পাইথেগাৰাছ (ইংৰাজী: Pythagoras; আনুমানিক খ্ৰীষ্টপূৰ্ব ৫৭০ – খ্ৰীষ্টপূৰ্ব ৪৯৫)[2][3] আছিল প্ৰাচীন গ্ৰীচৰ গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী আৰু দাৰ্শনিক। তেওঁৰ জন্ম আৰু মৃত্যুৰ সঠিক সময় জনা নাযায়। তেওঁৰ জন্ম হৈছিল গ্ৰীচৰ ছামোছত। পাইথেগাৰাছে প্ৰচাৰ কৰিছিল যে ক্ষমতালোভী লোক কিছুমানক পৰম্পৰাগতভাৱে শাসকৰ আসনত বহুওৱাৰ সলনি গুণী-জ্ঞানী লোককহে তেনে পদত বহুৱাব লাগে। ইয়াৰ ফলত তেওঁ শাসকসকলৰ ৰোষত পৰিল। খ্ৰীষ্টপূৰ্ব ৫৩২ত তেওঁ ছামোছ এৰি ইটালীৰ ক্ৰটন নগৰলৈ যায় আৰু তাত নীতি আৰু ধৰ্মশাস্ত্ৰ অধ্যয়নৰ এক টোল গঢ়ি তোলে।

ক্ষিপ্ৰ তথ্য সম্পূৰ্ণ নাম, জন্ম ...
পাইথেগাৰাছ
Thumb
ৰোমৰ কেপিটালিন সংগ্ৰহালয় থকা পাইথেগাৰাছৰ মূৰ্তি[1]
সম্পূৰ্ণ নাম পাইথেগাৰাছ
জন্ম আনুমানিক ৫৭০ খ্ৰীষ্টপূৰ্ব
চাম'চ
মৃত্যু আনুমানিক ৪৯৫ খ্ৰীষ্টপূৰ্ব (বয়স প্ৰায় ৭৫ বছৰ)
either Croton or Metapontum
যুগ Pre-Socratic philosophy
অঞ্চল Western philosophy
ধাৰা পাইথেগাৰাছবাদ
আগ্ৰহ Page সাঁচ:Hlist/styles.css has no content.
উল্লেখযোগ্য কৰ্ম
  • Communalism
  • Metempsychosis
  • Musica universalis

Attributed ideas:
  • Five climatic zones
  • Five regular solids
  • Proportions
  • Pythagorean theorem
  • Pythagorean tuning
  • Sphericity of the Earth
  • Vegetarianism
প্ৰভাৱিত হয়
  • Page সাঁচ:Hlist/styles.css has no content.
    • Thales
    • Anaximander
    • Pherecydes
    • Themistoclea
    • Orphism
প্ৰভাৱিত কৰে
  • Page সাঁচ:Hlist/styles.css has no content.
বন্ধ কৰক

কোনো কোনোৱে বিশ্বাস কৰে যে পাইথেগাৰাছ থেলিছৰ চিন্তা-চৰ্চাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। থেলিছৰ সমস্ত ৰচনা তেওঁৰ হাতত পৰিছিল বুলিও বিশ্বাস কৰা হয়। পাইথেগাৰাছৰ কোনো ৰচনা বা গ্ৰন্থয়েই পোৱা হোৱা নাই। তেওঁৰ মতে বাস্তৱ জগতখনৰ সকলো তথ্যয়েই আনকি সংগীতকো গণিতৰ ভাষাত বা সংখ্যাত প্ৰকাশ কৰিব পাৰি। জ্যামিতিৰ কেইবাটাও কথা যেনে বিখ্যাত ‘পাইথেগাৰাছৰ উপপাদ্য’ তেওঁ আৱিষ্কাৰ কৰা বুলি কোৱা হয়।

পঞ্চম শতিকাৰ মাজভাগত পাইথেগাৰাছৰ মতবাদৰ বিৰুদ্ধে শাসকগোষ্ঠী আৰু ৰাইজ সজাগ হৈ উঠে আৰু টোলবোৰ ধ্বংস কৰা হয়। পাইথেগাৰাছৰ ছাত্ৰ ফিল’লাউছে পাইথেগাৰাছ আৰু তেওঁৰ ছাত্ৰসকলৰ নানা উদ্ভাৱন কিতাপৰ আকাৰত লেখি উলিয়াইছিল। পাছৰ দাৰ্শনিক এৰিষ্ট'টলে এই সকলো ধাৰণাকে পাইথেগাৰাছ আৰু তেওঁৰ ছাত্ৰসকলৰ সন্মিলিত ধাৰণা বুলি অভিহিত কৰিছে। পাইথেগাৰাছ আছিল অসামান্য প্ৰতিভাৰ অধিকাৰী। তেওঁ আছিল গণিত, দৰ্শন, জ্যোতিবিজ্ঞান আদি সকলোতে পাৰ্গত। পাইথেগাৰাছৰ শিক্ষাত গণিত শাস্ত্ৰ আৰু অতীন্দ্ৰিয়বাদ ধাৰণাৰ সংমিশ্ৰণত দেখা যায়।

