অসমীয়া, বাংলা চনৰ একাদশ মাহ From Wikipedia, the free encyclopedia
ফাগুন অসমীয়া বৰ্ষপঞ্জীৰ একাদশ মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[1] ফাগুনত ৩০ দিন থাকে।[2] ১ ফাগুন হ'ল এই মাহৰ প্ৰথম দিন।
অনুৰাগ
অসমীয়া পঞ্জিকাত ফাগুন মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাত ফেব্ৰুৱাৰী আৰু মাৰ্চ হয়। ফাগুন ১৪ বা ১৫ ফেব্ৰুৱাৰীত আৰম্ভ হয় আৰু মাৰ্চৰ মধ্যলৈকে থাকে।[3] ব'হাগ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত মাঘা মাহ চলি থাকে[4] ভাৰতীয় অন্যান্য প্ৰান্তত ফাগুন মাহক দ্বাদশ মাহ বুলি ধৰা হয়। আনহাতে গুজৰাটত কাতি মাহক বছৰৰ প্ৰথম মাহ বুলি ধৰা হয় বাবে ফাগুন পঞ্চম মাহ। মাগুন মাহৰ উৎসৱ সমূহৰ ভিতৰত মহা শিৱৰাত্ৰি আৰু ফাকুৱা উল্লেখযোগ্য। ফাকুৱা সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয়। বৈষ্ণৱ কেলেণ্ডাৰৰ মতে ফাগুন মাহটো গোবিন্দৰ দ্বাৰা পৰিচালিত হয়। ভাৰতৰ কোনো কোনো প্ৰান্তৰ লোকে এই মাহত গৌড় পূৰ্ণিমা উদযাপন কৰে। গোৱাৰ লোক সকলে এই মাহত শিগমো উৎসৱ পালন কৰে।
(ইংৰাজী ২০২০ বৰ্ষৰ মতে)
ফাগুন মাহৰ সময়ত বতৰৰ উষ্ণতা ভাৰসাম্য অৱস্থাত থাকে। এই সময়ত বৰষুণ প্ৰায় নোহোৱাৰ বাবে বতৰ শুকান আৰু ধূলিময় হয়। এই সময়ত অসমৰ হাবিত মদাৰ, শিমলু আৰু পলাশ ফুল ফুলা দেখা যায় আৰু হেটুলুকা চৰাইৰ মাত সঘনাই শুনিবলৈ পোৱা যায়। এই সময়ত নদ-নদী, পুখুৰী ইত্যাদিৰ পানী শুকাবলৈ আৰম্ভ কৰে। এই সময়ত দ-মাটিৰ বাবে বাওঁ ধান সিঁচা হয়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.