ভাৰতীয় অভিনেত্ৰী From Wikipedia, the free encyclopedia
পৰিনীতি চোপ্ৰা (ইংৰাজী: Parineeti Chopra; জন্ম: ২২ অক্টোবৰ ১৯৮৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা। পৰিনীতিয়ে সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে। তেখেতে এতিয়ালৈকে এটা ফিল্মফেয়াৰ বঁটা, এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ছবিজগতৰৰ কেৰিয়াৰ আৰম্ভ কৰাৰ পূৰ্বতে পৰিনীতিয়ে ইনভেষ্টমেণ্ট বেংকাৰ হোৱাৰ স্বপ্ন দেখিছিল। এলায়েন্স মানচেষ্টাৰ বিজিনেছ স্কুলৰ পৰা পৰিনীতিয়ে ব্যৱসায়, বিত্ত আৰু অৰ্থনীতি শীৰ্ষক তিনিটাকৈ বিষয়ত ত্ৰিস্নাতক ডিগ্ৰী লাভ কৰে। ২০০৯ চনৰ মহা মন্দাৱস্থাৰ সময়ত পৰিনীতি ভাৰতলৈ উভতি আহে[1] আৰু য়শ ৰাজ ফিল্মছত এগৰাকী জন-সম্পৰ্কৰক্ষী উপদেষ্টা হিচাপে কৰ্মৰত হয়। ২০১৩ চনৰ পৰা পৰিনীতি ফৰ্বছ-ইণ্ডিয়াৰ 'এশগৰাকী চেলিব্ৰিটি'ৰ তালিকাভূক্ত হৈ আহিছে।
পৰিনীতি চোপ্ৰা | |
---|---|
পৰিনীতি চোপ্ৰা | |
জন্ম | ২২ অক্টোবৰ, ১৯৮৮ (৩৫ বছৰ) আম্বালা, হাৰিয়ানা, ভাৰত |
শিক্ষানুষ্ঠান | মানচেষ্টাৰ ইউনিভাৰ্ছিটি |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ২০১১–বৰ্তমান |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ফিল্মফেয়াৰ, আইফা |
২০১১ চনৰ ৰোমাণ্টিক কমেডি ছবি 'লেডিভ ভাৰ্চেছ ৰিকি বেহল' আছিল পৰিনীতি চোপ্ৰাৰ অভিনয়-অভিষেক। এইখন ছবিৰ জৰিয়তে তেখেতে ফিল্মফেয়াৰ বঁটাত শ্ৰেষ্ঠ নৱাগতাৰ সন্মান লাভ কৰে। ২০১২ চনত মুক্তি লাভ কৰা 'ইশকজাদে' পৰিনীতিৰ কেৰিয়াৰৰ এখন অন্যতম সফল ছবি। ২০১৩ চনৰ ছবি 'শুদ্ধ দেশী ৰোমাঞ্চ', ২০১৪ চনৰ 'হশি ট' ফশী'য়েও বক্স অফিচত সফলতা লাভ কৰে। ইশকজাদেত কৰা দৰ্শনীয় অভিনয়ে পৰিনীতিলৈ প্ৰথমটো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ সন্মান কঢ়িয়াই আনে। তেখেতক 'বিশেষ উল্লেখ' শাখাত বঁটা দিয়া হয়। তিনিটা বছৰৰ বিৰতিৰ পাছত পৰিনীতিয়ে ২০১৭ চনত 'গোলমা এগেইন'ত শীৰ্ষ চৰিত্ৰ ৰূপায়ণ কৰে। ২০১৯ চনত মুক্তি হয় 'কেশৰী'।
অভিনয়ৰ উপৰি পৰিনীতিয়ে বহুকেইটা বিজ্ঞাপন আৰু ব্ৰেণ্ডত ভূমুকি মাৰিছে। তেখেত এগৰাকী সমাজকৰ্মীও। 'মানা কে হাম য়াৰ নহী' হৈছে পৰিনীতিৰ এটা বহুল-সমাদৃত গীত।
১৯৮৮ চনৰ হাৰিয়ানাৰ আম্বালাত পৰিনীতিৰ জন্ম হয়। তেখেতৰ পৰিয়ালটো আছিল পঞ্জাবী হিন্দু সম্প্ৰদায়ৰ।[2][1][3] তেখেতৰ পিতৃ হৈছে পৱন চোপ্ৰা। পৱন চোপ্ৰা এগৰাকী ব্যৱসায়ী। আনহাতে মাতৃৰ নাম হৈছে ৰীনা চোপ্ৰা। পৰিনীতিৰ ভ্ৰাতৃ দুজন হৈছে শিৱাংগ আৰু সাহাজ। অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা, মীৰা চোপ্ৰা আৰু মানাৰা চোপ্ৰা হৈছে পৰিনীতিৰ সম্পৰ্কীয়।[3][4][5][6] আম্বালৰ 'কনভেণ্ট অৱ জেছুছ এণ্ড মেৰী'ত চোপ্ৰাই পঢ়া-শুনা কৰে।[7]
