ফিফা বিশ্বকাপৰ আয়োজক দেশসমূহ
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি / From Wikipedia, the free encyclopedia
আগৰ বিশ্বকাপ বিলাক স্থান নিৰ্বাচনৰ কামতো ফিফা কংগ্ৰেছৰ সভা বিলাকতে সম্পন্ন কৰা হৈছিল। কিন্তু স্থান বিলাকক লৈ বহুত বিতৰ্ক হোৱা দেখা গৈছিল, কাৰণ ফুটবলৰ কেন্দ্ৰ হিচাপে চিহ্নিত ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ দেশবোৰৰ মাজত যাতায়তৰ নাৱেৰে বাবে ৩ সপ্তাহ মান সময়ৰ প্ৰয়োজন হৈছিল। উদাহৰণ স্বৰূপে প্ৰথম বিশ্বকাপ উৰুগুৱেত অনুষ্ঠিত কৰা বাবে মাত্ৰ চাৰিখন ইউৰোপীয় দেশেহে তাত অংশ লৈছিলগৈ।[1] তাৰ পৰৱৰ্তী দুয়োখন বিশ্বকাপ ইউৰোপত অনুষ্ঠিত কৰা হৈছিল। তৃতীয় বিশ্বকাপ ফ্ৰান্সত অনুষ্ঠিত কৰা বাবে দক্ষিণ আমেৰিকাৰ বহুতো দেশে অসন্তুষ্টি প্ৰকাশ কৰিছিল কাৰণ তেওঁলোকে অনুমান কৰি লৈছিল যে তেওঁলোক আৰু ইউৰোপৰ মাজত সলনা সলনিকৈ বিশ্বকাপ আয়োজন স্থান নিৰ্বাচন কৰা হব। আৰ্জেণ্টিনা আৰু উৰুগুৱে দুয়োখন দেশেই ১৯৩৮ চনৰ বিশ্বকাপ বৰ্জন কৰিছিল।[2]
দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা এই বিতৰ্ক আৰু বৰ্জন বিলাক পৰিহাৰ কৰি চলিবলৈ ফিফাই ইউৰোপ আৰু আমেৰিকা মহাদেশ দুখন ৰ মাজত সলনা সলনিকৈ বিশ্বকাপ আয়োজন কৰাৰ সিদ্ধান্ত লয়, আৰু ২০০২ চনলৈকে এই ব্যৱস্থা বলবৎ থাকে। আজিকালি আয়োজক দেশ নিৰ্বাচনৰ কামটো ফিফাৰ কাৰ্যকৰী সমিতিত “ সম্পূৰ্ণ বেলট” (exhaustive ballot) ব্যৱস্থাৰ ভোট দানেৰে নিৰ্ণয় কৰা হয়। চূড়ান্ত সিদ্ধান্ত মূল প্ৰতিযোগিতাৰ প্ৰায় সাতবছৰ মান আগতহে লোৱা হয়, যদিও ২০২২ আৰু ২০১৮ চনৰ বাবে একেলগে আয়োজক দেশ নিৰ্বাচিত কৰা হ’ল।
কেৱল মেক্সিক’ ইটালী, ফ্ৰান্স আৰু জাৰ্মানীয়েহে দুবাৰকৈ বিশ্বকাপ অনুষ্ঠিত কৰাৰ গৌৰৱ প্ৰাপ্ত কৰিছে। আৰু ২০১৪ চনত ব্ৰাজিল এই গৌৰৱৰ অংশীদাৰ হব। মেক্সিক’ চিটিৰ এজটেক ষ্টেডিয়াম (Aztec Stadium) একমাত্ৰ স্থান য’ত দুখনকৈ ফিফা বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হৈছে। ৰিঅ’ ডি’ জেনিৰ’ৰ মাৰাকানা ষ্টেডিয়াম (Maracanã Stadium) ২০১৪ চনত এই অভিলেখৰ অধিকাৰী হব, ইয়াত ইতিমধ্যে ১৯৫০ চনৰ বিশ্বকাপ ফাইনেল খেল হৈ গৈছে(যদিও এক অন্যধৰণৰ বিন্যাস ব্যৱহাৰ কৰা বাবে ১৯৫০ চনত ফাইনেল বুলি এখন খেল হোৱা নাছিল)