প্ৰাচীন গ্ৰীচ
From Wikipedia, the free encyclopedia
প্ৰাচীন গ্ৰীচ (ইংৰাজী: Ancient Greece) হৈছে খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ-৭ম শতিকাৰ পৰা খ্ৰীষ্টিয় ৬০০ চনলৈকে গ্ৰীচত বিৰাজমান এক সভ্যতা। এই কালছোৱাৰ পিছতেই প্ৰাৰম্ভিক মধ্য যুগ আৰু বিজেণ্টাইন শাসনকালৰ সূচনা হয়।[1] প্ৰাচীন গ্ৰীচ বুলিলে ধ্ৰুপদী গ্ৰীচকো (খ্ৰী:পূ: ৫ম ৰ পৰা ৪ৰ্থ শতিকা) অন্তৰ্ভুক্ত কৰা হয়। পৌৰাণিক এথেনিয়ানসকলে পাৰ্চীসকলৰ এক আক্ৰমণ প্ৰতিহত কৰাৰ সময়ৰ পৰাই ধ্ৰুপদী গ্ৰীচৰ যুগ আৰম্ভ হয়। মেচিড’নিয়াৰ মহাবীৰ আলেকজেণ্ডাৰৰ দিগ্বিজয়ৰ ফলস্বৰূপে মধ্য এচিয়াৰ পৰা মেডিটেৰেনিয়ান সাগৰৰ পশ্চিম প্ৰান্তলৈকে হেলেনিষ্টিক সভ্যতা প্ৰস্ফুটিত হয়।
ধ্ৰুপদী গ্ৰীক সংস্কৃতি, বিশেষকৈ দৰ্শনে ৰোমান সাম্ৰাজ্যৰ ওপৰত বহুল পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু ৰোমানসকলে মেডিটেৰেনিয়ান অৱবাহিকা আৰু ইউৰোপৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰ চিন বহন কৰি নিছিল। সেয়ে ধ্ৰুপদী গ্ৰীচক পশ্চিমীয়া সংস্কৃতিৰ ভেঁটি গঢ়োতা বুলি গণ্য কৰা হয়।[2][3][4][5][6][7][8][9][10][11][12][13][14][15][16][17]