সোতৰ বছৰ বয়সত পৰিনীতি ইংলেণ্ডলৈ যায় আৰু মানচেষ্টাৰ বিজিনেছ স্কুলৰ পৰা ত্ৰিস্নাতক অৰ্জন কৰে।[1][8] শিক্ষাগ্ৰহণৰ সময়ছোৱাত পৰিনীতিয়ে মানচেষ্টাৰ ইউনাইটেড ফুটবল ক্লাৱত কেটাৰিং বিভাগৰ মুৰব্বী হিচাপে কাম কৰিছিল।[9] পৰিনীতিয়ে হিন্দুস্তানী শাস্ত্ৰীয় সংগীততো স্নাতক অৰ্জন কৰিছে।[10]
২০০৯ চনৰ মহা-মন্দাৱস্থাৰ সময়ত পৰিনীতি ভাৰতলৈ ঘূৰি আহে আৰু প্ৰিয়ংকাৰ লগত থাকিবলৈ লয়। য়শ ৰাজ ফিল্মছত তেতিয়া প্ৰিয়ংকা চোপ্ৰা অভিনীত 'প্যাৰ ইমপছিবল' নামৰ ছবিখনৰ দৃশ্যগ্ৰহণ হৈ আছিল। প্ৰিয়ংকাই জনসম্পৰ্কৰক্ষী বিভাগৰ লগত পৰিনীতৰ পৰিচয় কৰাই দিয়ে। প্ৰতিষ্ঠানটোৰ বিপনন বিভাগত পৰিনীতিয়ে ইণ্টাৰ্ণশ্বিপ আৰম্ভ কৰে আৰু এগৰাকী জনসম্পৰ্কৰক্ষী উপদেষ্টা হিচাপে কৰ্মৰত হয়।[1][8][11] চাকৰিটোক লৈ পৰিনীতি সন্তুষ্ট হৈছিল। কিয়নো শিক্ষাগ্ৰহণৰ কালছোৱাত অৰ্জন কৰি অহা জ্ঞান যথাযথভাৱে প্ৰয়োগ কৰিবলৈ তেখেতে সুযোগ লাভ কৰিছিল। পৰিনীতিয়ে প্ৰথমাৱস্থাত অভিনয় আৰু অভিনয়-শিল্পীসকলক অপছন্দ কৰিছিল। বৃত্তিটোক অধিক মুখসজ্জা ব্যৱহাৰ কৰাৰ এটা অজুহাত যেন অনুভৱ হৈছিল। পিছে 'সাত খুন মাফ' নামৰ ছবিখনত প্ৰিয়ংকা চোপ্ৰাৰ প্ৰস্তুতি দেখি পৰিনীতিৰ ধাৰণা সলনি হয়। সমগ্ৰ ঘটনাটোৱে তেখেতক গভীৰভাৱে প্ৰভাৱিত কৰিলে আৰু অভিনয় তথা শিল্পীসকলৰ প্ৰতি থকা চিন্তাধাৰাৰো পৰিৱৰ্তন হ'ল।[12]ছবি নিৰ্মাণৰ বিষয়ে পৰিনীতি অৱগত হোৱাৰ পাছত বৃত্তিটোৰ প্ৰতি তেখেতৰ শ্ৰদ্ধা বাঢ়ি গ'ল।[13][14]
অনুষ্কা শৰ্মা আৰু ৰনবীৰ সিং অভিনীত ৰোমাণ্টিক কমেডি ছবি 'বেণ্ড বাজা বাৰাত'ৰ প্ৰচাৰকাৰ্য চলি থকাৰ সময়ত পৰিনীতিয়ে অভিনেত্ৰী হোৱাৰ আকাংক্ষাটো উপলব্ধি কৰে আৰু বৰ্তমানে কৰ্মৰত হৈ থকা পদটোৰ পৰা ইস্তফা দিয়াৰ সিদ্ধান্ত লয়। ইয়াৰ পিছত তেখেতৰ অভিনয় বিদ্যালয়ত নামভৰ্তি কৰাৰ মনত। এই কথাটো পৰিচালক মনীশ শৰ্মাই জানিব পাৰিলে আৰু য়শ ৰাজ ফিল্মছছৰ অধ্যক্ষ আদিত্য চোপ্ৰাৰ দ্বাৰা পৰিনীতিক চুক্তিবদ্ধ কৰোৱাৰ প্ৰস্তাৱ আগবঢ়ালে। কিন্তু বিপনন বিভাগৰ এগৰাকী যুৱতীক অভিনেত্ৰী হিচাপে প্ৰক্ষেপিত কৰিব বিচৰাৰ ধাৰণাটো য়শ ৰাজৰ উপ-সঞ্চালকে পছন্দ নকৰিলে আৰু প্ৰস্তাৱটো নাকচ কৰিলে।[14] যেতিয়া পৰিনীতিয়ে শৰ্মাক চাকৰিৰ ত্যাগ কৰাৰ কথা ক'লে, তেতিয়া মনিশ শৰ্মাই কোম্পানীৰ কাষ্টিং পৰিচালকক লগ ধৰাৰ পৰামৰ্শ দিলে।[8] কাষ্টিং পৰিচালকে পৰিনীতিক এটা অডিশ্যন দিবলৈ ক'লে ("dummy audition for fun")। পৰিনীতিয়ে 'জব উই মেট'ৰ গীত চৰিত্ৰটোৰ দুটামান সংলাপ অভিনয়ৰ জৰিয়তে কেমেৰাৰ সমুখত প্ৰদৰ্শন কৰিলে। মনিশ শৰ্মাৰ লগতে প্ৰযোজকেও উক্ত অভিনয় চাই প্ৰশংসামুখৰ হ'ল, আৰু[15] চোপ্ৰাক তিনিখন ছবিৰ বাবে চুক্তিবদ্ধ কৰোৱালে।[16]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.