পূবেৰুণ (চলচ্চিত্ৰ)
অসমীয়া চলচ্চিত্ৰ (১৯৫৯) / From Wikipedia, the free encyclopedia
পূবেৰুণ (ইংৰাজী: Puberun) ১৯৫৯ চনত মুক্তি লাভ কৰা আৰু বাংলা ছবিৰ পৰিচালক প্ৰভাত মুখাৰ্জীৰ দ্বাৰা পৰিচালিত এখন অসমীয়া কথাছবি। ১৯৫৯ত ছবিখনে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে।[1] পূবেৰুণ ১৯৬০ চনৰ জুলাই মাহত অনুষ্ঠিত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল।[2]
ক্ষিপ্ৰ তথ্য পূবেৰুণ, পৰিচালক ...
পূবেৰুণ | |
---|---|
পূবেৰুণ ছবিৰ পোষ্টাৰ | |
পৰিচালক | প্ৰভাত মুখাৰ্জী |
চিত্ৰনাট্য | প্ৰভাত মুখাৰ্জী |
কাহিনী | ডা: খগেন ৰায় |
প্ৰযোজক | পাজী দাস আৰু ডা: খগেন ৰায় |
অভিনয়ত | জ্ঞানদা কাকতি বীণা বৰুৱা মাৰ্গাৰেট এণ্ডাৰছন ৰেবেকা আচাও তচদ্দুক ইউচুফ ৰাধাগোবিন্দ বৰুৱা |
চিত্ৰগ্ৰহণকাৰী | অজয় মিত্ৰ |
সম্পাদনা | হৰিদাস মহলানবিচ |
সংগীত পৰিচালক | তাৰিকুদ্দিন আহমেদ |
প্ৰযোজনা কোম্পানীসমূহ |
নিউ থিয়েটাৰ্চ ষ্টুডিঅ', কলিকতা |
পৰিবেশক | আচকৰণ জালান, যোৰহাট |
মুক্তি |
১৯৫৯ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বন্ধ কৰক