পশমিনা
From Wikipedia, the free encyclopedia
পশমিনা (Pashmina) হৈছে কাশ্মীৰী ঊলৰ পৰা প্ৰস্তুত কৰা একপ্ৰকাৰৰ গাত লোৱা গৰম-চাদৰ। সৰ্ব প্ৰথমে ভাৰতৰ কাশ্মীৰত এই কাপোৰ তৈয়াৰ কৰা হৈছিল।[1][2] পশমিনা শব্দটো ফৰাচী শব্দ পাচমিনাৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ ঊলৰ পৰা প্ৰস্তুত কৰা।[2] কাশ্মীৰী ভাষাত পশমিনাৰ অৰ্থ কোমল সোণ।[3] কাশ্মীৰী জাতৰ পাহাৰীয়া ছাগলীৰ পৰা এই ঊল সংগ্ৰহ কৰা হয়। এই জাতৰ ছাগলীৰ বিভিন্ন প্ৰজাতি আছে। কাশ্মীৰ অঞ্চলৰ চেংথাং মালভূমিৰ চেংথাই ছাগলী, কাৰ্গিল এলেকাৰ মাৰলা, উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশৰ চেংগু ছাগলী আৰু নেপালৰ ছায়াংগাৰা ছাগলীৰ পৰা পশমিনা ঊল সংগ্ৰহ কৰা হয়। কাশ্মীৰ আৰু নেপালত হস্তচালিত তাঁতত পশমিনা চাদৰ তৈয়াৰ কৰা হয়।[1][4]