কৰি এই দিনটোত লক্ষ্মী পূজা কৰা হয়। কৰ্ণাটকত দীপাৱলীৰ উৎসৱ নৰক চতুৰ্দশীৰ পৰা আৰম্ভ হয়। ৰাতিপুৱাৰ পৰম্পৰাগত তেল স্নান, আৰতিৰ পিছত ফটকা ফুটোৱা আৰু বালি পদ্যমীলৈকে চলি থাকে, যিটো দীপাৱলী উদযাপনৰ প্ৰধান দিন। সেইদিনা গৰুক সজাই-পৰাই তোলা হয় আৰু পূজা কৰা হয়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.