পুৰুষোত্তম দাস টেণ্ডন
ভাৰতীয় স্বাধীনতা সংগ্ৰামী / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো ভাৰতীয় স্বাধীনতা যুঁজাৰু তথা ভাৰত ৰত্ন বঁটা বিজয়ী গৰাকীজনৰ বিষয়ে। অসমৰ সংগীতশিল্পী গৰাকীৰ বাবে পুৰুষোত্তম দাস চাওক।
পুৰুষোত্তম দাস টেণ্ডন (হিন্দী: पुरुषोत्तम दास टंडन ; ইংৰাজী: Purushottam Das Tandon, জন্ম:১৮৮২- মৃত্যু:১৯৬২) এগৰাকী ভাৰতীয় স্বাধীনতা যুঁজাৰু আছিল। ১৯৫১ চনত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল। মহাত্মা গান্ধীয়ে তেওঁক সেৱাৰ প্ৰতিমূৰ্ত্তি হিচাপে আদৰিছিল।[1] গোৰখপুৰ সাধু সমাজৰ পৰা ৰাজৰ্ষি উপাধিৰে সন্মানিত হৈছিল তেওঁ। প্ৰয়াগ বিদ্যাপীঠ তেওঁৰ জীৱনৰ অমূল্য অৱদান আছিল, এইখনেই পাছলৈ সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় মৰ্য্যদাৰ শিক্ষানুষ্ঠান হিন্দী সাহিত্য সন্মিলন বা হিন্দী বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি পাইছিল।[1]
ক্ষিপ্ৰ তথ্য পুৰুষোত্তম দাস টেণ্ডন, জন্ম ...
পুৰুষোত্তম দাস টেণ্ডন | |
---|---|
পুৰুষোত্তম দাস টেণ্ডনৰ স্মৃতিত ভাৰত চৰকাৰে প্ৰবৰ্তন কৰা ডাক টিকট | |
জন্ম | ১ আগষ্ট, ১৮৮২ প্ৰয়াগ |
মৃত্যু | ১ জুলাই, ১৯৬২ (৭৯ বছৰ) |
পেচা | উকীল, মন্ত্ৰী, বিধানসভাৰ অধ্যক্ষ, সম্পাদক, পঞ্জাব নেশ্যনেল বেংক |
ভাষা | তামিল |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰত |
শিক্ষা | স্নাতকোত্তৰ, স্নাতক আইন |
উল্লেখযোগ্য বঁটা | ভাৰত ৰত্ন (১৯৬১) ৰাজৰ্ষি উপাধি সেৱাৰ প্ৰতিমূৰ্ত্তি সন্মান ডক্টৰেট উপাধি |
বন্ধ কৰক