তেখেতে গণিতলৈ দুটা অমূল্য অৱদান আগবঢ়াইছে। প্ৰথম, জ্যামিতিৰ প্ৰমেয়ৰ যুক্তিযুক্ত প্ৰমাণ দিয়া আৰু তেওঁ আঢ়ৈহাজাৰ বছৰ পূৰ্বেই অনুভৱ কৰিছিল যে স্বাভাৱিক সংখ্যাসমূহেই যথেষ্ট নহয়। তেওঁ স্বাভাৱিক সংখ্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। যথাযথভাৱে বিন্দু সজ্জিত কৰি কেনেকৈ বৰ্গক্ষেত্ৰ আৰু ত্ৰিভুজ নিৰ্মাণ কৰিব পৰা যায়, উদঙাই দেখুৱাই তেওঁ‌ এহাতে সংখ্যাৰ লগত জ্যামিতিৰ সম্বন্ধ স্থাপন কৰিছিল আৰু তাঁৰৰ দৈৰ্ঘ্যৰ সৰল অনুপাত ক্ৰমে সুষম সংগীতধৰ্মী ধ্বনি, যেনে: তৃতীয়, অষ্টক আদি যে সৃষ্টি কৰিব পৰা যায়, সেই কথা আৱিষ্কাৰ কৰি তেখেতে পদাৰ্থবিদ্যাৰ লগত সংখ্যাৰ সম্বন্ধ স্থাপন কৰিছিল। ত্ৰিভুজ, বৰ্গক্ষেত্ৰ আৰু পঞ্চভুজৰ ওপৰত মহাজাগতিক গুৰুত্ব আৰোপ কৰি পাইথেগাৰাছৰ শিষ্যসকলে সমগ্ৰ গ্ৰীক জ্যামিতিৰ ভেটি গঢ়ি তুলিছিল।

তথ্যৰ মতভেদ

পাইথেগাৰাছৰ বিষয়ে থকা তথ্যসমূহৰ মাজত মতভেদ দেখা যায়। প্ৰায়বোৰ জীৱনীতে তেওঁক ঐশ্বৰিক আৰু পবিত্ৰ হিচাপে দেখুওৱা হৈছে। তেওঁৰ শৰীৰৰ পৰা দৈৱিক পোহৰ ওলোৱাৰ কথাও কোৱা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

জীৱন

প্ৰায়বোৰ তথ্যৰ মতে তেওঁৰ জন্ম গ্ৰীচ দেশৰ চাম'চত, ব্যবসায়ী নেচৰ্কাচৰ ঘৰত প্ৰায় ৫৭০ খ্ৰীষ্টপূৰ্বত হৈছিল।[4] তেওঁ ক্ৰেওফিলাচ, হাৰ্মদমাচ, বাইআচ, থেলেচ, এনেক্সিমেণ্ডাৰ, ফেৰেচাইদ্‌চ, থেমিষ্টীবা আদিৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ শিক্ষা অৰ্জনৰ বাবে বিভিন্ন ঠাই ভ্ৰমণ কৰাৰ কথা জানিব পৰা যায়। শিক্ষিত হৈ তেওঁ চাম'চ এৰি ক্ৰতনলৈ গ'ল। বিভিন্ন পণ্ডিতে বিভিন্ন কাৰণ দেখুৱাই। ক্ৰতনত তেওঁৰ ঢেৰ শিষ্য আছিল।

পাইথেগাৰিয়ানসমূহ

ক্ৰতনত তেওঁৰ ঢেৰ শিষ্য হ'ল। তেওঁলোকে পাইথেগাৰাছৰ নামত প্ৰতিষ্ঠান খুলিলে। তেওঁলোকে পাইথেগাৰাছৰ তত্ত্বাৱধানত গণিত, ধৰ্ম, বিজ্ঞান আদি চৰ্চা কৰিবলৈ ধৰিলে।

পাইথেগাৰিয়ান সকলৰ ধ্বংস

এবাৰ ক্ৰতন আৰু চাইবাৰিচৰ মাজত যুদ্ধ হ'ল। চাইবাৰিচক পৰাজিত কৰাৰ পিছত ক্ৰতনৰ মানুহবোৰে এখন অধিক গণতান্ত্ৰিক সংবিধানৰ দাবী কৰিলে। পাইথেগেৰাছ সন্মত নহ'ল। সুযোগ বুজি বহিষ্কৃত পাইথেগাৰিয়ান চাইলনে নেনন নামৰ এজনৰ লগত মিলি ৰাইজক উত্তেজিত কৰি প্ৰাৰ্থনা সভাৰ সময়ত তেওঁলোকক দাহ কৰিলে।[5] অনেকৰ মতে পাইথেগাৰাছৰো তাতেই মৃত্যু হ'ল।[6] কিন্তু আন কোনো কোনোৰ মতে, তেওঁ পলাই গ'ল মেতাপ'ন্তামলৈ, য'ত তেওঁ মৃত্যু নোহোৱা লৈকে উপবাস কৰিলে।[7]

পাইথেগাৰাছৰ উপপাদ্য

পাইথেগাৰাছৰ উপপাদ্য পাইথেগাৰাছে প্ৰথম প্ৰমাণ কৰিছিল। ইয়াৰ প্ৰথম প্ৰয়োগ বেবিলোনিয়া আৰু ভাৰতত হৈছিল। পাইথাগৰিয়ান থিয়ৰামৰ মতে এটি ত্ৰিভুজত যদি কোনো অটি এংগ্ল-ৰ জোখ ৯০ ডিগ্ৰী হয়, তেনেহ'লে আতাইতকৈ দীঘল চাইদৰ বৰ্গফল আন দুটি চাইদৰ বৰ্গফল যোগ কৰিলে পোৱা যাব পাৰে। অৰ্থাৎ, যদি তেনে এটি ত্ৰিভুজৰ বাহুসমূহ 'ক','খ' আৰু 'গ' হয়, আৰু 'গ' আতাইতকৈ দীঘল, তেনেহ'লে 'ক'ৰ বৰ্গফল + 'খ'ৰ বৰ্গফল = 'গ'ৰ বৰ্গফল।

তথ্যসংগ্ৰহ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.